Logo
image

মৃত্যু হৈও যি অপৰাজেয়

মানুহজনৰ মৃত্যু হ’ল! মৃত্যু হ’ল মানে চৰকাৰী উৎপীড়নে মানুহজনক তিলতিলকৈ মৃত্যুৰ ফালে ঠেলি দিলে৷ এক অৰ্থত এয়া এক চৰকাৰী হত্যা বুলিয়ে চৰ্চিত হৈছে৷ ৰুগীয়া বৃদ্ধ লোকজনে চৰকাৰী অত্যাচাৰ সহ্য  কৰিয়েই এই সংসাৰৰ পৰা আঁতৰি গ’ল৷ আঁতৰি যাবৰ সময়তো চৰকাৰী ক্ৰুৰতাৰ জীয়া সাাক্ষী হৈ থাকি গ’ল মানুহজন। হয়, মানুহজন নৈতিকভাৱে বৰ শক্তিশালী আছিল৷ অন্যায়-অত্যাচাৰ-অবিচাৰৰ বিৰুদ্ধে আজীৱন যুদ্ধ কৰি গৈছিল৷ বিশেষকৈ ঝাৰখণ্ডৰ আদিবাসী জনতাৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে মানুহজন সদাজাগ্ৰত প্ৰহৰী হৈ আছিল৷ যিসকল আদিবাসীয়ে দুবেলা দুমুঠি পেট ভৰাই খাবলৈ পোৱা নাছিল, যিসকলৰ আদিবাসী কৃষকৰ ভূমিৰ অধিকাৰ নাছিল, যিসকলে সমাজ তথা চৰকাৰৰ অন্যায় সহ্য কৰিব লগা হৈছিল, সেইসকলৰ এক শক্তিশালী কণ্ঠ হৈ, বুকুৰ সাহস হৈ, আৰু বাহুৰ বল হৈ থিয় দিছিল ব্যক্তিজন৷ ইয়াৰ বাবে কেৱল সংগ্ৰামেৰেই নহয় যিসকল ব্যক্তি চৰকাৰী বঞ্চনাৰ বলি হৈছিল আৰু বিশেষকৈ ভুৱা গোচৰত চৰকাৰে গ্ৰেপ্তাৰ কৰি ৰাখিছিল, সেইসকলৰ পক্ষত আইনী যুঁজ দিয়াত ব্যক্তিজন সদাজাগ্ৰত হৈ আছিল৷ সমগ্ৰ জীৱন দৰিদ্ৰৰ বাবে কাম কৰি অহা এইজন ব্যক্তি অৱশেষত চৰকাৰৰ বাবে ভাবুকি হৈ পৰিল৷ ৮৪ বছৰীয়া এইজন জৰাজীৰ্ণ শৰীৰৰ ব্যক্তিয়ে বোলে দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল৷ সেয়ে অৱশেষত দেশত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে গঠন কৰা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)ক লগাই মানুহজনক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিলে৷

মানুহজনৰ নাম ‘ফাদাৰ ষ্টেন স্বামী’, এইজন ব্যক্তিকে মহাৰাষ্ট্ৰৰ ‘ভীমা কোৰে’ নামৰ গাঁও এখনত আজিৰ পৰা তিনি বছৰ পূৰ্বে গেৰুৱা বাহিনীৰ চক্ৰান্তত হোৱা এক সংঘৰ্ষৰ বাবে দোষী¸ সাব্যস্ত কৰি ২০২০ চনৰ অক্টোবৰত ‘নিয়া’ই গ্ৰেপ্তাৰ কৰি মহাৰাষ্ট্ৰৰ তনুজা জে’ললৈ নিক্ষেপ কৰে৷ এক জটিল ৰোগত আক্ৰান্ত ব্যক্তিজনক অপৰিষ্কাৰ জে’লৰ পৰিৱেশত ৰখাৰ বাবেই ৰোগে জটিল ৰূপ ধাৰণ কৰে৷ ৮৪ বছৰীয়া ষ্টেন স্বামীয়ে জীৱনৰ শেষ সময়ত পৰিয়ালৰ লগত সময় কটাবলৈও আদালতক প্ৰাথ:্না কৰিছিল৷ মে’ত হোৱা শুনানিৰ সময়ত স্বামীয়ে আদালতক কৈছিল, ‘মই ৰাঁচীৰ নিজৰ মানুহৰ মাজত থাকিব বিচাৰোঁ৷ মোৰ আন চিকিৎসালয়লৈ যাবলৈ মন নাই, জেজে চিকিৎসালয়লৈ তিনিবাৰ গৈছোঁ৷ এতিয়া আকৌ তালৈ নাযাওঁ৷ যদি এনে হৈ থাকে তেন্তে মই আৰু কষ্ট সহ্য কৰিব লাগিব আৰু হয়তো সোনকালেই মৃতু্য হ’ব৷ আনহাতে, জেজে চিকিৎসালয়লৈ যোৱাৰ সলনি মই মৃতু্যৱেই পছন্দ কৰিম৷ এয়া মোৰ বাবে বৰ জটিল সময়৷ মোৰ অৱস্থা বৰ ক্ষিপ্ৰতাৰে বেয়া হৈ আহিছে, সেই জেজে চিকিৎসালয়ৰ সৰু সৰু ‘পিলে’ মোক আৰু বচাব নোৱাৰে৷’ কিন্তু ‘নিয়া’ৰ পাষাণ হৃদয়ত ৰুগীয়া বৃদ্ধজনৰ কঁপা কঁপা মাতে কোনো কঁপনি তুলিব নোৱাৰিলে, তেওঁকপুনৰ জে’ললৈ প্ৰেৰণ কৰিলে৷ আনহাতে, চৰকাৰৰ বাবে দুৰ্ধৰ্ষ এইজন সন্ত্ৰাসবাদীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে প্ৰতিদিনে আদালতৰ অনুমতিৰ প্ৰয়োজন হৈছিল৷ শেষত মৃতু্যৰ আগত দুদিনৰ বাবে পুনৰ অনুমতি দিয়া হৈছিল৷ চিকিৎসালয়ত ষ্টেন স্বামীৰ মুখত অক্সিজেন, হাতত চেলাইন থকা অৱস্থাতো চৰকাৰে ভৰিত ‘হাতকেৰেয়া’ লগাই বিছনাৰ সৈতে বান্ধি ৰাখিছিল৷ ইমান ভয় এইজন স্বামীলৈক্ক স্বামীৰ মৃতু্যত দেশৰ প্ৰতিজন গণতান্ত্ৰিক তথা গণচেতনাসম্পন্ন ব্যক্তিয়েই ধিক্কাৰ দিছে এনে নহয়, সংযুক্ত ৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ মানৱ অধিকাৰ আয়োগেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, ‘ফাদাৰ ষ্টেন স্বামী নামৰ ৮৪ বছৰীয়া বৃদ্ধ মানৱ অধিকাৰৰ ৰক্ষকজনৰ আটকাধীন অৱস্থাত মৃতু্য হোৱা ঘটনাত আমি গভীৰ দুখ আৰু উদ্বেগ প্ৰকাশ কৰিছোঁ৷ আনহাতে, এই ক’ভিড-১৯ পৰিস্থিতিত চৰকাৰে প্ৰয়োজনীয় প্ৰমাণ নথকা কয়দীসকলক মুকলি কৰি দিয়াটো অতি প্ৰয়োজন হৈছে৷’ ষ্টেন স্বামীৰ মৃত্যুত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চ’ৰেনৰ মন্তব্য অতি তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে, কিয়নো এজন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰ ভয়াৱহ ছবিখনৰ কথা কৈছে৷ চ’ৰেনে কৈছে, ‘আমাৰ দেশৰ ব্যৱস্থাই ষ্টেন স্বামীক গিলি পেলালে, মানৱ অধিকাৰৰ বাবে যুঁজত আদিবাসীৰ কণ্ঠ হোৱাৰ বাবেই তেওঁ মূল্য দিব লগা হ’ল আৰু অৱশেষত ৮৪ বছৰ বয়সত মুম্বাইৰ জে’লত তেওঁক মৃতু্যৰ বাবে এৰি দিয়া হ’ল৷ এয়া গণতন্ত্ৰৰ এক অপৰিচিত ৰূপ আমি দেখিছোঁ৷ আৰু আজি সমাজসেৱী দুখীয়া-দৰিদ্ৰৰ কণ্ঠৰূপে আগবাঢ়ি অহা ব্যক্তি ইয়াৰ চিকাৰ হ’ব লগা হৈছে৷ আজি এক বহুত কঠিন সময় আৰু এই সময়ক পৰিৱৰ্তন কৰিবলৈ আমি কি কৰিব লাগিব, সেইটো আমি চিন্তা কৰিব লাগিব৷’ নি(য়কৈ গণতন্ত্ৰ এতিয়া গভীৰ সংকটত৷ চৰকাৰে জনগণৰ অধিকাৰৰ প্ৰশ্নত সংগ্ৰাম কৰিলেই বা যিকোনো চৰকাৰী মতৰ বিৰোধ কৰিলেই এতিয়া বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি দীৰ্ঘদিন আবদ্ধ কৰি ৰখাটো এক নিয়মত পৰিণত হৈছে৷ বিশেষকৈ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক শেহতীয়াকৈ এইক্ষেত্ৰত এনেকৈ ব্যৱহাৰ কৰিছে যে সন্ত্ৰাসবাদ দমনৰ নামত এতিয়া এন আই এ গণতন্ত্ৰ দমনৰ বাবে গঠন কৰা সংস্থা বুলিহে চৰ্চিত হৈছে৷ বিশেষকৈ অসমৰ অখিল গগৈ আৰু মহাৰাষ্ট্ৰৰ ষ্টেন স্বামীৰ ক্ষেত্ৰত এন আই এই প্ৰদৰ্শন কৰা স্থিতিয়ে তাকেই প্ৰমাণ দিছে৷ সেয়ে ইউ এ পি এৰ দৰে ক’লা আইন আৰু এন আই এৰ দৰে সংস্থাক বন্ধ কৰাৰ দাবী উঠাও পৰিলক্ষিত হৈছে৷