
‘পেগাছাছ’ গণতন্ত্ৰৰ বিপদঘণ্টা
গণতন্ত্ৰৰ বাবে ভয়াৱহ খবৰ! যি খবৰে ১৮ জুলাইৰ পৰা সমগ্ৰ বিশ্বত তোলপাৰ লগাইছে৷ বিশ্বৰ ১০খন দেশৰ হাজাৰ হাজাৰ নাগৰিক, ৰাজনৈতিক নেতা, সমাজকৰ্মী, বুদ্ধিজীৱী, সাংবাদিকৰ ফোনসমূহ গোপনে টেপ কৰা হৈছে৷ কেৱল ইমানেই নহয়, বহু দেশৰ সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তি, ন্যায়াধীশৰ ফোনো কোনোবাই হেক কৰি গোপনে সকলো তথ্য চুৰি কৰিছে৷ আমাৰ বাবে উদ্বেগজনক কথাটো হ’ল, এই তালিকাত ভাৰতৰ প্ৰায় তিনিশ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি আছে৷ ইয়াৰ ভিতৰত দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ অন্যান্য পাঁচ সহযোগী, নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ, তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জী, দ্য হিন্দু, ইণ্ডিয়ান এক্সপ্ৰেছ, ইণ্ডিয়া টুডে’ৰ দৰে বৃহৎ বৃহৎ সংবাদগোষ্ঠীৰ সাংবাদিক, দ্য ৱায়েৰৰ দৰে সংবাদ সংস্থাৰ মুৰব্বীকে ধৰি আন সাংবাদিকৰ ফোন টেইপ কৰি কোনোবাই গোপনে সকলো তথ্য আগতীয়াকৈ চুৰি কৰি আছে৷ ভাৰতৰ এনে ফোন নম্বৰৰ তালিকাত থকা আন দুটা উদ্বেগ সৃষ্টিকাৰী নাম হ’ল উচ্ছতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু বিগত লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতৰ নিৰ্বাচন আয়ুক্তৰ দায়িত্ব বহন কৰি থকা অশোক লাৱাছা৷ এই কাৰণেই উদ্বেগৰ বিষয় যে এই দুয়োটা সংস্থাই হৈছে সংবিধানস্বীকৃত স্বতন্ত্ৰ সংস্থা, যি আমাৰ দেশৰ গণতন্ত্ৰ বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এই দুটা সংস্থাৰ কাম-কাজেই যদি কোনোবাই গোপনে নিৰীক্ষণ কৰি থাকে, তেন্তে দেশত যে গণতন্ত্ৰৰ বিপদ আহিছে সেইটো নিশ্চিত৷
ইতিমধ্যে প্ৰকাশ হোৱা খবৰ মতে ইজৰাইলৰ এন এছ অ’ গ্ৰুপ নামৰ এটা সংস্থাৰ পেগাছাছ স্পাইৱেৰ নামৰ এটা চোৰাংচোৱা ছফ্টৱেৰ আছে৷ সেই ছফ্টৱেৰৰ জৰিয়তে কোনো দেশৰ চৰকাৰে বিচাৰিলে সেই দেশৰ যিকোনো ব্যক্তিৰ ফোনৰ পৰা যিকোনো তথ্য লাভ কৰিব পাৰি৷ এই কাৰ্য ইমানেই গোপনে হয় যে ইজৰাইলৰ সেই কোম্পানী আৰু চুক্তিকাৰী দেশৰ চৰকাৰৰ বাদে ফোন টেপিং কৰা ব্যক্তিজনেও কোনো গম নাপায়৷ কিন্তু ১৭ জুলাইত পেগাছাছৰ সেই গোপন তথ্য ফাদিল হয়৷ এই তথ্য প্ৰথমেই লাভ কৰে ফ্ৰাঞ্চৰ অপেছাদাৰী সংবাদ গোষ্ঠী ফৰবিডেণ্ট ষ্টৰিজ আৰু এমনেষ্টী ইণ্টাৰনেচনেলে৷ তেওঁলোকে লগে লগে বিশ্বৰ আগশাৰীৰ ১৭টা সংবাদ গোষ্ঠীক যোগান ধৰে আৰু ১৮ জুলাইৰ দিনা দ্য গাৰডিয়েণ্ট, ৱাশ্বিংটন পোষ্ট, দ্য ৱায়েৰৰ দৰে সংবাদ মাধ্যমত এই খবৰ বিয়পি পৰে৷ লগে লগে সমগ্ৰ বিশ্বত আলোড়নৰ সৃষ্টি হয়৷ এই খবৰ প্ৰকাশ হোৱাৰ লগে লগে স্বাভাৱিকভাৱেই ভাৰততো তোলপাৰ লাগে৷ বিৰোধী দল কংগ্ৰেছে বিজেপি দল আৰু মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে যে মোদী চৰকাৰে এয়া সংবিধানৰ ওপৰত আক্ৰমণ কৰিছে, এয়া এক অৰ্থত ৰাষ্ট্ৰদ্ৰোহ কৰিছে চৰকাৰে৷ বিজেপিয়ে চৰম অন্যায়ৰ আশ্ৰয় লৈ জনতাৰ স্বতন্ত্ৰতাৰ অধিকাৰ, বাক-স্বাধীনতাতহস্তক্ষেপ কৰিছে৷ ইয়াৰ লগে লগে বিজেপি দল তথা চৰকাৰৰ পৰা সমগ্ৰ ঘটনাক অস্বীকাৰ কৰিবলৈ যত্ন কৰিছে যদিও ইতিমধ্যে ইজৰাইলৰ পেগাছাছ নামৰ চোৰাংচোৱা ছফ্টৱেৰ বনোৱা কোম্পানীটোৱে স্পষ্ট কৰিছে যে তেওঁলোকে এই চোৰাংচোৱা এপটো কেৱল কোনো দেশৰ চৰকাৰকহে ব্যৱহাৰ কৰিবলৈ দিয়ে৷ কোনো ব্যক্তিগত কোম্পানী বা আনে এই এপ ব্যৱহাৰ কৰিব নোৱাৰে৷ এই কথাই যে চৰকাৰক বাৰুকৈয়ে অস্বস্তিত পেলাইছে সেইটো নিশ্চিত,¸ কাৰণ এই সমগ্ৰ গোপন ঘটনা ফাদিল হৈ যোৱাৰ পাছত চৰকাৰে ঘটনা স্বীকাৰ কৰি ল’লেও সংবিধানৰ দৃষ্টিত দোষী¸ সাব্যস্ত হ’ব আৰু অস্বীকাৰ কৰিলেও বিৰোধীয়ে তদন্ত বিচাৰিব আৰু বহিঃশত্ৰুৰ আক্ৰমণ বুলি চিঞৰ-বাখৰ কৰিব৷ সাতে সোতৰই মিলি ভাৰত চৰকাৰে যে ভয়ে ভয়ে শাসন পৰিচালনা কৰি আছে সেয়া স্পষ্ট হৈ পৰিছে৷ এই চোৰাংচোৱাগিৰি কেৱল যে বিৰোধী নেতা বা সামাজিককৰ্মী বা আন্দোলনকাৰী বা ন্যায়াধীশক লৈয়ে হৈছে এনে নহয়৷ চৰকাৰে নিজৰ মন্ত্ৰীৰ বিৰুদ্ধেও চোৰাংচোৱাগিৰি কৰিছে বুলি তথ্য প্ৰকাশ হৈছে৷ চৰকাৰে নিজৰ নিৰাপত্তা সংস্থাৰ মুৰব্বীৰ ফোনো টেইপ কৰিছে৷ আচলতে এখন গণতান্ত্ৰিক দেশত এনে কাম অতি গৰ্হিত হিচাপেই বিবেচিত হৈছে৷ নিজৰ অপকৰ্মৰ বিৰুদ্ধে যাতে জনজাগৰণ হ’ব নোৱাৰে, তাৰ বাবেই সকলোকে নিজৰ আয়ত্তত ৰাখিবলৈ চৰকাৰে চেষ্টা কৰা বুলি চৰ্চা লাভ কৰিছে৷ অসমৰ ছাত্ৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্য আৰু আত্মসমপৰ্ণকাৰী আলফা নেতা অনুপ চেতিয়াৰ ফোনো টেইপ হোৱা বুলি তথ্য ওলাইছে৷ প্ৰতিজন গণতন্ত্ৰত বিশ্বাসী ব্যক্তিয়েই চৰকাৰৰ এনে অপকৰ্মক নিন্দা কৰা উচিত৷