Logo
image

অখিল গগৈৰ দুদিনীয়া মুক্তি

অখিল গগৈ এতিয়া এটা নাম নহয়৷ অখিল গগৈ এতিয়া এক বিষয়৷ অখিল গগৈ য’লৈকে যায় সংবাদকৰ্মীয়েও তালৈকে যায়৷ অখিল গগৈৰ প্ৰতিটো কাম আৰু কথাই এতিয়া খবৰ হৈ পৰে৷ শেহতীয়াকৈ ‘নিয়া’ৰ আদালতে কাৰাবন্দী অৱস্থাত থকা অখিল গগৈক পুত্ৰ আৰু মাতৃক লগ কৰিবলৈ দুদিনৰ বাবে পেৰল দিছিল৷ পেৰলত মুক্তি পোৱা অখিল গগৈয়ে দুদিনৰ ভিতৰত কটোৱা প্ৰতিটো দৃশ্য কেমেৰাত বন্দী হৈছে আৰু তাৰে ভালেখিনি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰচাৰ হৈছে৷ দুয়োটা দিনেই অখিল গগৈৰ প্ৰসংগই ৰাজ্যত তোলপাল লগাইছে৷

প্ৰাৰ্থনাৰ অন্তত আদালতৰ অনুমতি সাপেক্ষে ডেৰ বছৰৰ মূৰত অখিল গগৈয়ে প্ৰথম দিনা নিজ পুত্ৰক লগ পাইছে৷ এই মিলনক বৈদ্যুতিন মাধ্যমে অভূতপূৰ্ব ৰূপত পৰিৱেশন কৰিছে৷ পিতা-পুত্ৰৰ মিলনক লৈ সামাজিক মাধ্যমত সৰৱ চৰ্চা হৈছে, যিটো নিকট অতীতত হোৱা নাছিল৷ অখিল গগৈয়ে পুত্ৰ আৰু পত্নীৰ স’তে কটোৱা কেইটামান আৱেগিক ঘণ্টা হৈ পৰিছিল বাতৰিৰ সমল৷ অখিল গগৈৰ সমৰ্থক আৰু শুভাকাংক্ষীৰ বাবে এই দুটা দিন হৈ পৰিছিল আনন্দ আৰু আৱেগমিশ্ৰিত ঘটনাৰ সমাহাৰ৷ দ্বিতীয় দিনা অখিল গগৈয়ে নিৰাপত্তা বেষ্টনিৰ মাজত গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈছিল মাতৃক এবাৰ লগ পাবৰ বাবে, যি মাতৃয়ে অখিল গগৈৰ সংগ্ৰামী জীৱনত প্ৰেৰণা হৈ পৰিছে৷ কাৰাগাৰত থকা অৱস্থাতে অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা বিজয়ী হৈছে৷ এই বিজয়ত অখিল গগৈৰ বয়স্ক আৰু ৰুগীয়া মাতৃৰ যথেষ্ট ভূমিকা আছে৷ মাতৃয়ে ইমূৰৰ পৰা সিমূৰলৈ পুত্ৰৰ হৈ ভোট ভিক্ষা কৰি  ঘূৰিছিল আৰু সেই কথাই বহু ভোটাৰক আৱেগিক কৰি তুলিছিল৷ অখিল গগৈৰ মাতৃয়ে সংগ্ৰামী পুত্ৰৰ মুক্তিৰ বাবে দাবী জনাই আহিছে৷ তেনে কাৰণতে মাতৃ-পুত্ৰৰ এই মহামিলন হৈ পৰিছিল সৰৱ চৰ্চাৰ বিষয়৷ মাওবাদী বুলি চৰকাৰে দীৰ্ঘদিন ধৰি বন্দী কৰা কঠোৰ সংগ্ৰামী নেতাজনে কেইঘণ্টামান নিজ মাতৃৰ বুকুত সোমাই পৰিছিল দেৱশিশুৰ দৰে৷ মাতৃৰ বুকুৰ মাজত সোমাই এজন আপোচবিহীন কৃষক নেতাই মাতৃ-পুত্ৰৰ সম্পৰ্কক মহিয়ান কৰি তুলিছিল৷ 

অখিল গগৈৰ এই দুদিনীয়া মুক্তিয়ে বহু কথাৰ ইংগিত দিছে৷ প্ৰায়বোৰ গোচৰত জামিন পোৱা অখিল গগৈয়ে মাত্ৰ এটা গোচৰত জামিন পাবলৈ আছে৷ হয়তো অচিৰেই অখিল গগৈক মুকলি আকাশৰ তললৈ আহিবলৈ দিয়া হ’ব৷ ইতিমধ্যে প্ৰমাণ হৈছে অখিল গগৈক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে মাওবাদী সজাই বন্দী কৰা ৰখা হৈছে৷ ‘কা’বিৰোধী আন্দোলনৰ ভৰপক সময়ত অখিল গগৈক গ্ৰেপ্তাৰ কৰি ন-পুৰণি কেইবাটাও গোচৰ জাপি দিয়া হৈছিল৷ অখিল গগৈক পঘাৰে বান্ধি নিয়াৰ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আজি ডেৰ বছৰে কাৰাগাৰত বন্দী কৰি ৰখা হৈছে৷ নিৰ্দিষ্ট প্ৰমাণ নথকাৰ পাছতো বাৰে বাৰে জামিন নাকচ কৰি সংগ্ৰামী নেতাজনক বন্দী কৰি ৰখা হৈছে৷ বন্দী অৱস্থাতে প্ৰতিদ্বন্দ্বিতা কৰি অখিল গগৈয়ে যোৱা বিধানসভা নিৰ্বাচনত ইতিহাস ৰচনা কৰি জিকিছে৷

দেখা গৈছে অখিল গগৈক লৈ এতিয়া সমাজত দুটা ভাগ হৈ গৈছে৷ একাংশ লোকে অখিল গগৈৰ কথা কোৱাৰ ধৰণটোক বেয়া পায় আৰু তেওঁ কেৱল আন্দোলন বা প্ৰতিবাদ কৰি পৰিৱেশটো উন্নয়নবিৰোধী কৰি তোলা বুলি ভাবে৷ আন বহুতে ভাবে অখিল গগৈ এতিয়া ৰাইজৰ একমাত্ৰ ভৰসা৷ এই শিবিৰৰ মত হ’ল, অখিল গগৈক চৰকাৰে ভয় কৰে, অখিল গগৈয়ে চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দিয়ে কাৰণে চৰকাৰে ইচ্ছা কৰামতেই কাম কৰিব নোৱাৰে৷ এই শিবিৰৰ মতে, অখিল গগৈ এতিয়া অকলেই বিৰোধী পক্ষ৷ শক্তিশালী বিৰোধী পক্ষৰ অভাৱত অখিল গগৈৰ ওপৰতে নিৰ্ভৰ কৰিছে বিৰোধীৰ ভূমিকা৷ তেনে কাৰণতে বিজেপিয়ে নহয়, চৰকাৰত থকা প্ৰতিটো দলেই অখিল গগৈক হাৰাশাস্তি কৰি আহিছে৷

অলপতে নিয়াৰ বিশেষ আদালতে চাবুৱা থানাৰ গোচৰত অখিল গগৈক মুক্ত কৰি দিছে৷ অভিযোগ মনে সজা আৰু আক্ৰোশমূলক বুলি প্ৰমাণ হৈছে৷ এই কথাটোৱে বিজেপি চৰকাৰখনৰ চৰিত্ৰ উদঙাই দিছে৷ কেন্দ্ৰীয় চৰকাৰৰ একচ্ছত্ৰী আৰু দমনমূলক নীতিৰ সমান্তৰালকৈ অসমতো তেনে এক নীতি গঢ়ি উঠিছে৷ বৰ্তমানৰ চৰকাৰখনৰ কাম-কাজত বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচৰণত ইতিমধ্যে একচ্ছত্ৰী আৰু অগণতান্ত্ৰিক মনোভাব প্ৰকাশ পাইছে৷

অখিল গগৈৰ মুক্তিৰ বিষয়টোৱে চৰকাৰখনক শ’লঠেকত পেলাব৷ অহা দিনবোৰত অখিল গগৈৰ প্ৰসংগ বেছি ওলাব৷ পেৰলত যোৱা এজন কাৰাবন্দীক নিজ গাঁও আৰু অসমৰ ৰাইজে যিধৰণৰ আদৰণি জনালে সেই কথাই অখিল গগৈৰ গুৰুত্ব প্ৰমাণ কৰিছে৷ অৱশ্যে দুটা দিনত নেতাজনক লৈ সংবাদ মাধ্যম যিধৰণে ব্যস্ত হ’ল, সামাজিক মাধ্যমত যিধৰণৰ আলোচনা হ’ল, সেয়াও অন্য এক চিন্তাৰ দিশ৷ অভিযোগ কৰা হৈছে– এজন ব্যক্তিক লৈ প্ৰয়োজনতকৈ বেছি হুলস্থূল কৰা হ’ল আৰু তেওঁৰ একান্ত ব্যক্তিগত আচৰণ আৰু সাংসাৰিক জীৱনৰ কথাবোৰকো কেমেৰাত বন্দী কৰি প্ৰচাৰ কৰা হ’ল৷ পিছে, অসমত বুলি নহয় গোটেই বিশ্বতে এনে এক নতুন ধাৰা দেখা গৈছে৷ প্ৰিয় নেতা বা অভিনেতা বা খেলুৱৈ আদিক লৈ আজিকালি এনে আচৰণ দেখা যায়৷ চেলিব্ৰেটীৰ ব্যক্তিগত জীৱনক লৈ নানা আলোচনা চলে, কাহিনী তৈয়াৰ কৰা হয়৷ অখিল গগৈৰ ক্ষেত্ৰতো তেনে হোৱা দেখা গৈছে৷ অখিল গগৈৰ মাতৃ, পুত্ৰ, গাঁওবাসী, অসমৰ বৃহত্তৰ ৰাইজ, বিশেষকৈ শিৱসাগৰ সমষ্টিৰ ৰাইজৰ জনমতক সন্মান জনাই চৰকাৰে বৰ্তমান বিধায়ক হিচাপে নিৰ্বাচিত  অখিল গগৈক শীঘ্ৰে সম্পূৰ্ণ মুক্তি দিয়াটোৱে হ’ব উত্তম পথ৷