Logo
image

আৰক্ষীৰ লগতে ৰাজ্যৰ প্ৰতিটো বিভাগতে সংস্কাৰৰ প্ৰয়োজন

সততা, মূল্যবোধ, দায়িত্ববোধৰ লগতে সাহসৰ পৰিচয় দি গৃহৰক্ষী বাহিনীৰ জোৱান বৰছিং বে’-ই ড্ৰাগছ মাফিয়াৰ উপঢৌকনক প্ৰত্যাখ্যান কৰি দোষীক কৰাযত্ত কৰাৰ পাছত তেওঁক লৈ সমগ্ৰ দেশতে চৰ্চা আৰম্ভ হৈছে৷ আপাতঃদৃষ্টিৰে চাবলৈ গ’লে বৰছিং বে’ই সাংঘাতিক একো কৰা নাই; নিৰাপত্তা বাহিনীত নিয়োজিত এজন ব্যক্তিৰূপে তেওঁ নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি ১২ কোটি টকা মূল্যৰ ড্ৰাগসহ অপৰাধীক কৰায়ত্ত কৰিলে৷ তেনে কাম সকলো আৰক্ষী, নিৰাপত্তা বাহিনীৰ লোকে কৰাটো দায়িত্ব আৰু কাম্য৷ কিন্তু প্ৰকৃতাৰ্থত যে সেই কাম নহয় তাক প্ৰমাণ কৰে বৃহৎ বৃহৎ কয়লা, চুপাৰি, গৰু, শিল-বালি আদিৰ ছিণ্ডিকেটসমূহে৷ আৰক্ষীৰ উচ্ছপদস্থ বিষয়াই আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ প্ৰশ্নকাকত সযতনে ৰাখি সুকলমে পৰীক্ষা চলোৱাৰ পৰিৱৰ্তে ৪০ লাখ টকা উৎকোচ লৈ দালালক প্ৰশ্ন বিক্ৰী কৰে, প্ৰাক্তন ডি আই জিয়ে উপ-পৰিদৰ্শকৰ নিযুক্তিৰ নামত কোটি কোটি টকা দালাল চক্ৰৰ যোগেদি সংগ্ৰহ কৰে, ধনৰ বিনিময়ত অপৰাধীক এৰি দিয়ে, ড্ৰাগৰ দৰে নৱপ্ৰজন্মক ধবংস কৰা বৰ বিহৰ অবৈধ ব্যৱসায় চলিবলৈ দিয়ে আদি নানান অভিযোগ আৰক্ষীৰ বিৰুদ্ধে৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত কেইটামান টকাৰে জীৱননিৰ্বাহ কৰা গৃহৰক্ষী বাহিনীৰ জোৱান বৰছিং বে’ই শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত বিশেষ আগবঢ়া নহ’লেও দুৰ্নীতিগ্ৰস্ত তথাকথিত ডিগ্ৰীধাৰী তলৰ বিষয়া-কৰ্মচাৰীৰ পৰা লোকসেৱা আয়োগৰ কঠিন পৰীক্ষা উত্তীৰ্ণ হোৱা বিষয়ালৈকে সকলোলৈ নিজৰ কৰ্মৰে, দায়বদ্ধতাৰে এটা বলিষ্ঠ বাৰ্তা প্ৰেৰণ কৰিলে৷ তেনে দিশৰ পৰা চাবলৈ গ’লে বৰছিং বে’ এজন ৰিয়েল হিৰ’! অসম চৰকাৰে নতুনকৈ দায়িত্বভাৰ গ্ৰহণৰ পাছৰ পৰা অবৈধ ব্যৱসায়, ছিণ্ডিকেট আদিৰ বিৰুদ্ধে কঠোৰ ভূমিকা পালন কৰাৰ সময়ত বে’ৰ এই ভূমিকাই নিষ্ঠা, একাগ্ৰতা আৰু সততাৰে কাম কৰা সকলকো নিঃসন্দেহে অধিক উৎসাহিত কৰিব৷ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে বে’ক একলাখ টকাৰে পুৰস্কৃত কৰা, প্ৰশংসা পত্ৰ প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰি তেওঁক গৃহৰক্ষী বাহিনীৰ অস্থায়ী চাকৰিৰ অৱসান ঘটাই কনিষ্টবল পদত নিযুক্তি দিয়া আদিয়ে তেওঁক উপকৃত কৰাৰ লগতে ‘ভাল কাম কৰাৰ ভাল ফল’ৰ বাৰ্তাটোকো প্ৰসাৰিত কৰিব৷ দুৰ্নীতি, অনিয়ম সমাজৰ সৰ্বস্তৰত বিয়পাৰ ফলত ক্ৰমান্বয়ে সৰ্বসাধাৰণ লোকেও ‘দুৰ্নীতি হয়েই’ ধৰণৰ মানসিকতাৰে চলিবলৈ আৰম্ভ কৰা কেইবা দশকো পাৰ হৈ গ’ল৷ কোৱা বাহুল্য, সেয়া কেৱল আৰক্ষী বিভাগতে সীমাবদ্ধ নহয়৷ অসম চৰকাৰৰ অধীনস্থ এনে এটা বিভাগ নাই, এনে এটা কাৰ্যালয় নাই য’ত অলপো দুৰ্নীতি নোহোৱাকৈ কাম সম্পাদন হয়ক্ক সম্প্ৰতি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ কেবিনেটৰ কেইবাজনো সতীৰ্থই নিজৰ বিভাগসমূহ নিকা, কৰ্মদক্ষ আৰু গতিশীল কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসমৰ দৰে ৰাজ্যত ডিজিটেল যুগ আৰম্ভ হোৱা কেইবা বছৰো হ’ল যদিও কাৰ্যালয়সমূহৰ ৰঙাফিটাৰ মেৰপাক কমাৰ পৰিৱৰ্তে দিনকদিনে অধিক জটিল হৈহে পৰিছে৷ নতুন চৰকাৰে আৰক্ষীৰ সংস্কাৰৰ ক্ষেত্ৰত যিদৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে সেইদৰে কাৰ্যালয়সমূহৰ কাম-কাজৰ সংস্কাৰ সাধন কৰাটোও অতি প্ৰয়োজন৷ অসম সচিবালয়ৰ কাম-কাজ খৰতকীয়া কৰাৰ লগতে দুৰ্নীতিমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰ সফল হ’লে অসমৰ প্ৰশাসনিক ব্যৱস্থাটোৰে আমূল পৰিৱৰ্তন ঘটিব৷ বছৰৰ পাছত বছৰ ধৰি ফাইল পৰি থকা, একেটা ফাইলকে কেইবাবাৰো সংশ্লিষ্ট বিষয়া, আমোলাই অনুমোদন দিয়াৰ পদ্ধতিবোৰ সলনি নকৰাৰ বাবে কাৰ্যালয়সমূহত ফাইলৰ বোজাও বাঢ়ে, দুৰ্নীতিও বাঢ়ে৷ ডিজিটেল সমীক্ষা ব্যৱহাৰ, ফাইলৰ ট্ৰেকিং ব্যৱস্থা আদি সঠিকভাৱে কাৰ্যকৰী নোহোৱাৰ বাবে চৰকাৰী কাৰ্যালয়ত কাম স্থবিৰ হৈ পৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈয়ে ম’ৰ গৱৰ্নেন্স, লেছ গৱৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰৰ স্থিতি কাম-কাজেই প্ৰতিফলিত কৰিব বুলি সৰ্দবে ঘোষণা কৰিছিল৷ অৱশ্যে দেশৰ বহুকেইখন ৰাজ্যই এই ক্ষেত্ৰত অৰ্থাৎ চৰকাৰী কাম-কাজত স্বচ্ছতা, দক্ষতা বৃদ্ধি কৰিবলৈ সক্ষমো হৈছে৷ বৰছিং বে’ৰ দৰে কৰ্মচাৰী প্ৰশাসনিক অন্য বিভাগসমূহতো আছে৷ আৰক্ষী বিভাগত এনে কৰ্মচাৰীক পুৰস্কৃত কৰাৰ দৰে ব্যৱস্থা ৰাজ্যৰ আন বিভাগসমূহতো প্ৰযোজ্য হ’লে বিষয়া, কৰ্মচাৰী সকলোৱে অনুপ্ৰাণিত হ’ব৷ ৰাজ্যৰ সামগ্ৰিক বিকাশ হ’বলৈ হ’লে প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰে সংস্কাৰ প্ৰয়োজন৷