
এহাজাৰ বছৰৰ ডাঙৰ বৰষুণজাক
গুৱাহাটীত তাপমান ৩২ ডিগ্ৰী চেণ্টিগ্ৰেড হ’লে মানুহে ৪২ ডিগ্ৰী চেণ্টিগ্ৰেড যেন অনুভৱ কৰে৷ গুৱাহাটীৰ সেমেকা বায়ু বা আদ্ৰৰ্তাৰ বাবে এনে হয়৷ আজিৰ পৰা তিনি দশক আগতে গুৱাহাটী ইমান গৰম নাছিল৷ কেইদিনমান আগতে কানাডাৰ কিছুমান অঞ্চলত তাপমানে ৫০ ডিগ্ৰী চেণ্টিগ্ৰেড অতিক্ৰম কৰিলে৷ সঁচাকৈয়েই মানুহৰ ‘হাফ বয়ল’ হোৱা অৱস্থা৷ ১০০ ডিগ্ৰী চেণ্টিগ্ৰেডত পানী উতলে, গতিকে ৫০ ডিগ্ৰীত মানুহৰ সঁচাকৈয়েই আধা সিজা অৱস্থা হ’ব৷ যোৱা এমাহজুৰি চাইবেৰিয়াৰ টাইগা বনাঞ্চল বনজুয়ে পুৰি আছে৷ ইতিমধ্যে প্ৰায় ১৫ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল বনজুয়ে পুৰি চাই কৰিছে৷ ১৫ হাজাৰ বৰ্গ কিলোমিটাৰ মানে ১০খন কামৰূপ মেট্ৰ’পলিটান জিলাৰ আকাৰৰ সমান৷
একে সময়তে ইউৰোপত বানে তাণ্ডৱৰ সৃষ্টি কৰিছে৷ জাৰ্মানীত ২০০ লোকৰ মৃত্যু হৈছে, ১,৫০০ লোক সন্ধানহীন হৈ আছে, বেলজিয়াম, অষ্ট্ৰিয়া, নেদাৰলেণ্ডতো বহু লোকৰ মৃত্যু হৈছে৷ লাখ-কোটি টকাৰ সম্পত্তি ধবংস হৈছে৷ জাৰ্মানীয়ে নাগৰিকক প্ৰবল বানৰ আগজাননীও দিছিল৷ কিন্তু ইমান কম সময়ত ইমান বেছি বৰষুণ দিব পাৰে বুলি কোনেও কল্পনা কৰা নাছিল৷ কোৱা হৈছে যোৱা ৫০০ বা ১০০০ বছৰত ইমান প্ৰবল বৰষুণ দিয়া নাই৷
মধ্য চীনৰ হেনান প্ৰদেশত প্ৰলয়ংকৰী বানে প্ৰলয়ৰ সৃষ্টি কৰিছে৷ এতিয়ালৈ ১০০ লোকৰ মৃত্যু হৈছে, বহুজন সন্ধানহীন হৈ আছে৷ কোৱা হৈছে যোৱা ১০০০ বছৰত ইমান বৰষুণ দিয়া নাছিল৷
সমগ্ৰ পৃথিৱীত ক’ৰবাত তাপমানৰ ভয়াৱহ বৃদ্ধি হৈছে, ক’ৰবাত বনজুয়ে এফালৰ পৰা পুৰি নিছে, ক’ৰবাত বানে অভূতপূৰ্ব তাণ্ডৱৰ সৃষ্টি কৰিছে৷ প্ৰকৃতিৰ এই ৰুদ্ৰ ৰূপ দেখি সমগ্ৰ পৃথিৱীৰ মানুহে তবধ মানিছে৷
ক্ৰমান্বয়ে প্ৰাকৃতিক পৰিঘটনাসমূহৰ তীব্ৰতা বাঢ়ি আহিছে৷ এফালে শীতৰ প্ৰকোপ বাঢ়িছে, একে সময়তে গৰমৰ প্ৰকোপ বাঢ়িছে৷ এফালে অনাবৃষ্টিৰ ফলত ভয়ংকৰ খৰাং হৈছে, আনফালে অতিবৃষ্টিৰ ফলত অভূতপূৰ্ব বানত পৃথিৱীৰ বিস্তীৰ্ণ অঞ্চল বুৰ গৈছে৷ প্ৰাকৃতিক পৰিঘটনাসমূহে ক্ৰমান্বয়ে চৰম ৰূপ ল’বলৈ আৰম্ভ কৰিছে৷
বিজ্ঞানীসকলে বহুদিনৰ পৰাই কৈ আহিছে যে মানুহৰ কাম-কাজে আমাৰ গ্ৰহটোৰ পৰিৱেশত বিৰূপ প্ৰভাৱ পেলাইছে৷ বনাঞ্চলৰ অবাধ ধবংসকাৰ্য, জীৱাশ্ম ইন্ধনৰ অবাধ ব্যৱহাৰৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত গ্ৰীন হাউছ গেছৰ পৰিমাণ ভয়ংকৰ ৰূপত বাঢ়িছে৷ ইয়াৰ ফলত গ্ৰহটোৰ বায়ুমণ্ডলৰ তাপমান বাঢ়িছে৷ তাপমান বঢ়াৰ ফলত বায়ুৱে ধাৰণ কৰিব পৰা পানীৰ পৰিমাণো বাঢ়িছে আৰু ইয়াৰ ফলতে যোৱা এহাজাৰ বছৰত নোহোৱাধৰণৰ ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে৷ বহু বিজ্ঞানীয়ে ইতিমধ্যে মানুহে অৰ্থনৈতিক উন্নয়নৰ নামত কৰি থকা কাণ্ডজ্ঞানহীন, ষ্টুপিড কাণ্ড-কাৰখানা দেখি হতাশ হৈ এই মত দিছে যে মানুহে গ্ৰহটোৰ পৰিৱেশ মানুহৰ বাসৰ বাবে অযোগ্য কৰি তুলিব আৰু ইয়াৰ ফলতে মানুহ প্ৰজাতিটোৰ বিলুপ্ত হ’ব৷ বিজ্ঞানী ষ্টিফেন হকিঙে কৈ গৈছে, বৰ্তমানৰ ৰূপত চলি থাকিলে পৃথিৱীত মানুহ জাতি আৰু দুটা শতিকাও বৰ্তি নাথাকে৷ পৃথিৱীৰ বেছিভাগ বিজ্ঞানী এই কথাত একমত যে বৰ্তমান পৃথিৱীত হৈ থকা প্ৰাকৃতিক দুৰ্যোগবোৰ মানুহৰ কামৰ প্ৰকৃতিৰ ওপৰত হোৱা বিৰূপ প্ৰভাৱৰ বাবেই হৈছে৷ এই প্ৰাকৃতিক দুৰ্যোগবোৰ আচলতে মানৱসৃষ্ট৷ কিন্তু এতিয়াও আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি বলচেনাৰোৰ দৰে বহু নেতাই, বহু বহুজাতিক কৰ্প’ৰেটে গ্লোৱেল ৱাৰ্মিং অৰ্থাৎ গ্ৰহটোৰ তাপমান বৃদ্ধিৰ কাৰণ যে মানুহৰ কাম-কাজ আৰু ইয়াৰ ফলত যে মানৱ জাতি সংকটত পৰিছে, সেই কথা মানি ল’ব খোজা নাই৷
ছুইডেনৰ কিশোৰী গ্ৰেটা থুনবৰ্গে সমগ্ৰ পৃথিৱীৰ নেতাসকলক সোঁৱৰাই দিছে যে তেওঁলোকে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন ৰুগীয়া পৃথিৱী এৰি থৈ যোৱাৰ কোনো অধিকাৰ নাই৷
বিষয়টো অত্যন্ত জটিল৷ চীন, ভাৰত, ব্ৰাজিল আদি তথাকথিত তৃতীয় বিশ্বৰ উন্নয়নশীল দেশবোৰে কৈছে যে আমেৰিকা, ইউৰোপৰ উন্নত দেশৰ মানুহে বহুদিনৰ পৰাই উন্নয়নৰ নামত পৰিৱেশ বিনষ্ট কৰি আহিছে৷ আমাৰ দেশবোৰত উন্নয়নৰ কাম-কাজ এতিয়া আৰম্ভ হৈছেহে মাথোন৷ গতিকে পৰিৱেশ ৰক্ষা কৰাৰ নামত এতিয়া আমাৰ দৰে দেশবোৰে উন্নয়ন বন্ধ কৰিলে আমি সদায় দুখীয়া হৈ থাকিম৷ আজি চীনে পৃথিৱীৰ ভিতৰত দ্ৰুতগতিত অৰ্থনৈতিক উন্নয়ন ঘটাইছে৷ ইয়াৰ লগতে চীনে আটাইতকৈ বেছি পৰিমাণে পৰিৱেশ প্ৰদূষিত কৰিছে৷ কিন্তু চীনে কৰা প্ৰদূষণৰ ফল কেৱল চীনে নোভোগে৷ চীনৰ পৰা হোৱা প্ৰদূষণৰ ফলত ইউৰোপত প্ৰবল বান আৰু চাইবেৰিয়াত বনজুই লাগিব পাৰে৷ গ্ৰহটোৰ জলবায়ুয়ে, পৰিৱেশতন্ত্ৰটোৱে কেনেকৈ কাম কৰে তাক বিজ্ঞানে এতিয়ালৈ সম্পূৰ্ণ বুজিব পৰা নাই৷ কিন্তু বিজ্ঞানীসকলে কৈছে যে গ্ৰহটোৰ পৰিৱেশ এটা পৰস্পৰনিৰ্ভৰশীল প্ৰক্ৰিয়া৷ ভাৰসাম্যত ক’ৰবাত সামান্য বিচ্যুতি ঘটিলে তাৰ প্ৰভাৱ সমগ্ৰ গ্ৰহটোত অনুভূত হ’ব৷ পৃথিৱীৰ এটা কোণত এটা পখিলাই পাখি লৰালে তাৰ ফলত আৰু এটা কোণত প্ৰবল ধুমুহাৰ সৃষ্টি হ’ব পাৰে৷
এতিয়া আৰু পৰিৱেশ ধবংসলৈ চকু নিদি অৰ্থনৈতিক উন্নয়নৰ কথা কোৱা দিন উকলিল৷ এইবাৰৰ প্ৰলয়ংকৰী বানৰ পাছত ইউৰোপে কথাবোৰ আকৌ নতুনকৈ চিন্তা কৰিব৷ চীনেও নিজৰ উন্নতিৰ দৌৰে তেওঁলোকক ক’লৈ লৈ গৈ আছে সেই কথা ভাবিবলৈ বাধ্য হ’ব৷