Logo
image

শংকাৰ অলিম্পিক

বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ হৈছে অলিম্পিক৷ নিজ নিজ দেশক প্ৰতিনিধিত্ব কৰি পদক জয় কৰাৰ লক্ষ্যৰে এই সমাৰোহত প্ৰতিদ্বন্দ্বিতা কৰে খেলুৱৈসকলে৷ অলিম্পিক আৰম্ভ হোৱাৰ বহু আগৰে পৰা নিজৰ সৰ্বস্বখিনি উজাৰি দিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে খেলুৱৈসকলে৷ আৰু ক্ৰীড়াপ্ৰেমীয়েও উৎকণ্ঠাৰে বাট চাই থাকে অলিম্পিকত পছন্দৰ খেলুৱৈসকলৰ শ্ৰেষ্ঠত্বৰ যুঁজ উপভোগৰ বাবে৷ কিন্তু অলিম্পিকক লৈ খেলুৱৈসকলৰ মাজত দেখা পোৱা এই উৎসাহ এইবাৰ যেন যথেষ্টখিনি হ্ৰাস পাইছে৷ নক’লেও হয় যে ইয়াৰ কাৰণ হৈছে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ৷ টকিঅ’ অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা আছিল ২০২০ বৰ্ষৰ জুলাইত৷ কিন্তু কৰ’নাৰ সংক্ৰমণৰ বাবে এবছৰলৈ পিছুৱাই দিয়া হৈছিল সমাৰোহখন৷ বিশ্বৰ আন বহু দেশৰ দৰে জাপানতো  কৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা নাই৷ ৰাজধানী টকিঅ’ৰ লগতে বিভিন্ন স্থানত নতুনকৈ সংক্ৰমণৰ ঘটনা ঘটিয়েই আছে৷ তাৰ মাজতে ২৩ জুলাইৰ পৰা অলিম্পিক আয়োজনৰ বাবে সাজু হৈছে দেশখন৷ অৱশ্যে, জাপানৰ অধিকাংশ লোকেই বৰ্তমানৰ স্থিতিত অলিম্পিক আয়োজন কৰাটো নিবিচাৰে৷ অলিম্পিকৰ বাবে দেশখনত সমাৱেশ ঘটিবলগীয়া বিভিন্ন দেশৰ খেলুৱৈ আৰু কৰ্ম-কৰ্তাৰ পৰা সংক্ৰমণ বৃদ্ধি হ’ব পাৰে বুলি জাপানৰ স্বাস্থ্য বিভাগেও সতৰ্ক কৰি দিছে৷ এনে আশংকাৰ মাজতো অলিম্পিক সফলতাৰে আয়োজন কৰিব পাৰিব বুলি দাবী কৰিছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ লগতে জাপান চৰকাৰে৷ জাপান চৰকাৰ আৰু অলিম্পিক আয়োজক কমিটীৰ এনে আত্মবিশ্বাসৰ বিপৰীতে অলিম্পিকৰ বাবে জাপানলৈ অহা ছাৰ্বিয়াৰ ৰ’য়িং দলৰ এজন সদস্য আৰু উগাণ্ডাৰ প্ৰশিক্ষক এজনৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাটো সকলোৰে বাবে শংকাৰ কাৰণ হৈ পৰিছে৷ খেলুৱৈৰ লগতে তেওঁলোকৰ সৈতে অহা অফিচিয়েলৰ বাবে ভেক্‌চিনৰ ব্যৱস্থা কৰা হ’লেও এই প্ৰক্ৰিয়া তেনেই লেহেমীয়া হোৱা বুলি অভিযোগ উঠিছে৷

অলিম্পিকৰ বাবে মাজতে এটা পষেক বাকী থকা অৱস্থাত দৰ্শকৰ উপস্থিতি থাকিবলৈ দিয়া হ’ব নে নহয়, সেই বিষয়টোত সিদ্ধান্ত ল’ব পৰা নাই চৰকাৰৰ লগতে আয়োজক কমিটীয়ে৷ অৱশ্যে, উদ্বোধনী অনুষ্ঠানত ভি আই পি দৰ্শকৰ বাহিৰে সাধাৰণ দৰ্শকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনা আছে৷ ভি আই পি দৰ্শকৰ শাৰীত থাকিব চৰকাৰী অতিথি, স্পনছ’ৰ আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ প্ৰতিনিধি৷ টকিঅ’ অলিম্পিকত বিদেশী দৰ্শকৰ প্ৰৱেশত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ বিদেশী সাংবাদিকৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব যদিও অলিম্পিকৰ বাতৰি পৰিৱেশন আৰু ফটো সংগ্ৰহৰ বাবে আহিবলগীয়া সাংবাদিকসকলৰ বাবে থাকিব কেতবোৰ বিশেষ নিয়মাৱলী৷ অলিম্পিকৰ বাবে বিদেশৰ পৰা আহিবলগীয়া কোনো লোকেই অলিম্পিক চলা সময়ত ৰাজহুৱা পৰিবহণ  ব্যৱহাৰ কৰিব নোৱাৰিব৷ ইমানিখিনি সতৰ্কতা অৱলম্বন কৰাৰ পাছতো সৰ্বসাধাৰণৰ মনত ক্ৰিয়া কৰা প্ৰশ্নটো হৈছে যে অলিম্পিকৰ সময়ত কোনা খেলুৱৈ ক’ভিড পজিটিভ হ’লে কি  হ’ব? অলিম্পিক আয়োজক কমিটীয়ে ইতিমধ্যে নীতি-নিৰ্দেশনা থকা ‘প্লে-বুক’ খেলুৱৈ আৰু কৰ্ম-কৰ্তাক যোগান ধৰিছে৷ ‘প্লে-বুক’ অনুসৰি অলিম্পিকৰ সময়ত কোনো এজন খেলুৱৈ কৰ’না ভাইৰাছত আক্ৰান্ত হ’লে তেওঁ অলিম্পিকৰ পৰা বাহিৰ হ’ব লাগিব৷ কেৱল সেয়াই নহয়, খেলুৱৈজনৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে পুনৰ ক’ভিড-১৯ৰ টেষ্ট কৰোৱাটো বাধ্যতমূলক হ’ব৷ ভুল প্ৰতিবেদনৰ বাবে কোনো খেলুৱৈ যাতে অলিম্পিকত ভাগ লোৱাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, সেয়া নিশ্চিত কৰিবলৈ পজিটিভ খেলুৱৈজনৰ দ্বিতীয়বাৰ টেষ্ট কৰোৱা হ’ব৷ বহুতৰে যুক্তি হৈছে যে যি সময়ত কৰ’না ভাইৰাছৰ বাবে বিশ্বৰ বহু আগশাৰীৰ প্ৰতিযোগিতা স্থগিত অথবা বাতিল কৰা হৈছে, তেনে সময়ত অলিম্পিক আয়োজন কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা উচিত নহয়৷ এনেধৰণৰ যুক্তি অৱশ্যে উলাই কৰিব নোৱাৰি৷ কিন্তু তাৰ লগতে আন এটা কথাও ভাবিব লাগিব যে অতিমাৰীৰ বাবে ২০২০ বৰ্ষৰ অধিক সময়েই ক্ৰীড়াৰ গতিবিধি স্থবিৰ হৈ ৰৈছিল৷ চলিত বছৰত ইউৰো কাপ, কোপা আমেৰিকাৰ দৰে কেইবাখনো প্ৰতিযোগিতা কৰ’নাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে অনুষ্ঠিত কৰা হৈছে৷ কৰ’নাই বেয়াকৈ ক্ষতিগ্ৰস্ত কৰা ক্ৰীড়াক্ষেত্ৰলৈ পূৰ্বৰ পৰিৱেশ ঘূৰাই অনাৰ স্বাৰ্থত প্ৰতিযোগিতাবোৰ অনুষ্ঠিত কৰাটো প্ৰয়োজনীয় হৈ পৰিছে৷ অলিম্পিকৰ নামত জাপানত বৃহৎ অংকৰ ধন বিনিয়োগ কৰা হৈছে৷ অলিম্পিক বাতিল কৰা হ’লে বৃহৎ লোকচানৰ সন্মুখীন হ’ব দেশখন৷ স্পনছ’ৰৰ পৰাও ধন পোৱাৰ আশা নাথাকিব৷ সেয়েহে খেল আৰু খেলুৱৈৰ স্বাৰ্থত অলিম্পিকৰ সফল আয়োজন আশা কৰিছে ক্ৰীড়াপ্ৰেমীয়ে৷