Logo
image

কৰ’নাত মৃত্যুৰ ক্ষতিপূৰণ

২০১৯-২০ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ মুঠ ধনৰ পৰিমাণ হ’ল ২৭,৮৬,৩৪৯ কোটি টকা৷ সেই বৰ্ষৰ বাজেট ঘাটিৰ পৰিমাণ হ’ল ৫,৫৪,০০০ কোটি টকা৷ ২০২০-২১ চনত বাজেটত মুঠ ধাৰ্য কৰা ধনৰ পৰিমাণ হ’ল ৩৪,৫০,৩০৫ কোটি টকা আৰু সেই বছৰ বাজেটত ৰাজহ ঘাটিৰ পৰিমাণ হ’ল ১৮,২১,৪৬১ কোটি টকা৷ ২০২১-২২ চনত চৰকাৰে বাজেটত মুঠ ধন ধাৰ্য কৰিছে ৩৪,৮৩,২৩৬ কোটি টকা আৰু চৰকাৰৰ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ একাউণ্টছ (CGA) তথ্য দিছে যে এইবাৰ এই ঘাটিৰ পৰিমাণ বাঢ়ি ১৮,৪৮,৬৫৫ কোটি টকা হ’ব৷ আনহাতে, শেহতীয়া বাজেটৰ আন এটা উল্লেখযোগ্য দিশ হ’ল যোৱা বছৰৰ তুলনাত এই বছৰৰ বাজেটত মাত্ৰ এক শতাংশ ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে৷ পাঠকে নিশ্চয় এটা কথা ধৰিব পাৰিছে যে চৰকাৰৰ উপাৰ্জন সামান্যতমো বৃদ্ধি হোৱা নাই, বৰঞ্চ খৰচৰ পৰিমাণ বাঢ়ি আছে৷ সাধাৰণ অৱস্থাত চৰকাৰখনে এইখিনি টকাৰেই যেনেতেনে জোৰা মাৰি চলাই নিলেহেঁতেন যদিও কৰ’না মহামাৰীৰ এই সংকটৰ সময়ত চৰকাৰৰ নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে৷ এই অৱস্থাৰ জোৰা মাৰিবলৈ চৰকাৰে কৰ বৃদ্ধি কৰিব লগা হৈছে আৰু সেয়ে পেট্ৰ’ল-ডিজেলৰ মূল্য এতিয়া আকাশলংঘী হৈছে৷ ক্ৰমান্বয়ে জনসাধাৰণৰ ক্ৰয় ক্ষমতা নোহোৱা হৈ আহিছে৷ শীঘ্ৰেই দেশত কৰ’না মহামাৰীতকৈও এক আৰ্থিক মহামাৰীয়ে যে দেখা দিব সেই কথা ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিবিদসকলে ব্যক্ত কৰিছে৷ 

এনে পৰিস্থিতিত ৩০ জুনত দেশৰ সৰ্বোচ্ছ আদালত উচ্ছতম ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছে যে কৰ’না মহামাৰীত মৃতু্য হোৱা লোকক আৰ্থিক ক্ষতিপূৰণ দিব লাগে৷ এই সম্পৰ্কত বিশ্বগুৰু হ’বলৈ আগবাঢ়ি দেশখনৰ চৰকাৰে যোৱা সপ্তাহত আদালতক কৈছিল যে কৰ’নাত মৃতু্য হোৱা লাখ লাখ লোকক ক্ষতিপূৰণ দিবলৈ চৰকাৰৰ হাতত ধন নাই, সেয়ে ক্ষতিপূৰণ দিয়া সম্ভৱ নহ’ব৷ কিন্তু সবেৰ্াচ্ছ ন্যায়ালয়ে চৰকাৰক ৰাষ্ট্ৰীয় বিপৰ্যয় আইনৰ ১২ নম্বৰ ধাৰামতে ক্ষতিপূৰণ দিয়াটো বাধ্যতামূলক বুলি সোঁৱৰাই দিয়ে৷ ইয়াৰ লগে লগে চৰকাৰৰ বাধ্যবাধকতা আহি পৰিল, কিন্তু চৰকাৰে ক’ৰপৰা টকা যোগাৰ কৰিব৷ কাৰণ ইতিমধ্যে দেশৰ নাগৰিকক কৰ’নাৰ প্ৰতিষেধক দিয়াৰ বাবে প্ৰয়োজন হোৱা ৩৫ হাজাৰ কোটি টকাৰ জোৰা মাৰিবলৈকে সমস্যা হোৱা বুলি চৰকাৰখনে স্বীকাৰ কৰিছে৷ আনহাতে, পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই টকাৰ জোৰা মাৰিবলৈকে পেট্ৰ’ল-ডিজেলৰ দাম বঢ়াব লগা হৈছে বুলি ঘোষণা কৰিছে৷ এতিয়া যদি ক্ষতিপূৰণ দিব লগা হয়, তেন্তে ইয়াৰ বোজাও যে সাধাৰণ জনতাই বহন কৰিব লাগিব সেইটো নিশ্চিত৷ এনে অৱস্থাত সাধাৰণ জনতা কৰৰ বোজাত কোঙা হৈ পৰিব আৰু ক্ৰয় ক্ষমতাৰ অভাৱত খাবলৈ নাপাই মৃত্যু হ’ব৷ কথাই কথাই আমেৰিকাৰ উদাহৰণ দিয়া চৰকাৰখনে এইক্ষেত্ৰত আমেৰিকাৰ উদাহৰণ লোৱাটো অতি প্ৰয়োজনীয় বুলি অৰ্থবিজ্ঞানীসকলে মত পোষণ কৰিছে৷ আমেৰিকাই ইতিমধ্যে কৰ’না আক্ৰান্ত অৰ্থনীতি উদ্ধাৰ কৰাৰ বাবে ইয়াৰ নাগৰিকক সাহায্য দিছে৷ এই সাহায্যই আমেৰিকাৰ নাগৰিকৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ লগতে নিজৰ ব্যৱসায়-বাণিজ্যক পুনৰ ঠন ধৰি উঠোৱাত সহায় হৈছে আৰু আমেৰিকাৰ অৰ্থনীতি পুনৰ পূবৰ্ৰ স্থানলৈ ঘূৰি অহাত সহায় হৈছে৷ আমাৰ চৰকাৰে সাহায্যৰ পৰিৱৰ্তে বেংকৰ জৰিয়তে ঋণ দিয়াৰ বাবে ইতিমধ্যে যি সূত্ৰ আৱিষ্কাৰ কৰিছে, তাৰ দ্বাৰা যে নাগৰিকক পুনৰ সমস্যাৰ গৰাহলৈ ঠেলি দিয়া হৈছে সেইটো নিশ্চিত৷ পূবৰ্ৰ ঋণৰ কিস্তিকেই পৰিশোধ কৰিব নোৱৰা ব্যৱসায়িক পুনৰ ঋণ দি চৰকাৰে কেনেদৰে অৰ্থনীতি পুনৰুদ্ধাৰ কৰিব বিচাৰিছে, সেয়া সাধাৰণ নাগৰিকৰ বাদেই ডাঙৰ ডাঙৰ অৰ্থনীতিবিদৰো বুজি পোৱাত অসুবিধা হৈছে৷ 

তেনে অৱস্থাত উচ্ছতম ন্যায়ালয়ে শেহতীয়াকৈ চৰকাৰক ক্ষতিপূৰণ দিবলৈ যি নিৰ্দেশ দিছে, তাৰ দ্বাৰা মৃতকৰ পৰিয়ালে যদি চাৰি লাখকৈ টকা পায়, তেন্তে সেই পৰিয়ালসমূহৰ সামান্য হ’লেও পুনৰ জীৱন আৰম্ভ কৰাত নিশ্চয়কৈ সহায়ক হ’ব৷ কেৱল মৃতককে নহয় আচলতে চাকৰিহীন প্ৰতিটো পৰিয়ালকে অৱস্থা স্বাভাৱিক নোহোৱাপৰ্যন্ত সাহায্য দিয়াটো জৰুৰী হৈ পৰিছে৷ কিন্তু ইয়াৰ বাবে ধনৰ জোৰা মাৰিবলৈ যাতে পুনৰ সমস্যাজৰ্জৰ নাগৰিকৰ ওপৰতে কৰ আৰোপ কৰা নহয়, তাৰ প্ৰতিও নজৰ ৰাখিব লাগিব৷ কিন্তু এই কপৰ্’ৰেট চৰকাৰখনৰ পৰা এই আশা কৰাটো হ’ব আকাশত চাং পতাৰ দৰে, কাৰণ উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে চৰকাৰে ৰন্ধন গেছৰ দাম বৃদ্ধি কৰিছে৷ প্ৰতিটো ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য ২৫.৫০ টকা আৰু ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য ৭৬ টকাকৈ বৃদ্ধি কৰি পুনৰ জনতাক মাধমাৰ শোধাইছে৷