Logo
image

‘স্মাৰ্ট’ আৰক্ষী

প্ৰথমবাৰ শাসন ক্ষমতালৈ অহাৰ পাছতে ২০১৪ চনৰ ৩০ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আৰক্ষী বিষয়াসকলৰ সৈতে হোৱা আলোচনাত আৰক্ষী বিভাগক ‘স্মাৰ্ট’ কৰাৰ কথা কৈছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে দেশৰ আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ ধাৰণা নেতিবাচক৷ চলচ্ছিত্ৰসমূহত আৰক্ষীৰ বেছিভাগ চৰিত্ৰকে অপৰাধীৰ সৈতে নিকট সান্নিধ্য থকা, ঘোচখোৰ, দুৰ্নীতিপৰায়ণ বুলি দেখুওৱা হয়৷ সমাজৰ শান্তিৰক্ষকৰূপে নিয়োজিত আৰক্ষীৰ হাততে নিৰীহ লোক হাৰাশাস্তিৰ সন্মুখীন হয়৷ আৰক্ষীৰ প্ৰতি থকা এনে ধাৰণা দূৰ কৰিবৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আৰক্ষীৰ লোক দৃঢ় আৰু সংবেদনশীল, আধুনিক আৰু সততে ঘটনাস্থলীলৈ যাব পৰা, সতৰ্ক আৰু দায়বদ্ধ, বিশ্বাসযোগ্য আৰু সঁহাৰি জনোৱা গুণৰ উপৰি প্ৰশিক্ষিত হোৱাৰ লগতে প্ৰযুক্তিগতভাৱেও দক্ষ হ’ব লাগিব বুলি কৈছিল৷ আনকি প্ৰধানমন্ত্ৰীয়ে থানাৰ আন্তঃগাঁথনি উন্নত কৰি থানাসমূহক প্ৰতিসপ্তাহত সত্য ঘটনাৰ বৰ্ণনা আপলোড কৰিবলৈও কৈছিল৷ প্ৰায় সাত বছৰ পাছত আজি অসমৰ লগতে দেশৰ থানাসমূহৰ কিবা উন্নতি হৈছে বুলি ভাবেনে? পূৰ্বতে যিদৰে আৰক্ষীয়ে পথত গাড়ী-মটৰ ৰখাই ধন লৈছিল, দুৰ্নীতিত জড়িত আছিল,  আজিও সেই দৃশ্য সুলভ৷ তদুপৰি বিগত কিছুদিনত অসমত বিভিন্ন অপৰাধজনিত গোচৰত খোদ আৰক্ষীৰ লোকেই জড়িত থকাৰ কেইবাটাও ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ আৰক্ষীৰ এচাম লোকে পোছাকযোৰ পিন্ধাৰ পাছত তেওঁলোকে নিজকে সমাজৰ শান্তিৰক্ষক বুলি পাহৰি গৈ মাফিয়াৰ ভূমিকাত অৱতীৰ্ণ হৈ ধন দাবী কৰা নানা অপৰাধজনিত ঘটনাত জড়িত হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ হৈয়েই আছে৷ অৰ্থাৎ দেশৰ আৰক্ষীৰ সংস্কাৰ প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালৰ প্ৰায় সাত বছৰেও সম্ভৱ নহ’ল৷ অৱশ্যে, ইয়াৰ মাজতো বহু সৎ আৰক্ষীৰ লোক আছে যাৰ বাবে এতিয়াও মানুহে কিছু হ’লেও আৰক্ষীৰ লোকক সমীহ কৰে৷

শেহতীয়াকৈ অসমৰ আৰক্ষী বিভাগৰ সংস্কাৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মিলিত হয়৷ মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগত পৰিৱৰ্তনৰ লক্ষ্যৰে কয় যে প্ৰয়োজনত আৰক্ষীয়ে অপৰাধীৰ ক্ষেত্ৰত কঠোৰতকৈও কঠোৰ আইনে দিয়া সৰ্বোচ্ছ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব৷ কোনো থানাৰ অধীনৰ অঞ্চলত দুৰ্নীতি হোৱা মানে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে অপৰাধীৰ লগত আপোচ কৰিছে৷ ভাৰপ্ৰাপ্ত বিষয়াসকলে থানাৰ প্ৰতিটো গোচৰৰ দায়িত্ব ল’ব লাগিব৷ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্ষণকাৰী কৰায়ত্ত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনসাপেক্ষে অপৰাধীৰ ভৰিত গুলীওৱাটো আইনবিৰুদ্ধ নহয়৷ মুখ্যমন্ত্ৰীৰ এনে বক্তব্যৰ পাছতে দুদিনমানৰ পৰা আৰক্ষীয়ে বিভিন্ন ঠাইত অপৰাধীক গুলীয়াই কৰায়ত্ত কৰা পৰিলক্ষিত হৈছে৷ নিশ্চয় এনেবোৰ ঘটনাই অপৰাধৰ লগত জঢ়িত লোকক অপৰাধ কৰাৰ আগতে ভাবিবলৈ বাধ্য কৰাব৷ যদিহে এনে ক্ষমতা লাভৰ পাছত আৰক্ষীৰ লোকসকলে দুৰ্নীতি, অপৰাধ ৰোধ কৰাৰ বাবে সস্তম হয়, তেন্তে নি(য় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আৰক্ষীৰ নাম শুনিলেই অপৰাধীয়ে ভয় খাব৷ কিন্তু এনে ক্ষমতাৰ অধিকাৰী হৈ যদি কোনো দুৰ্নীতিপৰায়ণ আৰক্ষীয়ে নিৰীহ লোকক হকে-বিহকে ভয় দেখুৱাই ধন দাবী কৰি ধন নাপালে অপৰাধী সজাই গুলীয়াই আহত কৰে, তেন্তে ইয়ে জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিব৷ তদুপৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক দুবছৰৰ মূৰে মূৰে বদলি কৰাৰ ব্যৱস্থাই যদিও আৰক্ষী বিষয়াসকলৰ পাৰিবাৰিক ক্ষেত্ৰত প্ৰভাৱ পেলাব, তথাপি এই ব্যৱস্থাই আৰক্ষী বিষয়াসকলক শূন্য সহনশীল হোৱাত সহায় কৰিব বুলি আশা কৰিব পাৰি৷ আৰক্ষীৰ পৰিৱৰ্তনৰ বাবে আৰু তেওঁলোকক কৰ্মক্ষম কৰি তোলাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ সুবিধা দিয়াৰ লগতে তেওঁলোকক চিকিৎসাৰ উপৰি আন সুবিধা দিয়াৰ ব্যৱস্থাই নি(য় তেওঁলোকক বিভাগটোৰ প্ৰতি দায়বদ্ধ কৰিব৷ অৱশ্যে, মুখ্যমন্ত্ৰীয়ে যিয়েই ব্যৱস্থা গ্ৰহণ নকৰক কিয় যদিহে প্ৰতিজন আৰক্ষীৰ লোকে নিজকে শান্তিৰক্ষকৰূপে নাভাবে আৰু নিজৰ দায়িত্ব-কৰ্তব্যৰ প্ৰতি সচেতন নহয়, তেন্তে হাজাৰ নিৰ্দেশ দিলেও আৰক্ষীৰ পৰিৱৰ্তন নহ’ব৷