মিছন টকিঅ’
ক্ৰিকেট যদিও ভাৰতৰ সবাতোকৈ জনপ্ৰিয় খেল, তথাপি প্ৰতি চাৰিবছৰৰ মূৰত এবাৰ ভাৰতীয় ক্ৰীড়াপ্ৰেমীয়ে ক্ৰিকেটৰ পৰা আঁতৰি ব্যস্ত হৈ পৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিকক লৈ৷ ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ মাজতে শুকুৰবাৰৰ পৰা ছামুৰাইৰ দেশ জাপানৰ ৰাজধানী টকিঅ’ত আৰম্ভ হ’ব অলিম্পিক৷ ১৩৫ কোটি দেশবাসীৰ প্ৰত্যাশাৰ বোজা কঢ়িয়াই ১১৯জন খেলুৱৈয়ে ক্ৰীড়া সমাৰোহখনত প্ৰতিনিধিত্ব কৰিব ভাৰতক৷ প্ৰতিবাৰেই অলিম্পিকৰ পূৰ্বে ভাৰতীয় দলটোক লৈ ক্ৰীড়াপ্ৰেমীয়ে বহু আশা কৰে৷ কিন্তু ১৯২০ চনৰ পৰা এতিয়ালৈকে প্ৰতিবাৰেই অলিম্পিকত ভাগ লোৱা ভাৰতৰ নামত আছে কেৱল ২৮টা পদক৷ অলিম্পিকত ভাৰতৰ সফলতম ইভেণ্টটো হৈছে হকী৷ অলিম্পিকত এতিয়ালৈকে ভাৰতে লাভ কৰা ৯টা স্বৰ্ণপদকৰ আঠটায়ে আহিছে হকীত৷ আনটো স্বৰ্ণপদক আহিছিল ২০০৮ চনৰ বেইজিং অলিম্পিকত৷ সেই পদকটো পাইছিল শ্বুটাৰ অভিনৱ বিন্দ্ৰাই৷ হকীত ভাৰতৰ নামত আছে আঠটা স্বৰ্ণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক৷ অলিম্পিকৰ হকীত ভাৰতে এঘাৰটা পদক লাভ কৰিছে যদিও ১৯৮০ চনৰ মস্কো অলিম্পিকৰ পাছত হকীত পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই ভাৰত৷ যদি পদকৰ সংখ্যালৈ চোৱা হয়, তেন্তে ভাৰতৰ বাবে ২০১২ চনৰ লণ্ডন অলিম্পিক আছিল এতিয়ালৈকে সফলতম৷ সেইবাৰ ভাৰতে লাভ কৰিছিল মুঠতে ছটা পদক, য’ত আছিল দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক৷ তাৰ চাৰি বছৰ পাছত ব্ৰাজিলৰ ৰিঅ’ চহৰত অনুষ্ঠিত হোৱা অলিম্পিকত ভাৰতে লণ্ডনৰ তুলনাত অধিক পদক লাভ কৰাৰ আশা কৰিছিল যদিও সেইবাৰ কেৱল এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিবলগীয়া হৈছিল ভাৰত৷
কৰ’না মহামাৰীৰ বাবে ২০২০ বৰ্ষৰ জুলাইত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিক এবছৰ পাছত অনুষ্ঠিত হ’ব৷ জাপানত ক’ভিড পৰিস্থিতি উন্নত হোৱা নাই যদিও তেনে পৰিস্থিতিতে ২০৬খন দেশৰ এঘাৰ হাজাৰ এথ্লীটৰ সমাৱেশ ঘটিব টকিঅ’ত৷ টকিঅ’ত ভাৰতৰ পদকৰ সংখ্যা দহৰ ওপৰত থাকিব বুলি আশা কৰা হৈছে৷ এইবাৰ ভাৰতীয় খেলুৱৈৰ পৰা পদক আশা কৰা ইভেণ্টকেইটা হৈছে শ্বুটিং, ভাৰোত্তোলন, মল্লযুঁজ, বক্সিং, আৰ্চাৰী, বেডমিণ্টন, টেনিছ আৰু টেব্ল টেনিছ৷ এথলেটিক্ছতো নীৰজ চোপ্ৰাৰ [জেভেলিন] পৰা পদক আশা কৰা হৈছে৷ ২০০৮ চনৰ বেইজিং অলিম্পিকত বীজেন্দৰ কুমাৰে বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত ২০১২ চনৰ লণ্ডন অলিম্পিকত মহিলা বক্সাৰ এম চি মেৰী কমেও ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ ছবাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন ৩৮ বছৰীয়া মেৰী কমক অলিম্পিকত অন্তিমবাৰৰ বাবে দেখা যাব৷ মেৰী কমৰ লগতে অমিত পাংগাল আৰু অসমৰ লাভলীনা বৰগোহাঁইৰ পৰাও এইবাৰ পদক আশা কৰা হৈছে৷ তেনেদৰে বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেল্থ গেমছৰ স্বৰ্ণপদকজয়ী মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৰ পৰাও আশা কৰা হৈছে পদক৷ ভাৰোত্তোলনত এতিয়ালৈকে ভাৰতে এটা পদক লাভ কৰিছে৷ ২০০০ চনৰ ছিডনী অলিম্পিকত সেই পদকটো জয় কৰিছিল কাৰনম মালেশ্বৰীয়ে৷ এটা কথা প্ৰায়েই শুনিবলৈ পোৱা যায় যে কেনিয়া আৰু ইথিঅ’পিয়াৰ দৰে দেশ অৰ্থনৈতিক দিশত ভাৰততকৈ বহু পিছপৰা৷ তথাপি অলিম্পিকত এই দেশ দুখন ভাৰতৰ তুলনাত বহু আগবঢ়া৷ এয়া সম্ভৱ হৈছে সঠিক পৰিকল্পনা আৰু আঁচনিৰ বাবে৷ ভাৰতত শেহতীয়াকৈ ক্ৰীড়াক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু ইয়াৰ সুফলো পোৱা গৈছে৷ কিন্তু অলিম্পিকত পদকৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে প্ৰয়োজন হ’ব দীৰ্ঘম্যাদী পৰিকল্পনাৰ৷ বক্সিং, বেডমিণ্টন, টেব্ল টেনিছ আদি ইভেণ্টত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় খেলুৱৈয়ে শেহতীয়াভাৱে যথেষ্ট ভাল ফল দেখুৱাইছে৷ ইয়াৰ বাবে সংশ্লিষ্ট ৰাষ্ট্ৰীয় ফেডাৰেশ্বনকেইটাই লোৱা পদক্ষেপৰো প্ৰশংসা কৰিব লাগিব৷ চৰকাৰেও পদক লাভৰ সম্ভাৱনা থকা ইভেণ্টকেইটাত অধিক গুৰুত্ব দি সেই ইভেণ্টৰ সৈতে জড়িত খেলুৱৈক সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে উচিত ব্যৱস্থা ল’লে নিঃসন্দেহে অলিম্পিকত ভাৰতীয় খেলুৱৈৰ পৰা অধিক উন্নত প্ৰদৰ্শন আশা কৰিব পাৰিব৷ টকিঅ’ অলিম্পিকত দেশবাসীৰ প্ৰত্যাশাৰ মান ৰাখক খেলুৱৈসকলে৷ সফল হওক ভাৰতৰ মিছন টকিঅ’৷ টকিঅ’ অলিম্পিকে দিয়ক ভাৰতৰ অলিম্পিক আন্দোলনক নতুন মাত্ৰা৷






