Logo
image

মানৱ অংগৰ বেহা

কৰ’নাই বিধবস্ত কৰা সমাজত মানুহৰ এতিয়া অৰ্থৰ প্ৰচুৰ নাটনি৷ অৰ্থৰ অভাৱত বহু লোকে অনৈতিক কাম কৰিবলৈ অগ্ৰসৰ হৈছে৷ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকল সহজ চিকাৰ হৈছে দুষ্টচক্ৰৰ৷ শেহতীয়াকৈ ৰাজ্যত মানৱ অংগৰ বেহাৰ খবৰ পোহৰলৈ আহিছে৷ অৰ্থৰ প্ৰলোভন দেখুৱাই দুখীয়া লোকৰ অংগ অৰ্থৰ বিনিময়ত সংৰোপিত কৰিছে কোনো বিত্তৱানৰ আত্মীয়ৰ শৰীৰত৷ মানৱ অংগ বিক্ৰী কৰাটো আইন মতে দণ্ডনীয় যদিও কিদৰে অংগৰ ব্যৱসায় চলাই যাব পাৰিছে, সেয়াহে চিন্তনীয় বিষয়৷ চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব সাফল্যৰ ফলস্বৰূপে কোনো লোকৰ অংগ বিকল হ’লে আন লোকৰ, বিশেষকৈ ‘ব্ৰেইন-ডেথ’ লোকৰ অংগ নীতি-নিয়মৰ মাজেৰে সংৰোপণৰ দ্বাৰা ৰোগত আক্ৰান্ত লোকজনক পুনৰ জনম দিব পৰা হৈছে৷ বিশেষকৈ কোনো লোকৰ কিডনী, যকৃত আদি বিকল হ’লে তেনে ৰোগীৰ শৰীৰত আন লোকৰ কিডনী, যকৃত সংৰোপিত কৰি আৰোগ্য কৰিব পাৰি৷ তদুপৰি অন্ধ লোকক আন লোকৰ চকু দান দিও পৃথিৱীৰ পোহৰ দেখুৱাব পাৰি৷ জীৱিত কালতে অংগদানৰ বাবে নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে ইচ্ছাপত্ৰত স্বাক্ষৰ কৰা লোকৰ মৃত্যুৰ পাছত নিৰ্ধাৰিত সময়ৰ ভিতৰত অংগ উলিয়াই অন্য ৰোগীৰ দেহত সংৰোপিত কৰা হয়৷ এয়া সম্পূৰ্ণ চৰকাৰী নীতি-নিয়মৰ মাজেৰেহে সম্পন্ন হয়৷ অংগ সংৰোপণ ব্যৱস্থা এক কঠোৰ নীতি-নিয়মৰ মাজেৰে সম্পাদন কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে মানৱ অংগ সংৰোপণ আইন-১৯৯৪ গৃহীত কৰে৷ এই আইন মতে, কোনো ৰোগীৰ আত্মীয়– মাক-দেউতাক, ভাই-ভনী, পুত্ৰ-জী, স্বামী-স্ত্ৰী, ককা-আইতাকেহে অংগ দান কৰিব পাৰে৷ অংগদানৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া এখন কমিটীৰ ওচৰত স্ব-ইচ্ছাই যে অংগদান কৰিছে আৰু তেওঁলোক যে আত্মীয় সেই বিষয়ে প্ৰমাণ দিব লাগে৷ নিৰ্দিষ্ট কমিটীয়ে এই বিষয়ে পৰীক্ষা কৰি অংগ দান যদি ধনৰ বিনিময়ত বা কোনো প্ৰৰোচনাত হোৱা নাই, তেতিয়া কতৃৰ্ত্বশীল কমিটীয়ে অনুমতি দিয়া চিকিৎসালয়ত অংগ সংৰোপণৰ ব্যৱস্থা কৰিব পাৰে৷ এই ব্যৱস্থাৰ সুযোগ লৈ সম্প্ৰতি দেশত এচামে ধনৰ বিনিময়ত সকলো মেনেজ কৰি মানৱ অংগৰ ৰমৰমীয়া বেহা চলাই গৈছে৷ আনকি কোনো কোনো চিকিৎসালয় কতৃৰ্পক্ষ আৰু চিকিৎসকে মানৱ অংগৰ অবৈধ বেহাক ইন্ধন যোগাই সমগ্ৰ দেশতে এক নেটৱৰ্ক গঢ়ি তুলিছে৷

জীয়াই থকাৰ বাসনা সকলোৰে আছে৷ কোনেও এই সুন্দৰ পৃথিৱীখন অকালতে এৰি যাব নোখোজে৷ কিন্তু ধনসৰ্বস্ব পৃথিৱীত আজি পদে পদে দুখীয়া লোককে চিকাৰ হিচাপে লৈছে এচাম লোকে৷ উদয়াস্ত কাম কৰিও দুবেলা-দুমুঠি ভালদৰে খাবলৈ নোপোৱা লোকক সহজ ধনৰ লোভ দেখুৱাই অংগ বিক্ৰী কৰাবলৈ বাধ্য কৰাইছে এচাম দালালৰূপী অংগ ব্যৱসায়ীয়ে৷ কাৰোবাক জীৱন দান কৰিব পৰাটো মহৎ কাম; কিন্তু কাৰোবাক জীৱন দিবলৈ গৈ নিজৰ জীৱন তথা পৰিয়ালক বিপদাপন্ন কৰাটো কেতিয়াও মহৎ কাম হ’ব নোৱাৰে৷ সেয়ে চৰকাৰে কঠোৰ বিধি-ব্যৱস্থাৰ জৰিয়তে মানৱ অংগৰ বেহা বন্ধ কৰিব লাগে৷ অন্যথা অৰ্থলোভী চিকিৎসক, চিকিৎসালয় কতৃৰ্পক্ষৰ এচামে চিকিৎসাৰ বাবে যোৱা যিকোনো লোকৰে অংগ উলিয়াই নি অংগ সংৰোপণৰ এক বৃহৎ বজাৰ গঢ়ি তুলিব৷