ফলাফলৰ নামত ধনৰ লেনদেন
মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ বিসংগতি আৰু অনিশ্চয়তা আঁতৰাই নাই৷ প্ৰথমতে পৰীক্ষা হ’বনে নহয় তাক লৈ গভীৰ অনিশ্চয়তা বিৰাজ কৰিলে৷ পৰীক্ষা নহ’ব বুলি সিদ্ধান্ত হোৱাৰ পাছত কিধৰণৰ পদ্ধতিত ফলাফল দিয়া হ’ব তাকে লৈ অনিশ্চয়তা বিৰাজ কৰে৷ অৱশেষত বহু বাদ-বিসম্বাদ, আলোচনা আৰু সমালোচনাৰ অন্তত ঠিক হ’ল যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নেতৃত্বত গঠিত দুখন সমিতিয়ে দিয়া পৰামৰ্শমতে ফলাফল ঘোষণা হ’ব৷
আৰম্ভণিৰে পৰা পৰীক্ষাৰ বিষয়টোক লৈ সমালোচনা চলি আছিল৷ পৰীক্ষাতকৈ নিৰ্বাচনত বেছি গুৰুত্ব দিয়া হ’ল বুলি প্ৰায় সকলোৱে অনুভৱ কৰিছে৷ ফেব্ৰুৱাৰী-মাৰ্চতে পাতি শেষ কৰিব পৰা পৰীক্ষাটো পিছুৱাই পিছুৱাই অনিশ্চয়তাৰ মাজলৈ লৈ যোৱা হয় বুলি কোৱা হয়৷ স্বয়ং শিক্ষামন্ত্ৰীয়ে নিৰ্বাচনৰ আগতে কৈছিল চৰকাৰ গঠনৰ দুদিন পাছতে কেবিনেটে পৰীক্ষাবিষয়ক সিদ্ধান্ত ল’ব৷ এখন স্বতন্ত্ৰৰীয় ব’ৰ্ড থকাৰ পাছতো পৰীক্ষাৰ বিষয়টোত চৰকাৰে বেছি হস্তক্ষেপ কৰা দেখা যায়৷ প্ৰাক্তন শিক্ষামন্ত্ৰীয়ে বিষয়টোত ৰাজনীতিৰ গোন্ধ বিয়পাই দিয়ে৷ নিৰ্বাচিত সংগঠনকেইটামানৰ লগতে আছুক বিশেষ গুৰুত্ব প্ৰদান কৰি বিষয়টো বহুপৰিমাণে জটিল কৰে৷ দিছপুৰৰ সভাৰ পৰা ওলাই আছুৱে পোনে পোনে সংবাদ মেল পাতি সিদ্ধান্ত ঘোষণা কৰা দেখা যায়৷ ইফালে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ কথাৰ অমিল ৰাজহুৱাভাৱে প্ৰত্যক্ষ কৰা দেখা যায়৷ তাৰে মাজতে ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণাৰ প্ৰস্তুতি চলে৷
মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকৰ মূল্যায়নৰ প্ৰস্তাৱিত ফৰ্মূলাক লৈ যথেষ্ট বিতৰ্ক চলি থকাৰ উপৰি চৰকাৰে এই বছৰৰ নম্বৰ তালিকা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলি কোৱা কথাই সৃষ্টি কৰে নতুন বিতৰ্ক৷ বিভিন্ন দল, সংগঠন এই বিষয়ক লৈ প্ৰতিবাদত সৰৱ হৈ উঠে৷ এনে অৱস্থাত শিক্ষামন্ত্ৰীয়ে কয় কিবা এটা, মুখ্যমন্ত্ৰীয়ে কয় আন কিবা এটা৷ এনে বিসংগতি আৰু অনিশ্চয়তাৰ মাজতে জোৰ-জবৰদস্তি বিতৰ্কৰ অন্ত পেলোৱা হয় যদিও অনিশ্চয়তাৰ ডাৱৰ এতিয়াও সম্পূৰ্ণ আঁতৰি যোৱা নাই৷
শেহতীয়াভাৱে বিষয়টো সংবাদৰ শিৰোনাম হৈছে মেট্ৰিকৰ ফলাফলৰ নামত ধনৰ লেনদেন হোৱা বুলি অভিযোগ উঠাৰ বাবে৷ ইতিমধ্যে এনে সম্ভাৱনা প্ৰকট হৈ আছিল৷ ফলাফলৰ নামত যে ব্যাপক বিসংগতি হ’ব, আনকি ধনৰ লেনদেনো হ’ব তেনে শংকা ৰাজহুৱাভাৱে প্ৰকাশ পাইছিল৷ সামাজিক মাধ্যমত একাংশ লোকে এই বিষয়ত আগতীয়াকৈ সকীয়াই দিয়া দেখা গৈছিল৷ তাৰপাছতো চৰকাৰ আৰু সংশ্লিষ্ট কতৃৰ্পক্ষসমূহে সময়োচিত প্ৰতিৰোধী ব্যৱস্থা নোলোৱা বাবে ভবাতকৈ বেছি ঘৃণনীয় ঘটনা ঘটিবলৈ পালে৷ ধৰ্মীয় ৰহণ সানি নিজস্ব ষ্টাইলত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এদিন ৰাজহুৱাকৈ কৈছিল যে এইবাৰ জনীয়া, বাঘবৰ আদি ঠাইত পৰীক্ষাৰ্থীক এশ বা এশ শতাংশৰ ওচৰত নম্বৰ দিব৷ এই কথাত প্ৰকাশ পোৱা আৰু সচেতন নাগৰিক কিছুমানে সকীয়াই দিয়াৰ দৰে ঘটনা এতিয়া খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ভিতৰত অৱস্থিত কামৰূপ জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ঘটিছে৷ নম্বৰৰ বাবে ধন লোৱা ঘটনা ঘটি থকা বুলি আৰক্ষীৰ বৃহৎ দলে পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান চলাই পৰিদৰ্শকৰ লগতে নিৰ্দিষ্ট বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীক আটক কৰাৰ খবৰ প্ৰকাশ পায়৷
ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া হোৱাৰ মাজতে অতি শেহতীয়াভাৱে খবৰ প্ৰকাশ পাইছে যে ফলাফলৰ বাবে ধনৰ লেনদেন কৰা বুলি পোৱা অভিযোগৰ ভিত্তিত আটক কৰা বিদ্যালয় পৰিদৰ্শকক গুৰুত্বপূৰ্ণ পদলৈ বদলি কৰা হৈছে৷ বদলিৰ যোগেদি অভিযুক্ত আৰু ইতিমধ্যে ৰাইজৰ আদালতত দুৰ্নীতিপৰায়ণ বুলি চিনাক্ত বিষয়াক সুৰক্ষা দিব খোজা যেন হৈছে৷ তদন্ত চলি থকা অৱস্থাত অভিযুক্ত বিষয়াক বদলিৰ নামত সুবিধাজনক পদত বহুৱাই চৰকাৰে নিজৰ ৰাজনৈতিক ক্ষমতা প্ৰকাশ কৰিছে৷ ৰাজনৈতিক পৃষ্ঠপোষকতা অবিহনে বিভাগীয় বিষয়াই এনে সিদ্ধান্ত ল’ব বুলি কাৰো ধাৰণা নহ’ব৷ ধনৰ লেনদেনৰ সকলো খবৰ নিজৰ হাতত থকা বুলি কৈ সকলো পৰিদৰ্শকক মুখ্যমন্ত্ৰীয়ে সতৰ্কবাণী শুনোৱাৰ মাত্ৰ কেইঘণ্টামান পাছতে আৰক্ষীয়ে জেৰাৰ বাবে আটক কৰা বিষয়াক কৌশল কৰি আঁতৰাই পঠোৱা হৈছে৷ চৰকাৰৰ এনে কাণ্ডত শিক্ষাৰ উন্নতি বিচৰা সচেতন লোকসকল হতাশ হোৱাটো স্বাভাৱিক৷ এনে হতাশাই বহুত ক্ষতি কৰিব৷ এইবাৰৰ ঘটনাৱলীয়ে ৰাজহুৱা শিক্ষা ব্যৱস্থাটোৰ বহুত ক্ষতি কৰিব বুলি কোৱামেলা চলিছে৷ চৰকাৰৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত লোৱা ভূমিকা হ’ব লক্ষণীয়৷ বদনাম আৰু অভিযোগৰ পৰা মুক্ত কৰি শিক্ষা বিভাগটোক ৰক্ষা কৰিব নোৱাৰিলে এই পাঁচ বছৰতে বিভাগটোৰ অৱশিষ্ট মৰ্যাদাকণো নাইকিয়া হ’ব৷






