Logo
image

ইটালীত কঠোৰ ট্ৰেইনিং, মোদীৰ শুভেচ্ছা ল’বলৈ নাপালে লাভলীনাই

আমাৰ অসম, ১৫ জুলাইঃ বক্সিং ৰিঙৰ শুভ্ৰ কেনভাছত লাভলীনাই শৰীৰৰ বহুত ঘাম পেলাইছে৷ প্ৰতিপক্ষৰ অসংখ্য নিৰ্দয় পান্স তেওঁ গা পাতি লৈছে৷ পিছে এতিয়ালৈকে লাভলীনাই স্পিণ্টাৰ হিমা দাসৰ দৰে দেশজোৰা প্ৰচাৰৰ আলোক পোৱা নাই৷ ৰাজানুগ্ৰহো সিমান লাভ কৰা নাই৷ কিন্তু এই সকলো উপেক্ষা পাহৰি এতিয়া লাভলীনা ইটালীৰ এছিজী নামৰ সৰু পাহাৰীয়া চহৰখনত কঠোৰ অনুশীলনত ব্যস্ত৷ কাৰণ ৫ ফুট ১০ ইন্সি শাৰীৰিক উচ্ছতাৰ লাভলীনা বৰগোহাঁয়ে খুব ভালদৰেই জানে, এটা অলিম্পিকৰ স্বৰ্ণ বা এটা পদকে নিশাটোৰ ভিতৰতে সলনি কৰি পেলাব পাৰে তেওঁ ক্ৰীড়া-অদৃষ্ট৷ সেয়ে ২০১৯ চনতে লাভলীনাই কৈছিল– ‘অলিম্পিকৰ স্বৰ্ণপদক অৰ্জন নকৰালৈকে মই বিশ্ৰাম নলওঁ৷ কঠোৰ পৰিশ্ৰম কৰি যাম৷ অদৃষ্টই মোৰ বাবে কি পৰিকল্পনা কৰি ৰাখিছে সেয়া মই নাজানো আৰু তাক লৈ মই উদ্বিগ্ন নহওঁ৷ বাস্তৱ সত্য হ’ল, আঘাত অতিক্ৰম কৰি মই এতিয়া ৰিঙৰ প্ৰয়োজনীয় শক্তি আহৰণ কৰিছোঁ আৰু সিয়েই মোক এনে লক্ষ্য স্থিৰ কৰিবলৈ সাহস যোগাইছে৷’ সন্দেহ নাই, এই মন্তব্য কৰাৰ দুবছৰৰ পাছত আজি লাভলীনা অলিম্পিক পদকৰ যুঁজৰ অন্যতম শক্তিশালী প্ৰতিদ্বন্দ্বী আৰু সেয়া প্ৰমাণ কৰিছিল তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি৷ সম্প্ৰতি লাভলীনা ইটালীৰ এছিজী চহৰত জাতীয় মহিলা বক্সিং দলটোৰ প্ৰশিক্ষক ৰাফেলে বাৰ্গামাছক’ৰ অধীনত কঠোৰ প্ৰশিক্ষণত ব্যস্ত৷ ইটালীৰ নাগৰিক ৰাফেলেৰ পৰিচিত পৰিৱেশত দলৰ সতীৰ্থৰ সৈতে চলি থকা এই অনুশীলন আক্ষৰিক অৰ্থতে অতিশয় কঠিন৷ দেশৰ বক্সিং ফেডাৰেশ্বনে অলিম্পিয়ান বক্সাৰকেইজনৰ বাবে এজনকৈ অনুশীলন সংগীও প্ৰেৰণ কৰিছে, য’ৰ অংশীদাৰ হৈ আছে অসমৰ শিৱ থাপাও৷ সালসলনিকৈ তেওঁলোকে ভিন ভিন ষ্টাইলেৰে মূল প্ৰতিদ্বন্দ্বীসকলৰে সমানে যুঁজি অনুশীলনত সহায় কৰিছে. স্বৰ্ণপদকত লক্ষ্য স্থিৰ কৰি লাভলীনাইয়ো কঠোৰ অনুশীলনত ব্ৰতী হৈছে৷ অহা ১৮ জুলাইত লাভলীনা আৰু সতীৰ্থ বক্সাৰ ইটালীৰ পৰা টকিঅ’লৈ আহিব৷

দেশ আৰু ৰাজ্যৰ ক্ৰীড়ানুৰাগীৰ বিগত কিছুদিন ধৰি অবিৰত প্ৰশ্ন– টকিঅ’ অলিম্পিকত লাভলীনাৰ পদক লাভৰ সম্ভাৱনা কিমান? এই প্ৰশ্নৰ উত্তৰ অতিকৈ কঠিন৷ দৌৰৰ ক্ষেত্ৰত বিশ্বৰ যিকোনো আগশাৰীৰ প্ৰতিযোগীয়ে নিৰ্দিষ্ট কেইমাহমান সময়ৰ ভিতৰত একেটা নিৰ্দিষ্টসময়মানৰ ভিতৰত দৌৰ শেষ কৰে৷ ফলত তেওঁলোকৰ সম্ভাৱনীয়তা আগতীয়াকৈ ধাৰণা কৰিব পৰা যায়৷ কিন্তু বক্সিং হৈছে ‘বডী কণ্টেক্ট গেম৷’ কোনো এটা দিনত যিকোনো এজন বক্সাৰে ৰিঙত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰে৷ তদুপৰি চাৰিজন বিচাৰকৰ ভিতৰত একেলগে তিনিজনে হাতৰ আঙুলিৰে বুটামত হেঁচা নিদিলে সঠিক পান্স মাৰিও বক্সাৰে পইণ্ট লাভ নকৰিব পাৰে৷ কেতিয়াবা দুৰূহ কোণৰ পৰা আৰু বক্সাৰৰ শৰীৰৰ আঁৰ হৈ থকা অৱস্থাত বিচাৰকে সঠিক পান্স নেদেখাতো আৰু একেলগে বুটমত আঙুলি নপৰাতো অৱশ্যেই কাৰিকৰী কাৰণ আৰু এয়া বক্সিং ৰিঙত সততে দেখা যায়, য’ত দুৰ্ভগীয়া বক্সাৰ বঞ্চিত হোৱাৰ আশংকা থাকি যায়৷

তেনে দুৰ্ভাগ্যৰ বিষয়ে চিন্তা নকৰাকৈ ক’ব পাৰি, লাভলীনাৰ টকিঅ’ অলিম্পিকত পদক অৰ্জনৰ পূৰ্ণ সম্ভাৱনা আছে৷ শেহতীয়া বিশ্বক্ৰমত লাভলীনাৰ স্থান আছিল বিশ্বত তৃতীয়৷ ৱেল্টাৰৱেইট শাখাত খেলা লাভলীনাক অলিম্পিক টাস্ক ফ’ৰ্চে প্ৰদান কৰা ক্ৰম হৈছে পঞ্চম৷ অৰ্থাৎ সেই দিশৰ পৰা লাভলীনাৰ সন্মুখত টকিঅ’ অলিম্পিকত ৪গৰাকী বক্সাৰ আছে৷ অৱশ্যে তেওঁলোকে যে একাদিক্ৰমে পদক লাভ কৰিব, তেনে নহয়৷ শীৰ্ষৰ বক্সাৰ আগতীয়াকৈ মুখামুখি হ’ব পাৰে আৰু তাৰ পৰা যিকোনো আগশাৰীৰ বক্সাৰ বাহিৰ হৈ যাব পাৰে৷ সাধাৰণতে পঞ্চম স্থানত থকা বক্সাৰক পদক প্ৰত্যাশী বুলিয়েই ধৰা হয় আৰু সেইদিনশৰ পৰা বিশ্ব চেম্পিয়নশ্বিপৰ দুবাৰৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনাও টকিঅ’ অলিম্পিকৰ ৬৯ কেজি শাখাৰ অন্যতম ফেভাৰিট৷ ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে লাভলীনাই মুঠতে ৫খন মেচত খেলিব লাগিব আৰু ইয়াৰ প্ৰত্যেকখন যুঁজেই নকআউট মেচ, য’ত পৰাজয় মানেই বাহিৰ৷ যদি মেচৰ ‘ড্ৰ’ই লাভলীনাক সামান্য সুযোগ দিয়ে তেওঁৰ ছেমিফাইনেল প্ৰৱেশ অৱধাৰিত৷ বক্সিঙৰ ছেমিফাইনেল মানেই নিশ্চিত পদক আৰু তেতিয়াই ইমান দিনে উপেক্ষিত লাভলীনাই লাভ কৰিব অসামান্য ৰাজানুগ্ৰহ৷ উপেক্ষিত এইবাবেই যে, হিমাৰ দৰে নিয়ম সলনি কৰি লাভলীনাক অসম চৰকাৰে এতিয়াও চৰকাৰী উচ্ছপদ প্ৰদান কৰা নাই৷ অথচ তেনে শীৰ্ষ পদৰ বাবে দুবাৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ বিজয়ী লাভলীনাই ব্যক্তিগত আগ্ৰহো দেখুৱাইছিল৷ হয়তো লাভলীনাই নিজৰ সকলো প্ৰাপ্য বক্সিং ৰিঙৰ দৰে যুঁজিয়েই ল’ব লাগে৷