Logo
image

শিক্ষাত স্থৱিৰতা আৰু মুখ্যমন্ত্ৰীৰ ৰহস্যজনক নীৰৱতা

শিক্ষামন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হোৱা ড॰ হিমন্ত বিশ্ব শৰ্মাই আগতে নিজ মুখে কোৱা কথাবোৰ কিমানদূৰ মনত ৰাখিছে তাৰ ওপৰত শিক্ষাৰ ভৱিষ্যৎ বহুখিনি নিৰ্ভৰ কৰিছে৷ যিটো দেখা গৈছে এতিয়া শিক্ষা বিভাগৰ দায়িত্ব দিয়া মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আগৰ শিক্ষামন্ত্ৰীৰ কথা আৰু কামৰ পৰা এক ইঞ্চিও আঁতৰি নাযায়৷ দুই-তিনিটা সাক্ষাৎকাৰত শিক্ষামন্ত্ৰী পেগুৱে এই কথা নিজে প্ৰকাশ কৰিছে৷ আগৰ শিক্ষামন্ত্ৰীয়ে গঢ়ি থৈ যোৱা পথেৰে তেওঁ আগবাঢ়িব বুলি ৰাজহুৱাকৈ কৈছে৷ এনেক্ষেত্ৰত আগৰ শিক্ষামন্ত্ৰীৰ দিনত বাস্তৱায়িত কৰিবলৈ ৰৈ যোৱা কথাবোৰ বিশ্লেষণৰ প্ৰয়োজন আছে৷

দীঘলীয়া সময়ৰ বাবে শিক্ষা বিভাগৰ মন্ত্ৰী হৈ থাকোঁতে ড॰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও সুদূৰপ্ৰসাৰী সিদ্ধান্ত গ্ৰহণত আগভাগ লৈছিল৷ তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল  দুয়োজনে মুখ্যমন্ত্ৰী হিচাপে শিক্ষামন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক বাধাহীনভাৱে কাম কৰিবলৈ সুযোগ দিছিল৷ বিত্ত আৰু অন্য বিভাগৰ দায়িত্বৰ উপৰি ড॰  শৰ্মাৰ দলীয় ব্যস্ততাৰ বাবে বহু কাম আধৰুৱা হৈ ৰৈছে৷ কৰ’না পৰিস্থিতিৰ বাবে বহু কাম আৰম্ভই কৰিব নোৱাৰিলে৷ সেয়েহে, মুখ্যমন্ত্ৰীয়ে আগতে শিক্ষামন্ত্ৰী হিচাপে কৰা আধৰুৱা কাম আৰু মুখেৰে কোৱা কথাবোৰলৈ মনত পেলোৱা ভাল৷ যোৱা দহ বছৰত অসমত কেইবাখনো ৰাজ্যিক বিশ্ববিদ্যালয় গঢ়ি তোলা হৈছে যদিও প্ৰায় আটাইকেইখনে পূৰ্ণাংগ ৰূপ পাবলৈ বাকী৷ এশ বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত কটন কলেজক ৰাজ্যিক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ সময়ত এইখনক দক্ষিণ-পূব এছিয়াৰ অগ্ৰণী বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলাৰ কথা কোৱা হৈছিল৷ কোৱা কথা কথা হৈয়ে থাকিল৷ পুৰণি চৌহদতে সীমিত পৰিসৰত কটন বিশ্ববিদ্যালয়খন চলি আছে আৰু কাম-কাজত বিশেষ নতুনত্ব দেখা নাই৷ গতানুগতিকতাত ডুবিছে উচ্ছ শিক্ষাৰ এই প্ৰাণকেন্দ্ৰ৷

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়, নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়, হোজাইৰ ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় এতিয়ালৈ কেঁচুৱা অৱস্থাতে আছে৷ প্ৰয়োজনীয় শিক্ষক, কৰ্মচাৰী নিয়োগ কৰা নাই আৰু আন্তঃগাঁথনিৰো উপযুক্ত নিৰ্মাণ হোৱা নাই৷ নতুন শিক্ষানীতিৰ আধাৰত এইকেইখন বিশ্ববিদ্যালয়ক গঢ়ি তোলাটো শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগুৰ বাবে একপ্ৰকাৰ ডাঙৰ প্ৰত্যাহ্বান হ’ব যদিহে মুখ্যমন্ত্ৰীয়ে বিশেষ মনোযোগ নিদিয়ে৷ যোৰহাটত গঢ়ি তোলা মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই পদত্যাগ কৰিবলগীয়া হোৱা কথাটোৱে বিশ্ববিদ্যালয়খনৰ দুৰৱস্থা উদঙাই দিছে৷ শিৱসাগৰত স্থাপন কৰা সমবায় বিশ্ববিদ্যালয়খন নামতহে বিশ্ববিদ্যালয় হৈ আছে৷ বিগত সময়ত দীনদয়াল উপাধ্যায়ৰ নামত স্থাপন কৰা মহাবিদ্যালয়কেইখনৰ লগতে অন্য নামত পতা আদৰ্শ মহাবিদ্যালয়কেইখনো চলিছে অতি গতানুগতিকভাৱে৷ দুই এখন চলিছে সম্পূৰ্ণ অস্থায়ী ব্যৱস্থাৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এতিয়া স্থায়ী উপাচাৰ্য, পঞ্জীয়ক, উপ-পঞ্জীয়ক নাই৷ ড॰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত এইখন আগশাৰীৰ বিশ্ববিদ্যালয়ত সংঘটিত হৈছে ঘৃণনীয় বিত্তীয় কেলেংকাৰী৷ স্বয়ং উপাচাৰ্য, পঞ্জীয়ক আদিয়ে বিত্তীয় অনিয়মত লিপ্ত হৈ বিশ্ববিদ্যালয়খনক নিঃশেষ কৰিছে৷ দীঘলীয়া বিচাৰৰ নামত বিশ্ববিদ্যালয় চৌহদত এতিয়া নিৰাশা আৰু স্থৱিৰতাই বিৰাজ কৰিছে৷ সোনকালে বিচাৰ শেষ কৰি নতুন স্থায়ী উপাচাৰ্য আৰু পঞ্জীয়ক নিয়োগ কৰিব নোৱাৰিলে বিশ্ববিদ্যালয়খনৰ ভৱিষ্যৎ অন্ধকাৰ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাজলগা কাহিনী এতিয়া প্ৰতিদিনে বাতৰিৰ শিৰোনাম হয়৷ সঞ্চালকৰ নেতৃত্বত ২০১০ চনৰ পৰা ২০১৬ চনৰ ভিতৰত দূৰ আৰু মুক্ত শিক্ষাৰ কেন্দ্ৰ ‘আইডল’ত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী৷ অনুমোদন নোহোৱা ২১টা পাঠ্যক্ৰম চলাই প্ৰায় ৭৪ হাজাৰ শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ কৰা হৈছিল প্ৰায় ৪০ কোটি টকা৷ হাজাৰ হাজাৰ শিক্ষাৰ্থীক অন্ধকাৰত ৰাখি তেওঁলোকৰ পৰা সংগ্ৰহ কৰা মাচুলৰ ধনত পূৰ্বৰ সঞ্চালকে সংঘটিত কৰিছে চৰম বিত্তীয় অনিয়ম, যি কথা প্ৰথমে পোহৰলৈ আনিছে ‘কেগ’ৰ প্ৰতিবেদনে৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে তদন্ত চলাই থকা অৱস্থাতে অভিযুক্ত সঞ্চালকক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিয়োগ কৰা হৈছে৷ সেই সময়ত শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল আজিৰ মুখ্যমন্ত্ৰী৷ অনিয়মৰ সকলো কথা পোহৰলৈ অহাত শিক্ষামন্ত্ৰী হিচাপে বিধানসভাত প্ৰতিশ্ৰুতি দিছিল যে দোষী সাব্যস্ত হ’লে অভিযুক্ত সঞ্চালকক উপাচাৰ্য পদৰ পৰা অৱনমিত কৰি যথোপযুক্ত শান্তি বিহিব৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত প্ৰতিশ্ৰুতি দিয়াৰ বহু মাহ পাৰ হৈ যোৱাৰ পাছতো দোষীয়ে শাস্তি নোপোৱাকৈ আছে৷ বৰঞ্চ উপাচাৰ্য হিচাপে মুক্ত বিশ্ববিদ্যালয়তো নিয়োগ আৰু আন্তঃগাঁথনিৰ একচ্ছত্ৰী বেহা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ নীৰৱতা লক্ষণীয়৷ চৰকাৰৰ পৃষ্ঠপোষকতা নাথাকিলে বিচাৰ প্ৰক্ৰিয়া লেহেম নহ’লহেঁতেন আৰু বিচাৰাধীন সঞ্চালকে উপাচাৰ্য হিচাপে দপ্‌দপাই থাকিব নোৱাৰিলেহেঁতেন! শেহতীয়াভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত অস্থায়ী-চুক্তিবদ্ধ শিক্ষকৰ ছাটাইক লৈ চৌহদত বিৰাজ কৰিছে শৈক্ষিক অনিশ্চয়তা৷ এই প্ৰসংগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু আচাৰ্যৰ মাজত সৃষ্টি হৈছে মুকলি সংঘাত আৰু এনে সময়ত মুখ্যমন্ত্ৰীয়ে অৱলম্বন কৰিছে ৰহস্যজনক নীৰৱতা৷

অসমৰ মহাবিদ্যালয়সমূহক গতিশীল কৰাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে লোৱা কাৰ্যসূচীসমূহ গেঁথেলা মাৰিছে৷ মহাবিদ্যালয়ৰ পৰা উঃমাঃ শ্ৰেণী আঁতৰ কৰা হ’ব বুলি কেইবাবাৰো ঘোষণা কৰাৰ পাছতো সেই কাম হৈ উঠা নাই৷ শিক্ষক নিযুক্তিৰ নামত কৰা ডাঙৰ ডাঙৰ ঘোষণাৰ পাছতো বিশ্ববিদ্যালয়-মহাবিদ্যালয় সকলোতে শিক্ষকৰ অভাৱ চলিছে৷ কৰ’না পৰিস্থিতিয়ে স্থৱিৰ কৰিছে শিক্ষা৷ পৰীক্ষাক লৈ বিৰাজ কৰিছে চৰম বিশৃংখল পৰিস্থিতি৷ শিক্ষামন্ত্ৰী- মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সলাইছে স্থিতি৷

নতুন শিক্ষানীতিক লৈ চলা ঢাক-ঢোল এতিয়া নবজা হৈছে৷ ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ শিক্ষা এতিয়া চিকিৎসাধীন অৱস্থাত৷ ব্যক্তিগত খণ্ডক নিয়ন্ত্ৰণৰ প্ৰচেষ্টাত বাৰে বাৰে ব্যাহত হৈছে৷ আগতে শিক্ষামন্ত্ৰী হিচাপে কৰা সংস্কাৰৰ প্ৰস্তাৱসমূহ ধোঁৱাচাঙত উঠা দেখিও মুখ্যমন্ত্ৰী হিচাপে একো কৰিব পৰা নাই৷

চলিত বিধানসভাত জনপ্ৰতিনিধিসকলে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক কিমান জবাবদিহি কৰে, সেয়া হ’ব লক্ষণীয়৷ আগন্তুক বাজেটত শিক্ষাবিষয়ক কেনে প্ৰস্তাৱ ৰাখে, সেয়া হ’ব চাবলগীয়া৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনিয়মৰ ক্ষেত্ৰত চৰকাৰৰ বক্তব্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলৰ কেলেংকাৰীৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা কি হয়, সেয়া হ’ব বিশেষভাৱে লক্ষণীয়৷