১০টা আম বিক্ৰী কৰি পালে ১.২ লাখ টকা
৭ বছৰীয়া ছোৱালীৰ অনলাইন শিক্ষা লাভৰ ইচ্ছা হ’ল পূৰণ
আমাৰ অসম, ২৯ জুনঃ কৰ’নাৰ দ্বিতীয় ঢৌৰ ফলত দেশৰ বহু লোকে প্ৰাণ হেৰুৱায়৷ বহু লোকে আৰ্থিক সংকটৰ সন্মুখীন হয়৷ জামছেদপুৰৰ তুলসী কুমাৰী নামৰ ৭ বছৰীয়া কণমানিজনীয়েও শিক্ষা লাভৰ ক্ষেত্ৰত সন্মুখীন হয় সমস্যাৰ৷ অত্যন্ত দুখীয়া ঘৰৰ তুলসী কুমাৰে আন আন ছাত্ৰ-ছাত্ৰীৰ দৰে অনলাইন শিক্ষাৰ সুবিধা ল’ব পৰা নাছিল৷ অতি দুখীয়া ঘৰৰ হ’লেও তুলসীৰ পঢ়াৰ প্ৰতি আছিল বিৰাট হেঁপাহ৷ কিন্তু কৰ’নাৰ বাবে বিদ্যালয় বন্ধ হোৱাত অনলাইন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীসকলে পাঠদানৰ সুবিধা লাভ কৰিছে৷ কিন্তু তুলসীৰ বাবে সেয়া সম্ভৱ নাছিল৷ কাৰণ তাইৰ ঘৰত নাছিল স্মাৰ্টফোন৷ গতিকে এটা স্মাৰ্টফোন কিনিবলৈ তুলসীয়ে আম বিক্ৰী কৰিবলৈ আৰম্ভ কৰে৷ আম বিক্ৰী কৰি পোৱা ধন তাই মোবাইল কিনিবৰ বাবে সাঁচি ৰাখিছিল৷ কিন্তু স্মাৰ্টফোন ক্ৰয় কৰিবলৈ কমেও দহ হাজাৰ টকা লাগে৷ গতিকে আম বিক্ৰী কৰি সেই ধন গোটাবলৈ তাইক বহু দিন লাগিব৷ কিন্তু তুলসী কুমাৰৰ ভাগ্য আছিল৷ পথৰ দাঁতিত আম বিক্ৰী কৰি থকা তুলসীক দেখি জামছেদপুৰৰ এজন হৃদয়বান ব্যৱসায়ীৰ মন কোমলে৷ তুলসীয়ে অনলাইন ক্লাছৰ বাবে এটা স্মাৰ্টফোন কিনিবলৈকে আম বিক্ৰী কৰি থকা বুলি জানিব পাৰি ব্যৱসায়ীজনে দহটা আম ১.২ লাখ টকাত ক্ৰয় কৰে৷ ব্যৱসায়ীজনৰ এই মহান কামে কণমানি তুলসীৰ সপোন পূৰণ কৰে৷ এই খবৰ বিয়পি পৰাৰ লগে লগে সকলোৱে ব্যৱসায়ীজনৰ বিশাল মন আৰু হৃদয়ক প্ৰশংসা কৰিছে৷