শিক্ষাত দুৰ্নীতিঃ সন্দেহৰ আৱৰ্তত চৰকাৰ
কংগ্ৰেছ চৰকাৰৰ দিনত শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা ড॰ হিমন্ত বিশ্ব শৰ্মাকে বিজেপিৰ দিনত সৰ্বানন্দ সোণোৱালে পাঁচ বছৰৰ কাৰ্যকালত বেছিখিনি সময় শিক্ষা বিভাগটো চলাবলৈ দিছিল৷ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত শিক্ষা বিভাগটোক ভালেখিনি গতিশীল কৰি তুলিছিল যদিও বিগত কালত শিক্ষা বিভাগতে কেইবাটাও কলংকিত ঘটনা ঘটিছে৷ উচ্ছশিক্ষা জগতত সংঘটিত হৈছে নজীৰবিহীন ঘটনা৷ ৰাজ্যৰ আগশাৰীৰ প্ৰায়কেইখন বিশ্ববিদ্যালয়তে সংঘটিত হৈছে লাজ লগা বিত্তীয় আৰু প্ৰশাসনিক বিশৃংখলতা৷ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ থাকোঁতেই দক্ষ মন্ত্ৰীৰ বিভাগতে ৰচিত হৈছিল ভালেমান নিন্দনীয় ঘটনা৷ সেই সময়ৰ শিক্ষামন্ত্ৰী হিচাপে ড॰ হিমন্ত বিশ্ব শৰ্মাই নতুন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি ফুৰা সময়ত পুৰণি বিশ্ববিদ্যালয়কেইখনত জহি-খহি গৈছিল বিত্তীয় শৃংখলা৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বয়ং উপাচাৰ্য ধৰা পৰিছিল পৰ্দা কিনা আৰু হোটেলত থকাৰ ভুৱা ৰচিদ দি৷ উপাচাৰ্যৰ নেতৃত্বত পঞ্জীয়ক, উপ-পঞ্জীয়ক আদি লগ হৈ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনত গঢ়ি তুলিছিল লুণ্ঠনৰ মহাযজ্ঞ৷ অৱশেষত সকলো কথা পোহৰলৈ অহাত ছাত্ৰ-শিক্ষক সংগঠনে বিশ্ববিদ্যালয় চৌহদ উত্তপ্ত কৰি তোলে৷ আন্দোলনৰ জোৰ দেখি চৰকাৰ আৰু ৰাজভৱনে তদন্ত ঘোষণা কৰিবলৈ বাধ্য হয়৷ তদন্তৰ অন্তত উপাচাৰ্যক নিলম্বন কৰে যদিও পঞ্জীয়ক আৰু উপ-পঞ্জীয়ক বিগত চাৰি মাহে পলাই সাৰিছে৷
এই ঘটনাৰ আগতে ‘কেগ’ৰ প্ৰতিবেদনত ফাদিল হৈছিল– গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষাৰ কেন্দ্ৰ– আইডলত সংঘটিত বহু কোটি টকাৰ খেলিমেলি৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন নোহোৱাকৈ চলাই থকা হৈছিল ২১টাকৈ পাঠ্যক্ৰম৷ প্ৰায় ৭৪,০০০ ছাত্ৰ-ছাত্ৰীৰ পৰা সংগৃহীত কেইবাকোটি টকাৰ ব্যৱহাৰত চূড়ান্ত অনিয়ম হৈছে৷ আইডলৰ সঞ্চালকৰ চকীত দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰা অধ্যাপকে লুটিপুতি খাইছে ছাত্ৰ-ছাত্ৰীৰ পৰা সংগৃহীত ধন৷ কেগৰ প্ৰতিবেদনে কেলেংকাৰী পোহৰলৈ অনাত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদতো প্ৰতিবাদৰ ঢৌ উঠে৷ অৱশেষত এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক তদন্তৰ দায়িত্ব দিয়া হয়৷ তদন্ত চলি থকা সময়তে সকলোকে আচৰিত কৰি এই কেলেংকাৰীৰ মূল নায়কক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত বহুওৱা হয়৷ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়– এই দুয়োখন শিক্ষানুষ্ঠানতে অদক্ষ আৰু দুৰ্নীতিপৰায়ণ অধ্যাপকক উপাচাৰ্য হিচাপে নিয়োগত ৰহস্যজনকভাৱে আগভাগ লৈছিল আচাৰ্য ৰাজ্যপাল জগদীশ মুখিয়ে৷ এখন বিশ্ববিদ্যালয়ত সংঘটিত এটা কেলেংকাৰীত অভিযুক্ত এজন ব্যক্তিকে তদন্ত কালত আন এখন ৰাজ্যিক বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি দিয়া হ’ল৷ চাৰিওফালে চৰ্চা হ’ল– এই নিযুক্তি আচলতে বিশেষ বুজাবুজিৰে অপৰাধীক ৰক্ষণাবেক্ষণ দিবলৈহে যেন কৰা হৈছে৷ ইতিমধ্যে তদন্ত আয়োগে প্ৰতিবেদন দাখিল কৰিছে, যাৰ পৃষ্ঠাই পৃষ্ঠাই লিপিবদ্ধ হৈছে আইডলৰ পূৰ্বৰ সঞ্চালক আৰু ৰাজভৱনৰ আশীৰ্বাদত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰগতিশীল অধ্যাপকৰ দুৰ্নীতি-অনিয়মৰ কাহিনী৷
তদানীন্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে ৰাজ্যত পোহৰলৈ আহিছিল যে বহু কলেজ শিক্ষকে বক্ৰপথেৰে পিএইচডি ডিগ্ৰী লৈছে আৰু এনে ভুৱা ডিগ্ৰীধাৰী কিছুমানে মন্ত্ৰীৰ আশীৰ্বাদতে অধ্যক্ষৰ আসনত বহিছে আৰু কিছুমানে প্ৰমোচন লৈছে৷ এসময়ত সংবাদ মহলত তোলপাৰ লগোৱা ঘটনাটো ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কৌশলতে তল পৰিছিল৷ ড॰ শৰ্মা শিক্ষামন্ত্ৰী থকা দিনত আৰু বহু ঘটনা ঘটিছে যিবিলাকৰ ব্যাখ্যা হ’ব যথেষ্ট দীঘলীয়া৷
ৰাইজৰ দৃষ্টিত আইডলৰ কেলেংকাৰীত জড়িত ব্যক্তিক এখন ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পতাৰ ক্ষেত্ৰত আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাও সন্দেহজনক৷ ঠিক তেনেকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় খেলিমেলিত জড়িতসকলক চাৰি মাহে গ্ৰেপ্তাৰ কৰিব নোৱৰাটো অসম আৰক্ষীৰ দুৰ্বলতা৷ এই কথা বুজাত অসুবিধা নহয় যে প্ৰভাৱশালী নেতাৰ আশীৰ্বাদ নাথাকিলে ভুৱা পিএইচডি ডিগ্ৰীধাৰীয়ে উচ্ছ আসন শুৱনি কৰি থাকিব নোৱাৰে৷
আগৰ শিক্ষামন্ত্ৰী তথা আজিৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত কোৱা কথা পাহৰি যোৱাটো দুৰ্ভাগ্যজনক৷ উচ্ছ শিক্ষাত সংঘটিত দুৰ্নীতি-অনিয়ম দেখিও বৌদ্ধিক সংগঠনবোৰ নিমাতে থকাতো চিন্তাজনক৷ উপাচাৰ্য আৰু অধ্যাপকৰ কেলেংকাৰী দেখিও ছাত্ৰ সংগঠনসমূহ নীৰৱে চুপ মাৰি থকাটো হতাশাজনক৷ মেট্ৰিক পৰীক্ষাত গুণগত মানৰ কথা কোৱা শিক্ষামন্ত্ৰীয়ে বিশ্ববিদ্যালয়ত সংঘটিত অনিয়ম-কেলেংকাৰীৰ ক্ষেত্ৰত মাত নমতাটো উদ্বেগৰ বিষয়৷ নিৰপেক্ষ তদন্তৰ জড়িয়তে দোষীক উচিত শাস্তি দি বিশ্ববিদ্যালয় আৰু উচ্ছ শিক্ষাক ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিব লাগিব৷ শৈক্ষিক উৎকৰ্ষৰ স্বাৰ্থত মাত মতাটো জৰুৰী৷






