চৰম প্ৰত্যাহ্বানৰ সন্মুখীন শিক্ষাৰ্থী
কৰ’না অতিমাৰীৰ বাবে মানৱ জীৱনলৈ প্ৰচণ্ড ভাবুকি অনাৰ লগতে আৰ্থ-সামাজিক আৰু শৈক্ষিক দিশকো অভাৱনীয়ভাৱে ক্ষতি সাধন কৰা ডেৰ বছৰ অতিক্ৰম কৰিলে৷ ডেল্টা ভাইৰাছে তৃতীয় ঢৌ সৃষ্টি কৰাৰ পাছত পৰিস্থিতি কি হ’ব সেই সম্পৰ্কে ইতিমধ্যে গুণাগথা আৰম্ভ হৈছে৷ উন্নত ৰাষ্ট্ৰসমূহৰ লগতে অন্যান্য দ্ৰুত উন্নয়নশীল ৰাষ্ট্ৰসমূহে দেশৰ সমূহ জনসাধাৰণক ভেকচিন প্ৰদান কৰাৰ উপৰি স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি বিকাশ, উচ্ছ পৰ্যায়ৰ গৱেষণাৰ যোগেদি কৰ’নাৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখা আদিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ এনে বহু দেশত কৰ’না নিৰ্মূল হোৱা নাই যদিও স্বাভাৱিক জীৱনযাত্ৰাত বিশেষ প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হোৱা নাই৷ ইয়াক প্ৰমাণিত কৰিছে হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত ইউৰ’ কাপ ফুটবল, উইম্বলডন, আমেৰিকান অপেন, ক’পা আমেৰিকা প্ৰতিযোগিতা ইত্যাদিবোৰে৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতবৰ্ষই তেনে পৰ্যায় পাবলৈ বহু দূৰ বাকী৷ ১৩৫ কোটি লোকে বসবাস কৰা দেশখনত তৃতীয় ঢৌ অহালৈকে সামান্যসংখ্যক লোককহে ভেকচিন প্ৰদান কৰা হৈছে৷ দেশৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীক ভেকচিন দিয়া কেতিয়া সম্পূৰ্ণ হ’ব তাৰ উত্তৰ চৰকাৰৰ হাততো নাই৷ ইফালে তৃতীয় ঢৌৱে কমবয়সীয়া লোকৰ বাবে অধিক ভাবুকি কঢ়িয়াই আনিব বুলি বিশেষজ্ঞসকলে অনুমান কৰিছে আৰু সেই মৰ্মে চৰকাৰক চিকিৎসা সেৱা গঢ়ি তুলিবলৈ আহ্বানো জনাইছে৷ অৱশ্যে দ্বিতীয় ঢৌৰ সময়ছোৱাতো দেশত বহু কমবয়সীয়া লোকৰ মাজত ক’ভিডত আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতে শিক্ষা খণ্ডই চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ বিগত বৰ্ষত অসমত পাঠদান লকডাউনৰ সময়ছোৱাত ব্যাহত হৈছিল আৰু লকডাউন প্ৰত্যাহাৰ হোৱাৰ পাছত পৰ্যায়ক্ৰমে কিছুমান শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছিল যদিও পৰীক্ষাসমূহ অনুষ্ঠিত হোৱা নাছিল, কেইবাটাও পৰীক্ষা বাতিল কৰা হৈছিল৷ প্ৰাথমিক, স্নাতকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষাদান, পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰথম সংক্ৰমণৰ সময়ছোৱাতে বহু দেশে পৰিস্থিতি অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল৷ ৰাষ্ট্ৰসংঘৰ এক সমীক্ষামতে প্ৰথম সংক্ৰমণৰ সময়ত বিশ্বৰ ৫৮খন দেশে স্কুল শিক্ষান্ত পৰীক্ষা স্থগিত ৰাখিছে বা সূচী সলনি কৰিছে, ২৩খন দেশে বিকল্প পন্থাৰে শিক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰাৰ ব্যৱস্থা কৰিছে আৰু ২২খন দেশে গুৰুত্ব অনুযায়ী কঠোৰ বিধি ব্যৱস্থাৰ মাজেদি পৰীক্ষা অনুষ্ঠিত কৰিছে৷ ইয়াৰ বিপৰীতে ১১খন দেশে পৰীক্ষা সম্পূৰ্ণ বাতিল কৰিলে৷ যোৱাবাৰ অৰ্থাৎ ক’ভিডৰ প্ৰথম সংক্ৰমণত আমেৰিকা, ইউৰোপত ধবংসযজ্ঞ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত উক্ত ৰাষ্ট্ৰসমূহে শিক্ষাৰ্থীৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত পৰীক্ষা, শ্ৰেণী আদিৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কিন্তু ভেকচিন প্ৰদানক অতি খৰতকীয়া কৰি তোলাৰ বাবে এইবাৰ দ্বিতীয় সংক্ৰমণৰ সময়ছোৱাত উক্ত ৰাষ্ট্ৰসমূহে শৈক্ষিক দিশত পূৰ্বৰ দৰে তিক্ততাপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই৷ কিন্তু ভাৰতবৰ্ষৰ বহু ৰাজ্যত সময়মতে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰাৰ দিশটো উপেক্ষিত হৈ থাকিল৷ অসমৰ কথাকে ধৰা যাওক! উচ্ছ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, উচ্ছতৰ মাধ্যমিক পৰীক্ষা সময়মতে পতাৰ পৰিৱৰ্তে অধিক গুৰুত্ব দিয়া হ’ল বিধানসভাৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ ওপৰত৷ নিৰ্বাচনৰ সময়ত ক’ভিড বিধিক সম্পূৰ্ণ অংগুষ্ঠ প্ৰদৰ্শন কৰি বহু সহস্ৰাধিক লোকৰ সমাৱেশ ঘটাই শাসক-বিৰোধীয়ে জনসভা অনুষ্ঠিত কৰিলে৷ ইয়াৰ পাছত চৰকাৰো হ’ল৷ চৰকাৰে প্ৰথমে থেৰোগেৰো কৰি শেহত কমিটী গঠন কৰি বিকল্প মূল্যায়নৰ নামত বহু আসোঁৱাহেৰে ভৰা, বিসংগতিপূৰ্ণ প্ৰতিবেদন দাখিল কৰিলে৷ ইতিমধ্যে প্ৰচণ্ড মানসিক চাপ, দুঃচিন্তাত থকা লাখ লাখ ছাত্ৰ-ছাত্ৰীক এই প্ৰতিবেদনে অধিক বিপৰ্যয়ৰ ফালে ঠেলি দিলে৷ সময়ে অনা পৰিৱেশ, পৰিস্থিতি লগত সংগতি ৰাখি বিকল্প পদ্ধতিৰ অৱলম্বন কৰাটোক নস্যাৎ কৰিব নোৱাৰি৷ কেৰালাকে ধৰি কেইবাখনো ৰাজ্যই ক’ভিড বিধি ৰক্ষা কৰি উচ্ছতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিলে৷ দেশৰ বহু বিশ্ববিদ্যালয়ে অনলাইন মাধ্যমেৰে স্নাতক, স্নাতকোত্তৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিলে৷ কিন্তু ইয়াৰ বিপৰীতে অসমৰ বিশ্ববিদ্যালয়সমূহে ক’ভিডৰ সংক্ৰমণ-সীমিত থকাৰ সত্ত্বেও সময়মতে পৰীক্ষা পতাত ব্যৰ্থ হ’ল৷ ফলত এই বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীৰ উচ্ছ শিক্ষা লাভৰ সম্ভাৱনাও ধূসৰ হৈ পৰিল৷ ক’ভিড সংক্ৰমণৰ মাজতে আমি বিধানসভাৰ নিৰ্বাচন পাতিব পাৰো, বৃহৎ জনসমাৱেশ পাতিব পাৰো, লক্ষ লক্ষ লোকৰ উপস্থিতিত কুম্ভমেলাও পাতিব পাৰো– কিন্তু কঠোৰ বিধি, নীতি-নিয়মৰ মাজেদি আমি পাতিব নোৱাৰো নতুন প্ৰজন্মৰ ভৱিষ্যত জড়িত থকা পৰীক্ষাক্ক চৰকাৰে আন্তৰিকতাৰে কথাবোৰ বিশ্লেষণ কৰক!






