অজস্ৰ হিতাধিকাৰীৰ পিছতো অসমৰ উন্নয়ন স্থবিৰ কিয়?
হিতাধিকাৰী বা বেনিফিচিয়েৰীসকলক চৰকাৰী বিভিন্ন আঁচনিৰ অধীনত উপকৃত কৰাৰ প্ৰক্ৰিয়া দেশত আৰম্ভ হোৱা বহু বছৰ হৈ গ’ল৷ আৰ্থ-সামাজিক স্থিতি, দৰিদ্ৰতা আদি বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি চৰকাৰৰ বিভিন্ন বিভাগসমূহে দেশৰ নাগৰিকসকলৰ একাংশক হিতাধিকাৰী ৰূপে নিৰ্বাচন কৰি বিভিন্ন সা-সুবিধাসমূহ আগবঢ়ায়৷ ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ জনসংখ্যাৰ দেশত এচাম লোকৰ অৱস্থা এতিয়াও এনে শোচনীয় অৱস্থাত আছে যে চৰকাৰীভাৱে লাভ কৰা সামান্য সা-সুবিধাকণেই তেওঁলোকৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰে৷ এচাম হিতাধিকাৰীক চৰকাৰে অনুদান আগবঢ়োৱাৰ উদ্দেশ্য হ’ল যাতে হিতাধিকাৰীৰূপে লাভ কৰা ধন বা সাহায্যৰে তেওঁলোক বিভিন্ন উৎপাদনশীল কৰ্মত নিয়োজিত হৈ স্বাৱলম্বী হৈ উঠে৷ ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত প্ৰশাসনিকভাৱে, নিৰীক্ষণ প্ৰক্ৰিয়া সৱল হোৱাৰ লগতে পঞ্চায়তীৰাজ ব্যৱস্থা আৰু অন্যান্য নিকায়সমূহৰ পৰিচালন পদ্ধতি আশাপ্ৰদ হোৱাৰ ফলত হিতাধিকাৰীসকলে লাভ কৰা সা-সুবিধাৰে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে সংশ্লিষ্ট ৰাজ্যৰ অৰ্থনীতিলৈকো তেওঁলোকে অৰিহণা আগবঢ়াইছে৷ মানৱ উন্নয়ন সূচাংকৰ ক্ষেত্ৰত এনেবোৰ ৰাজ্যই ইস্পিত ফল লাভ কৰিছে৷ শেহতীয়াকৈ নিটি আয়োগৰ দ্বাৰা প্ৰকাশিত ‘বহনক্ষম উন্নয়নৰ লক্ষ্য’ত উপনীত হৈ শীৰ্ষস্থান অৰ্জন কৰা ৰাজ্য কেৰালাকে ধৰি বাকী কেইবাখনো ৰাজ্যৰ সফলতাৰ অন্তৰালত আছে শিক্ষা, স্বাস্থ্য, পৰিৱেশ, সামাজিক অৰ্থনৈতিক বৈষম্য দূৰীকৰণ আদিত গ্ৰহণ কৰা উল্লেখযোগ্য ভূমিকা৷ ইয়াৰ বিপৰীতে দেশৰ বহু ৰাজ্যত হিতাধিকাৰী নিৰ্বাচনৰ পৰা হিতাধিকাৰীয়ে লাভ কৰা অৰ্থ-সাহায্য, সা-সুবিধাৰ ব্যৱহাৰলৈকে আসোঁৱাহযুক্ত, দুৰ্নীতিৰে ভৰা হোৱাৰ বাবে হিতাধিকাৰীয়ে নিজৰ আৰ্থ-সামাজিক মান উন্নীত কৰিব পৰা নাই আৰু নিজৰ ৰাজ্যৰ বিকাশতো ইন্ধন যোগাব পৰা নাই৷ অসমে বহনক্ষম উন্নয়নৰ তালিকাত নিম্নস্থান লাভ কৰাৰ পাছত ৰাজ্য চৰকাৰে ইয়াৰ কাৰণ দৰ্শাইছে যদিও সেয়া পতিয়নযোগ্য নহয়৷ তৰুণ গগৈৰ নেতৃত্বত ২০০১ চনত আৰম্ভ হোৱা কংগ্ৰেছ চৰকাৰৰ পৰা ২০২১ চনলৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰলৈকে বিগত বিছ বছৰত কেইবা কোটি লোকে হিতাধিকাৰী হৈ বহু সা-সুবিধা লাভ কৰিলে৷ নূ্যনতম মূল্যৰ চাউলৰ পৰা কৃষি, স্বাস্থ্য, শিক্ষা, জনস্বাস্থ্য, পশুপালন, জলসিঞ্চন, সমাজ কল্যাণ আদি প্ৰতিটো বিভাগৰ পৰা বহু লোকে হিতাধিকাৰীৰূপে সা-সুবিধা লাভ কৰাৰ পাছতো অসমৰ কিমান উন্নয়ন হ’ল তাৰ বিশ্লেষণ হৈছেনে? হিতাধিকাৰীসকলে লাভ কৰা ধনৰ সৎ ব্যৱহাৰ হোৱা হ’লে নিটি আয়োগৰ তালিকাত অসমে বহু ওপৰত স্থান লাভ কৰিলেহেঁতেন৷ আশ্চৰ্যজনক কথা এই যে আমাৰ ৰাজ্যত বহু লোকে নিজকে দুখীয়াৰূপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে৷ চৰকাৰী-বেচৰকাৰী খণ্ডত ভাল চাকৰি-বাকৰি কৰা, ব্যৱসায়-বাণিজ্যৰে প্ৰতিষ্ঠিত হোৱা লোকেও অসমত ‘হিতাধিকাৰী’ হোৱাৰ এক বিমল আনন্দ লাভ কৰাৰ ক্ষেত্ৰত কাৰ্পণ্য নকৰে৷ লাভ কৰিব নলগা লোকেও হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে অসমত বছৰি হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাই গৈ আছে৷ চৰকাৰেও এই ক্ষেত্ৰত বিশেষ হকা-বধা নকৰে কিয়নো ‘দুখীয়া লোকৰ ৰাজ্য’ হিচাপে অভিহিত হৈ থাকিলে কেন্দ্ৰৰ পৰা লাভ কৰিব লগা ধনৰ পৰিমাণ বৃদ্ধি পায়৷ ইফালে ৰাজ্যখনৰ হিতাধিকাৰীৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱাৰ বাবে শ্ৰম কৰা থলুৱা-খিলঞ্জীয়াৰ সংখ্যা হ্ৰাস পাই আহিছে, ছন পৰি থকা পথাৰবোৰৰ সংখ্যা বৃদ্ধি পাইছে৷ অসম এখন কৃষি প্ৰধান ৰাজ্য৷ বৰ্তমান মুখ্যমন্ত্ৰী আৰু চৰকাৰে কৃষি খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰি ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ উপান্ত কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী, কৃষিমন্ত্ৰীয়ে বিভিন্ন আঁচনি সঠিকভাৱে ৰূপায়ণৰ কথা দৃঢ়তাৰে দোঁহাৰিছে৷ কিন্তু ফচল বীমা যোজনাত প্ৰায় ১২ লাখ অযোগ্য হিতাধিকাৰী বৰ্তমানলৈকে চিনাক্ত হোৱাৰ পাছত হিতাধিকাৰী নিৰ্বাচনৰ সমগ্ৰ বিষয়টোৱে কিদৰে চলিছে তাৰ বিষয়ে ব্যাখ্যাৰ প্ৰয়োজন নাই৷ মুখ্যমন্ত্ৰীয়ে যদি অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেন্তে প্ৰতিটো বিভাগৰে হিতাধিকাৰীসকলৰ এক সঠিক পৰ্যবেক্ষণ কৰা উচিত৷ লগতে হিতাধিকাৰী হৈ সংশ্লিষ্ট ব্যক্তিয়ে নিজৰ অৱস্থা উন্নত কৰাৰ দিশটোকো গুৰুত্ব দিয়া উচিত৷ লগতে যি চাম লোকে নিজকে দুখীয়া প্ৰতিপন্ন কৰি হিতাধিকাৰী হৈছে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ লোৱা সময় সমাগত৷






