Logo
image

ক্ষুদ্ৰ উদ্যোগৰ দিন

আজি ২৭ জুন; আন্তঃৰাষ্ট্ৰীয় সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস৷ ২০১৭ চনৰ পৰাই ৰাষ্ট্ৰসংঘই সাধাৰণ পৰিষদত লোৱা এক সিদ্ধান্তমৰ্মে প্ৰতিবছৰে ২৭ জুনৰ দিনটো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ হকে world MSME's Day হিচাপে পালন কৰি আহিছে৷ ২০৩০ চনৰ ভিতৰত পূৰণ কৰিব পৰাকৈ ৰাষ্ট্ৰসংঘই ২০১৫ চনত সৰ্বমুঠ ১৭টা লক্ষ্য নিৰ্ধাৰণ কৰিছিল৷ এইবোৰত প্ৰত্যক্ষভাৱে ক্ষুদ্ৰ-মজলীয়া প্ৰতিষ্ঠান খণ্ডৰ কথা অন্তৰ্ভুক্ত কৰা হোৱা নাছিল৷ কিন্তু, কোৱা হৈছে যে সৰহভাগ লক্ষ্যত নিৰ্ধাৰিত সময়ৰ ভিতৰত উপনীত হ’ব পৰাকৈ ক্ষুদ্ৰ উদ্যোগ খণ্ডই সদস্য ৰাষ্ট্ৰসমূহক অৰিহণা যোগাব পাৰে৷ দৰিদ্ৰতা দূৰীকৰণ, ভোক নিবাৰণ, গুণগত শিক্ষা, লিংগ সমতা, মৰ্যাদাপূৰ্ণ কাম আৰু বিকাশ, উদ্যোগ-উদ্ভাৱন-আধাৰশিলা, অসমতা দূৰীকৰণ, দায়িত্বশীল উৎপাদন আৰু উপভোগ, লক্ষ্য আহৰণাৰ্থে একত্ৰীকৰণ– সৰ্বমুঠ ৯টা লক্ষ্যত সফলতাৰে উত্তীৰ্ণ হ’বলৈ এই মাইক্ৰ’, স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজবোৰৰ প্ৰতি ৰাষ্ট্ৰসমূহে যথোচিত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছে৷ যি নহওক কিয়, পৰিৱৰ্তিত পৰিস্থিতি অথবা ঘটনা-বিন্যাসৰ প্ৰেক্ষাপটত ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ অৰিহণাৰ ব্যাখ্যা ভিন্নধৰণে কৰা হৈছে যদিও এই কথা সৰ্বজনবিদিত যে ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ বাবে ক্ষুদ্ৰ উদ্যোগবোৰক সৌ তাহানিৰ পৰাই বিকাশৰ ইঞ্জিন হিচাপে স্বীকৃতি দিয়া হৈছে৷ মহাত্মা গান্ধীকে ধৰি ভাৰতৰ অৰ্থনীতিৰ কাৰিকৰসকলে আজিকোপতি ক্ষুদ্ৰ-মজলীয়া উদ্যোগ-প্ৰতিষ্ঠানসমূহৰ প্ৰয়োজনীয়তাক যথাবিহিত মৰ্যাদা দি আহিছে৷ স্বাধীন ভাৰতৰ প্ৰথম ঔদ্যোগিক নীতিৰ পৰা আৰম্ভ কৰি শেহতীয়া উদ্যোগ নীতিতো এই উদ্যোগসমূহৰ সংৰক্ষণ, সংবৰ্ধনৰ বাবে ভিন্ন ব্যৱস্থাৰ কথা অন্তৰ্ভুক্ত কৰা হৈছে৷ সম্প্ৰতি, ভাৰতত প্ৰায় ৬.৩ কোটি উদ্যোগ-প্ৰতিষ্ঠানক এই খণ্ডত পঞ্জীয়ন কৰা হৈছে৷ প্ৰায় ১২০ নিযুত লোকে কৰ্মসংস্থাপন পাইছে৷ দেশৰ প্ৰয়োজনীয় ভিন্ন ক্ষেত্ৰৰ চাহিদা পূৰণ কৰাৰ উপৰি ৰপ্তানিকৃত সামগ্ৰীৰ প্ৰায় ৪৫ শতাংশ স্থান অধিকাৰ কৰিছে৷ সৰ্বোপৰি, দেশৰ জাতীয় উৎপাদনলৈ খণ্ডটোৱে ২৯ শতাংশ অৱদান আগবঢ়াইছে৷ কাজেই সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ ওপৰত দেশৰ নিৰ্ভৰশীলতাৰ আয়তনো বৃদ্ধি পাইছে৷ অসমতো প্ৰায় ৫০ হাজাৰ উদ্যোগ-প্ৰতিষ্ঠান এই খণ্ডত অন্তৰ্ভুক্ত হৈ আছে বুলি তথ্য পোৱা গৈছে৷ মন কৰিবলগীয়া যে এই গোটসমূহৰ আটাইবোৰেই উৎপাদন কাৰ্যত জড়িত নহয়; ইয়াৰে বুজনসংখ্যক সেৱামূলক কাৰ্যতহে জড়িত৷ চৰকাৰে আইন প্ৰণয়নৰ দ্বাৰা উভয় ক্ষেত্ৰৰে সংজ্ঞা নিৰ্ধাৰণ কৰি বিনিয়োগৰ উচ্ছ সীমা নিৰ্ধাৰণ কৰি দিছে৷ উৎপাদন খণ্ডৰ স্থিৰ মূলধন বিনিয়োগৰ উচ্ছ সীমা ২৫ লাখ টকাৰ পৰা ১০ কোটি টকাপৰ্যন্ত আৰু সেৱা খণ্ডৰ বাবে ১০ লাখ টকাৰ পৰা ৫ কোটি টকাপৰ্যন্ত [তিনিওটা ভাগৰ বাবে পৃথক উচ্ছ সীমাসহ] নিৰ্ধাৰণ কৰি দিয়া হৈছে৷ এই উদ্যোগ খণ্ডৰ বাবে থকা বিনিয়োগৰ ঊধবৰ্সীমাৰ বিশাল পৰিধি [২৫ লাখৰ পৰা ১০ কোটি অথবা দহ লাখৰ পৰা পাঁচ কোটি] আৰু প্ৰদান কৰা অসংখ্য সা-সুবিধাই এক সহজতে চকুত নপৰা সমস্যাৰ সৃষ্টি কৰে৷ পঁচিছ লাখ বা দহ লাখ টকীয়াজনৰ বাবে দিয়া চৰকাৰী সা-সুবিধাখিনি ১০ কোটি বা ৫ কোটি টকীয়াজনে যেতিয়া ভোগ কৰিবলৈ পায়, তেতিয়া ‘সমতা সৃষ্টি’ৰ নীতিৰ কোনো অৰ্থই নাথাকে৷ বেংক ঋণ, কৰ ৰেহাই, বজাৰৰ সুবিধা, ৰপ্তানিৰ সুযোগ আদিৰ অধিক লাভ আদায় কৰে উচ্ছ সীমাত থকাসকলেহে৷ গাঁৱৰ কুটীৰ শিল্প, পৰম্পৰাগত কাৰিকৰী প্ৰতিষ্ঠানবোৰৰ বেছিভাগেই এইবোৰৰ খবৰেই নাপায়৷ চৰকাৰ-প্ৰশাসনে আগবঢ়োৱা সা-সুবিধাবোৰৰ বিষয়ে অৱগত নোহোৱাৰ বাবেই অনেক পৰম্পৰাগত শিল্প-সেৱা সম্প্ৰতি ধবংসৰ গৰাহত৷ অসমৰ প্ৰতিখন জিলাতেই, প্ৰতিটো বিধানসভা সমষ্টি অথবা প্ৰশাসনিক গোট হিচাপে উন্নয়ন-সংমণ্ডলসমূহত এনে হাজাৰ-বিজাৰ সম্ভাৱনাপূৰ্ণ উৎপাদন-সেৱামূলক গোট ওলাব৷ সংশ্লিষ্টসকলে অন্ততঃ ৰাষ্ট্ৰসংঘৰ বাণী সাৰোগত কৰি আজিৰ দিনটোতে যদি এখনকৈ সজাগতা সভা পাতিলেহেঁতেন! সংশ্লিষ্ট মন্ত্ৰণালয়েবা আজিৰ এই বিশেষ দিনটো উদ্‌যাপনৰ বাবে কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে!