চিকিৎসক দিৱসৰ চিন্তা
স্বাস্থ্যই পৰম ধন৷ শৰীৰ সুস্থ ৰাখিবলৈ সকলোৱে যত্ন কৰে৷ শৰীৰ-মন সুস্থ থাকিলেহে মানুহে উন্নতিৰ পথত আগুৱাই যাব আৰু সুখী জীৱন লাভ কৰিব পাৰে৷ সেয়ে সকলোৱে ৰোগ-ব্যাধিৰ পৰা মুক্ত হৈ সু-স্বাস্থ্যৰ অধিকাৰী হ’ব বিচাৰে৷ যিহেতু চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে আমাক ৰোগ-ব্যাধিৰ পৰা ৰক্ষা কৰি নতুন জীৱন দিবলৈ চেষ্টা কৰে, সেয়ে চিকিৎসকক সমাজত ‘ভগৱান’ স্বৰূপ জ্ঞান কৰে৷ কৰ’না মহামাৰীৰ সময়ত চিকিৎসকসকলে পি পি ই কিট পৰিধান কৰি অসহ্য গৰমকো আওকাণ কৰি মানৱ সেৱাৰ নিমিত্তে নিজকে উছৰ্গা কৰি গৈছে৷ যি সময়ত মানুহে মহামাৰী কৰ’নাৰ ভয়ত ঘৰতে সোমাই নিজক সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিছে, তেনে সময়তো, কিন্তু চিকিৎসকসকলে নিজৰ জীৱনলৈ আহিব পৰা সংশয়ক আওকাণ কৰি ক’ভিড পজিটিভ ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আৰোগ্য কৰি তুলিবলৈ প্ৰাণপণে চেষ্টা কৰিছে৷ উল্লেখ্য, দেশত এনেদৰে কৰ’না কালত চিকিৎসা সেৱা আগবঢ়াই নিজৰ মৃত্যুকো আঁকোৱালি লৈছে বহু চিকিৎসকে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বনৰ এটা তথ্য মতে, কৰ’নাৰ দ্বিতীয় তৰংগৰ সময়ত দেশত ৭৯৮জনতকৈ অধিক চিকিৎসকৰ মৃত্যু হৈছে৷ মূলতঃ ক’ভিড পজিটিভ ৰোগীক চিকিৎসা কৰোঁতে বহু চিকিৎসক নিজেই ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বনৰ তথ্য অনুসৰি কৰ’নাৰ দ্বিতীয় ঢৌৰ সময়ত দিল্লীত সৰ্বাধিক ১২৮, বিহাৰত ১১৫, পশ্চিম বংগত ৬২, উত্তৰ প্ৰদেশত ৭৯জন চিকিৎসকৰ মৃত্যু হৈছে৷ ক’ভিড ডেল্টা প্লাছ ভাইৰাছ সংক্ৰমিত ৰাজ্যৰূপে চিহ্নিত মহাৰাষ্ট্ৰ আৰু কেৰালাতো ক্ৰমে ২৩জন আৰু ২৪জন চিকিৎসকৰ কৰ’নাৰ দ্বিতীয় লহৰৰ সময়ত মৃত্যু হৈছে৷ কিন্তু চিকিৎসা কৰ্মৰ দৰে মহান বৃত্তিত জড়িত এই চিকিৎসকসকলেই আজি সময়ে সময়ে জনৰোষৰ বলি হৈও অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হয়৷ চিকিৎসকৰ ওচৰলৈ ৰোগীক নিলেই চিকিৎসকে ৰোগীক যে জীৱন দান কৰিব পাৰিব, সেইটো সকলো সময়তে সম্ভৱ নহ’বও পাৰে৷ ৰোগীৰ অৱস্থা, চিকিৎসাৰ বাবে প্ৰয়োজনীয় সা-সঁজুলিৰ অভাৱৰ বাবেও ৰোগীৰ মৃত্যু হ’ব পাৰে৷ তদুপৰি চিকিৎসকসকলো মানুহ৷ তেওঁলোকৰো কেতিয়াবা ভুল হ’ব পাৰে৷ চিকিৎসা কালত কোনো ৰোগীৰ মৃত্যু হ’লে কি কাৰণে মৃত্যু হয়, সেই কথা বিচাৰ-বিবেচনা নকৰাকৈ অনাহকত চিকিৎসকক শাৰীৰিকভাৱে আক্ৰমণ কৰা কাৰ্য কেতিয়াও যুক্তিসংগত হ’ব নোৱাৰে৷ দেশত ক্ৰমাৎ চিকিৎসক নিগৃহৰ ঘটনা বাঢ়ি অহাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে চিকিৎসকসকলক সন্মানীয় লোকৰূপে আদৰ কৰাৰ লগতে তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থাও নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে৷ দেশত কেৱল পহিলা জুলাইৰ দিনটো চিকিৎসক দিৱসৰূপে পালন কৰিলেই চিকিৎসকসকলক সন্মান জনোৱা নহয়৷ আমি সকলোৱে চিকিৎসকক সকলো সময়তে সন্মান দিব লাগিব আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব৷ তেতিয়াহে দেশৰ প্ৰখ্যাত চিকিৎসক, ভাৰতৰত্ন ডাঃ বিধান চন্দ্ৰ ৰয়ৰ স্মৃতিত পালন কৰা চিকিৎসক দিৱসৰ তাৎপৰ্য অক্ষুণ্ণ থাকিব৷ চিকিৎসকসকলেও নিজৰ কৰ্মক মানৱ সেৱাক এটা মিছনৰূপে গ্ৰহণ কৰি জনসাধাৰণৰ আস্থা লাভৰ চেষ্টা কৰিব লাগিব৷






