Logo
image

অপৰাধ

সমাজত প্ৰতিজন লোকেই সুখে-সন্তোষে জীৱন অতিবাহিত কৰিব বিচাৰে৷ কিন্তু যেতিয়া এচাম লোকে হাড়ভগা পৰিশ্ৰম কৰিও নূ্যনতম প্ৰয়োজনীয়খিনি যোগাৰ কৰাত অসমৰ্থ হয়, তেতিয়া অভাৱ দূৰ কৰাৰ পোন আৰু সহজ বাট বহুতে বিচাৰে৷ ইয়াৰ ফলস্বৰূপে সমাজত দুৰ্নীতি-অনিয়ম হোৱাৰ উপৰি অপৰাধজনিত ঘটনা সংঘটিত হয়৷ আধুনিক আৰু অৰ্থসৰ্বস্ব ভোগবাদী সমাজত প্ৰায়ভাগ লোকেই সহজলভ্য ধনৰ পাছত দৌৰে৷ অধিক ধন আহৰণৰ প্ৰতিযোগিতায়ো মানুহক বিপথগামী কৰে৷ তদুপৰি মানুহে ৰিপুক দমন কৰিব নোৱৰাৰ বাবেও অপকৰ্ম সংঘটিত হয়৷ এনেবোৰ কাৰণৰ বাবেই ৰাজ্যত সংঘটিত হৈছে ঠগ-প্ৰৱঞ্চনা, চুৰি-ডকাইতি, অপহৰণ, ধৰ্ষণ, নাৰী নিৰ্যাতন, নাৰী সৰবৰাহ আদিৰ দৰে ঘটনা৷ ৰাজ্যত ক্ৰমাগতভাৱে বাঢ়ি অহা অপৰাধজনিত ঘটনাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অপৰাধ নিৰ্মূল কৰাৰ লক্ষ্যৰে অপৰাধীৰ প্ৰতি কঠোৰ হোৱাৰ নিৰ্দেশ দিছে আৰক্ষী বিভাগক৷ প্ৰয়োজন সাপেক্ষে অপৰাধীক এন্‌কাউণ্টাৰ কৰাৰো নিৰ্দেশ দিছে৷ মুখ্যমন্ত্ৰীৰ এনে ঘোষণাৰ পাছতে ৰাজ্যত শেহতীয়াকৈ অপৰাধীক এন্‌কাউণ্টাৰ কৰাৰ ঘটনা বৃদ্ধি পাইছে৷ অৱশ্যে, আৰক্ষীৰ এনে এন্‌কাউণ্টাৰ কাৰ্যই মানৱ অধিকাৰ উলংঘা কৰাৰ লগতে ন্যায়পালিকাকো অস্তিত্বহীন কৰিছে বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ পাঁচখন  শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰাৰ কথা দোহাৰিছে যদিও অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা ৰাজ্যখনে সেই লক্ষ্যত কেতিয়া উপনীত হ’ব পাৰে, সেই কথা সময়েহে ক’ব৷ নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অন্যতম ৰাজ্যৰূপে পৰিগণিত অসমত বিগত ডেৰ বছৰত ২০,২৪৫টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷ অৱশ্যে, এই পৰিসংখ্যা আৰক্ষী থানাত পঞ্জীভুক্ত গোচৰৰ ভিত্তিত অসম বিধানসভাত ৰাজ্য চৰকাৰে সোমবাৰে প্ৰকাশ কৰে৷ ইয়াৰ উপৰি পঞ্জীয়ন নোহোৱাকৈ থকা বহু অপৰাধৰ কথা সমাজৰ আঁৰতেই ৰৈ গৈছে৷ উল্লেখ্য, বিকৃত মানসিকতাৰ লোকে ক’ৰবাত নহয় ক’ৰবাত নিতৌ ধৰ্ষণ, যৌন নিৰ্যাতন, হত্যা-অপহৰণ আদি সংঘটিত কৰি আহিছে৷ চৰকাৰী তথ্য মতে, বিগত ডেৰ বছৰত  ১৪,৩২১টা হত্যাকাণ্ডৰ ঘটনা, ৫৭,৮৪২টা অপহৰণৰ ঘটনা, ২৮৩টা গণৰোষৰ ঘটনা সংঘটিত হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি উক্ত সময়ছোৱাত ১,১২,৪৭৮টা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ লগতে ১১১টা ডাইনী-কাণ্ডৰ ঘটনা সংঘটিত হৈছে৷ তদুপৰি, চুৰি-ডকাইতি, ঠগ-প্ৰৱঞ্চনাৰ ঘটনা আছেই৷ কাজেই ৰাজ্যৰ অধিকাংশ লোকৰ বাবে অপৰাধ সংঘটিত কৰাটো তেনেই সাধাৰণ কথা হৈ পৰিছে৷

যিখন ৰাজ্যত পিতৃয়ে পুত্ৰক, পুত্ৰই পিতৃ-মাতৃক সামান্য কথাতে হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে, যিখন ৰাজ্যত ৬০-৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হয় নাবালিকা কন্যা, সেইখন ৰাজ্যত অপৰাধ যে চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব, সেয়া আশা কৰা মিছা৷ কৰ্মহীন, বিবেকশূন্য মানুহৰ বাবে নিতৌ সংঘটিত হৈ আছে নৃশংস হত্যাকাণ্ড, যৌন নিৰ্যাতনৰ ঘটনা৷ এনেবোৰ কাৰণতে অসম দেশৰ ভিতৰতে আটাইতকৈ বেছি অপৰাধ সংঘটিত হোৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম৷ তদুপৰি নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষস্থানত থকা ৰাজ্যখনৰ লোকসকল যদিহে নিজেই সংযত নহয়, তেন্তে অসমৰ সমাজব্যৱস্থা যে আৰু বেয়া হ’ব, সি নিশ্চিত৷ তদুপৰি ২০২০ৰ পৰা ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে অসমতো জনসাধাৰণৰ জীৱন-জীৱিকাত নেতিবাচক প্ৰভাৱ পেলোৱাৰ ফলত এতিয়া বহু লোক মানসিক ৰোগত ভুগিছে, মূলতঃ অৰ্থনৈতিক কাৰণত৷ বহু লোকে ইতিমধ্যে হতাশ হৈ অকাল মৃত্যুক আঁকোৱালিও লৈছে৷ হতাশাগ্ৰস্ত এনে বহু লোকে এতিয়া অপৰাধজগততো ভৰি দিছে৷

সমাজৰ পৰা অপৰাধ নিৰ্মূল কৰিবলৈ হ’লে চৰকাৰে সকলো লোককে কামৰ সুবিধা দিব লাগিব৷ কৰ্মৰ জৰিয়তে উপাৰ্জনৰ সুবিধা পালে হয়তো সমাজৰ পৰা অপৰাধ ভালেখিনি নিৰ্মূল হ’ব৷