Logo
image

ভিতৰত ঢকুৱাৰ বেৰ...

ক’ভিডৰ বাবে বিশ্বজুৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মানুহৰ প্ৰাত্যহিক জীৱনযাত্ৰা ব্যাহত হৈছে৷ এই মহামাৰীৰ কৰাল গ্ৰাসৰ পৰা ভাৰতবৰ্ষ বা অসমো মুক্ত নহয়৷ ক’ভিডৰ প্ৰথম লহৰৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই বিশেষ সফলতা অৰ্জন কৰিছিল৷ সেইবাবেই চৰকাৰেও হয়তো ভাবি লৈছিল যে ক’ভিডৰ দ্বিতীয় লহৰে ভাৰতত বিশেষ জটিলতাৰ সৃষ্টি কৰিব নোৱাৰে৷ কিন্তু সেই চিন্তা যে বিজ্ঞানসন্মত নাছিল তাৰ প্ৰমাণ পাবলৈ বেছি দিন ৰ’বলগীয়া নহ’ল৷ প্ৰথম লহৰত ক’ভিডক কাৰ্যতঃ পৰাজিত কৰা ভাৰতত ক’ভিডৰ দ্বিতীয় লহৰে এনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে যে মানুহে ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হ’ল৷ এই ঘটনাই কেইবাটাও দিশ অধিক স্পষ্ট কৰি তুলিলে৷ প্ৰকৃতিৰ সৈতে মানুহৰ যুদ্ধত যে সাধাৰণতে মানুহ অসহায় হৈ পৰে সেই অমোঘ সত্য পুনৰ প্ৰতীয়মান হ’ল৷ ইফালে, বিপদৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যে দীঘলীয়া পৰিকল্পনা, প্ৰত্যুৎপন্নমতিতা আৰু দূৰদৰ্শিতাৰ প্ৰয়োজন, সেই কথাও সন্দেহাতীতভাৱে প্ৰমাণ হ’ল৷ আনহাতে, চৰকাৰে বিভিন্ন ক্ষেত্ৰত দাবী কৰি অহাৰ দৰে যে ভাৰতবৰ্ষৰ উন্নয়ন হোৱা নাই সেই কথাও প্ৰমাণ হ’ল৷ ভাৰতে স্বাস্থ্য খণ্ডত পৃথিৱীৰ ভিতৰতে উল্লেখযোগ্য উন্নয়ন সাধন কৰা বুলি নতুন দিল্লীয়ে সততে কৰি অহা দাবীৰ অন্তঃসাৰশূন্যতাও প্ৰতিপন্ন হ’ল৷ কিয়নো আইচিইউৰ অভাৱত, অক্সিজেনৰ অভাৱত, প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত দেশত বহু লোকৰ মৃত্যু হ’ল৷ কৰ’নাকালীন পৰিস্থিতিত ভাৰতবৰ্ষৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ দুৰ্বলতা স্পষ্ট হৈ পৰিল৷ ক’ভিডৰ ভেক্‌চিন উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতবৰ্ষই পৃথিৱীক বাট দেখুৱালে যদিও অদূৰদৰ্শী পৰিকল্পনাৰ বাবে ভেক্‌চিনৰ ক্ষেত্ৰতো নিকাৰ ভুঞ্জিলে ভাৰতে৷ পৃথিৱীৰ অন্যতম জনবহুল দেশ ভাৰতবৰ্ষত এতিয়াও কোটি কোটি লোকে ভেক্‌চিন ল’ব পৰা নাই৷ কোনোবাই ভেক্‌চিনৰ প্ৰথম পালি লৈছে যদিও দ্বিতীয় পালিৰ বাবে নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছতো হাহাকাৰ কৰিবলগীয়া হৈছে৷ অভিযোগ মতে, ভেক্‌চিনৰ নাটনিৰ ছবিখন ঢাকি পেলাবৰ বাবেই ভেক্‌চিনৰ দুটা পালিৰ মাজৰ ব্যৱধানো বৃদ্ধি কৰা হৈছে, য’ত বিজ্ঞানীসকলৰ অনুমোদন নাই৷ কেৱল স্বাস্থ্য খণ্ডতেই নহয়, আন কেইবাটাও খণ্ডত ভাৰতবৰ্ষৰ পুতৌলগা অৱস্থা ক’ভিডকালীন পৰিস্থিতিয়ে উদঙাই দিলে৷ ভাৰতৰ মানুহৰ বাবে ভেক্‌চিন মজুত কৰাৰ সলনি আন আন দেশসমূহৰ মাজত নিজৰ ইমেজ বৃদ্ধি কৰিবৰ বাবেই বেলেগ ৰাষ্ট˜লৈ ভেক্‌চিন প্ৰেৰণ কৰি ভাৰতে বাহ্‌ বাহ্‌ ল’ব খোজা ঘটনাই কাৰ্যতঃ নতুন দিল্লীক আন্তৰ্জাতিক সম্প্ৰদায়ৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ কৰি তুলিলে৷

এইক্ষেত্ৰত অসম চৰকাৰৰ কথাও উল্লেখ কৰিব লাগিব৷ ইমান দিনে স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন, সাৰ্বিক ৰূপান্তৰ হোৱা বুলি চৰকাৰে কৰি অহা দাবীৰ ফোঁপোলা স্বৰূপ ক’ভিডকালীন পৰিস্থিতিয়ে উদঙাই দিলে৷ অনুৰূপ দুখ লগা ঘটনা সংঘটিত হৈছে শিক্ষা খণ্ডত৷ হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ কোমল বয়সীয়া পৰীক্ষাৰ্থীসকলক পৰীক্ষাৰ নামত দীৰ্ঘদিনে মানসিকভাৱে হাৰাশাস্তি কৰা হ’ল৷ চৰকাৰৰ স্ববিৰোধী কাম-কাজ, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ বিপৰীত স্থিতি, ‘ছেবা’ আৰু শিক্ষা সংসদক চৰকাৰে নেপথ্যৰ পৰা নিয়ন্ত্ৰণ কৰিব খোজা মাৰাত্মক প্ৰৱণতাই সকলোকে স্তম্ভিত কৰিলে৷ কেৱল সেয়ে নহয়, এই সমগ্ৰ বিষয়টোৰ জৰিয়তে এই কথা স্পষ্ট হৈ পৰিল যে স্বাস্থ্য খণ্ডৰ দৰে শিক্ষা খণ্ডতো চৰকাৰে দাবী কৰি অহাৰ দৰে বৈপ্লৱিক ৰূপান্তৰ হ’বলৈ এতিয়াও বহুখিনি বাকী৷ বাহিৰৰ চুৰিয়াৰ ফেৰে ভিতৰৰ ঢকুৱাৰ বেৰ ঢাকিব নোৱাৰে৷