Logo
image

আৱৰ্জনাৰ পৰা শক্তি উৎপাদন হ’বনে

দেশৰ দ্ৰুত বিকশিত চহৰকেইখনৰ মাজত স্থান দিয়া হয় উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীক৷ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি লৈছে যদিও এতিয়ালৈকে চহৰকেইখনৰ মূল সমস্যাকেইটা সমাধানৰ ক্ষেত্ৰত চৰকাৰ সফল হ’ব পৰা নাই৷ গুৱাহাটীৰ মূল সমস্যাবোৰৰ মাজৰ অন্যতম হৈছে কৃত্ৰিম বান আৰু আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত অব্যৱস্থাপনা৷ গুৱাহাটীত দৈনিক যিমান আৱৰ্জনা গোট খায়, সেইবোৰ পেলোৱাৰ সঠিক ব্যৱস্থা নথকাৰ বাবে সময়ে সময়ে এই আৱৰ্জনাবোৰো কৃত্ৰিম বানৰ কাৰক হৈ পৰে৷ তদুপৰি জাবৰৰ দ’মে জনস্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে৷ শেহতীয়াভাৱে গুৱাহাটীত জমা হোৱা আৱৰ্জনাবোৰ স্থানান্তৰ কৰাৰ বাবে চৰকাৰৰ লগতে জিলা কতৃৰ্পক্ষৰ এক পদক্ষেপক কেন্দ্ৰ কৰি সৰ্বসাধাৰণৰ মাজত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ গুৱাহাটীত গোট খোৱা জাবৰ-জোঁথৰ স্থানান্তৰ কৰাৰ  বাবে চৰকাৰে প্ৰথমে পশ্চিম বৰাগাঁৱৰ এটা অঞ্চল ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰৰ সিদ্ধান্ত লৈছিল৷ চৰকাৰৰ সেই সিদ্ধান্তৰ বিৰুদ্ধেও প্ৰতিবাদ হৈছিল৷ পশ্চিম বৰাগাঁৱৰ যি স্থান ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছিল, সেই স্থান ৰামছাৰ ক্ষেত্ৰ দীপৰ বিলৰ নিচেই কাষত হোৱাৰ বাবে প্ৰকৃতি সংগঠনবোৰেও ডাম্পিং গ্ৰাউণ্ড সেই স্থানৰ পৰা আঁতৰোৱাৰ দাবী তুলিছিল৷ শেষত যেনিবা ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশত পশ্চিম বৰাগাঁৱৰ পৰা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিবলৈ বাধ্য হৈছিল ৰাজ্য চৰকাৰ৷ অসম চৰকাৰে ডাম্পিং গ্ৰাউণ্ড পশ্চিম বৰাগাঁৱৰ পৰা  চন্দ্ৰপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল৷ চৰকাৰৰ সেই সিদ্ধান্তৰো প্ৰতিবাদ জনাইছিল চন্দ্ৰপুৰ অঞ্চলৰ ৰাইজে৷ কিন্তু স্থানীয় আৱাসীৰ প্ৰতিবাদৰ প্ৰতি গুৰুত্ব নিদি এক অভিনৱ উপায়েৰে গুৱাহাটী পৌৰ প্ৰশাসনে সোমবাৰে গুৱাহাটীৰ আৱৰ্জনা পেলালেগৈ চন্দ্ৰপুৰত৷স্থানীয় লোকৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ অনুমান কৰি জাবৰ কঢ়িওৱা দহখন ডাম্পাৰ লৈ যোৱা হৈছিল কটকটীয়া নিৰাপত্তাৰ মাজেৰে৷ চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ চৌহদেই হ’ব এতিয়া পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ড৷ চৰকাৰৰ এই সিদ্ধান্তক অবিবেচক কাণ্ড হিচাপে গণ্য কৰি প্ৰতিবাদমুখৰ হৈ পৰিছে চন্দ্ৰপুৰবাসী৷ তেওঁলোকৰ যুক্তি হৈছে যে তাপবিদ্যুৎ প্ৰকল্পৰ চৌহদ ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিলে অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ’ব৷ জীৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি অহাৰ লগতে জনস্বাস্থ্যৰো ক্ষতি কৰিব৷

উল্লেখ্য, গুৱাহাটীত প্ৰতিদিনে প্ৰায় ৬০০ টন কঠিন আৱৰ্জনা জমা হয়৷ এই আৱৰ্জনাবোৰ চন্দ্ৰপুৰত জমা কৰা হ’লে অঞ্চলটো প্ৰদূষিত হৈ পৰাৰ আশংকা কৰা হৈছে৷ সাধাৰণতে চহৰ এখনৰ বাহিৰত আৰু জনবসতি নথকা অঞ্চল এটাত ডাম্পিং গ্ৰাউণ্ডৰ ব্যৱস্থা কৰাটো নিয়ম৷ কিন্তু চন্দ্ৰপুৰৰ যিটো অঞ্চল ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছে, সেয়া জনবসতিৰ পৰা আঁতৰত নহয়৷ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পত আৱৰ্জনা নিষ্কাশন কেন্দ্ৰ নিৰ্মাণ কৰি তাৰ পৰা শক্তি উৎপাদন কৰা হ’ব৷ আৱৰ্জনা নিষ্কাশনৰ দ্বাৰা শক্তি উৎপাদন কৰাৰ পৰিকল্পনা নিঃসন্দেহে আদৰণীয়৷ কিন্তু এনে এটা প্ৰকল্প নিৰ্মাণৰ ফলত যাতে  স্থানীয় লোক কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহয়, তালৈকো দৃষ্টি ৰাখিব লাগিব চৰকাৰে৷ প্ৰদূষিত চহৰত পৰিণত হোৱা গুৱাহাটীৰ পৌৰ এলেকাৰ অন্তৰ্গত হোৱা সত্ত্বেও চন্দ্ৰপুৰ এতিয়ালৈকে প্ৰদূষণমুক্ত হৈ আছে৷ অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্যই বহু লোকক আকৰ্ষণ কৰে৷ গুৱাহাটীত প্ৰতিদিনে জমা হোৱা আৱৰ্জনা যদি চন্দ্ৰপুৰত পেলোৱা হয়, তেন্তে চৰকাৰৰ অপৰিকল্পিত সিদ্ধান্ত পিছলৈ অঞ্চলটোৰ বাবে  ডাঙৰ সমস্যা হৈ পৰিব পাৰে৷ প্ৰকৃত কথাটো হৈছে যে চহৰ এখনৰ মূল সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত প্ৰয়োজন হয় সঠিক পৰিকল্পনা, দীৰ্ঘম্যাদী¸ আঁচনিৰ৷ অনাময় ব্যৱস্থাৰ লগতে প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু আৱৰ্জনামুক্ত কৰি ৰাখিব পাাৰিলেহে চহৰ এখনৰ সৌন্দৰ্যবৰ্ধন আঁচনি সফল হোৱা বুলি ক’ব পৰা যায়৷ এখন চহৰ কেনেদৰে আৱৰ্জনামুক্ত কৰি ৰাখিব পৰা যায়, সেইক্ষেত্ৰত আদৰ্শ হ’ব পাৰে মধ্যপ্ৰদেশৰ ইণ্ডোৰ৷ আৱৰ্জনামুক্ত কৰি ৰখাৰ ক্ষেত্ৰত ইণ্ডোৰ চহৰত যি আঁচনি লোৱা হৈছে, তাৰ ফলতে দেশৰ সবাতোকৈ পৰিষ্কাৰ চহৰকেইখনৰ মাজত আগস্থান দিয়া হৈছে৷ ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ মাজত স্থান দিয়াৰ লক্ষ্য স্থিৰ কৰিছে৷ এই লক্ষ্যত উপনীত হ’বলৈ হ’লে প্ৰয়োজন হ’ব সঠিক পৰিকল্পনা আৰু বিশেষজ্ঞৰ পৰামৰ্শ৷