দাড়ি আৰু কমা
বেলিটোৱে চকু মুদিবলৈ খোজাৰ অলপ আগতেই
আমি ল’ৰামখাই খেলপথাৰ এৰি
‘বাৰ অনাৰ’ ৰবৰৰ বলটো ঢেঁকীয়াৰ জোপোহাত লুকাই থৈ
বাটৰ ৰাজহুৱা দমকলটোতে ভৰ পখালি ঘৰ সোমাইছিলোঁ
লৰালৰিকৈ চোতালত ঢাৰি পাৰি পঢ়াত বহিছিলোঁ
প্ৰথমতে আওৰাইছিলোঁ সাহিত্যৰ পাঠ৷
দশৰথ ৰজাৰ তিনিগৰাকী ৰাণী আছিল
কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা৷
পিতায়ে কৈছিল– কৌশল্যাত অলপ সময় ৰ’ব লাগিব
তাত কমা আছে,
সুমিত্ৰাত আৰু অলপ অধিক সময়, তাত দাড়ি আছে৷
উধাই-মুধাই মাতিলেও কথাটো আমি বেচ মনত ৰাখিছিলোঁ
শনিবাৰে, শনিবাৰে সাহিত্য পাঠৰ পৰীক্ষা আছিল৷
হাইস্কুলত ইংৰাজীৰ পাঠ পঢ়োঁতে দেখিলোঁ
আমাৰ কমাটো আছে, দাড়িডাল নাই
দাড়িৰ ঠাইত বহি আছে এটা ‘ফুট’৷
ছাৰক সুধিছিলোঁ– আমাৰ দাড়িডালৰ কিয় এনে দশা হ’ল
ছাৰে কৈছিল– দেখাত বেলেগ হ’লেও দুয়োৰে অৰ্থ এটাই
সময়ত সকলো বুজিবি৷
কি বুজি পালোঁ, এতিয়াহে আমি জানিছোঁ৷
দাড়িৰ কথা ভাবোঁতে আৰু এটা কথা মনত পৰিছে
শিক্ষকতাৰ চাকৰি কালত
‘বকুলৰ কথা ক’লে বহুতো চিনাকিমুখ চকুৰ আগেদি ভাহি যোৱা’
প্ৰয়াত গীতিকাৰজনৰ ময়ো আছিলোঁ সহকৰ্মী৷
কেতিয়াবা কিবা এটা প্ৰশ্ন লিখাই থকা সময়ত ৰগৰ কৰিছিল ঃ
ল’ৰাসকলে দাড়ি দিয়া, ছোৱালীহঁতে কি দিবা
তোমালোকৰ দাড়িয়েই নাই, চুলি এডালকে দিয়া,
শ্ৰেণীকোঠা ৰসত মচগুল হৈছিল৷
পাঠদানৰ ফাঁকে ফাঁকে শ্ৰেণীকোঠাত সোমাই দৰ্শন
আমিও দাড়ি-কমাক তুলি ধৰিছিলোঁ
জীৱনৰ বাবে ‘কমা’ হ’ল পঢ়িবলৈ লোৱা কিতাপৰ এটা অধ্যায়
দাড়ি হ’ল ভাবৰ সামৰণি পৰা পূৰ্ণতাৰ শোভাযাত্ৰা,
এনেদৰে জীৱন আৰু দৰ্শনত দুয়োয়ে গুৰু আসন লভিছিল৷
এতিয়া আমাৰ সাহিত্যৰ দাড়ি, কমাই
সংসদ উঠিলগৈ গদ্গদ্ ভাষাত
এইবাৰ ভাবৰ লগত নহয়, শক্তিশালী হ’ল সাংবিধানিক ৰক্ষাকৱচৰ ছয় নম্বৰ দফাত৷
ভাবিলোঁ কমা আৰু দাড়িৰ ‘আচ্ছে দিন’ সঁচাকৈয়ে আহিছে৷
নাহিল৷
আমাৰ দাড়ি আৰু কমাক লৈ আৰম্ভ হ’ল ভিন্ন পক্ষৰ বাক্যুদ্ধ
জলা-কলা খালে দাড়ি, কমাই
এতিয়া সিহঁত দুটা সংসদতো নাই, ৰাইজৰ মজিয়াতো নাই৷
কথানো আৰু কিমান বঢ়াম
তোমালোকে যি কৰা কৰি থাকিবা মৰমৰ সোণহঁত
আমাৰ দাড়ি, কমাৰ আলাই-আথানি নকৰিবা৷
সত্যনাথ, বাণীকান্ত, গোলোক, উপেন্দ্ৰৰ পূজনীয় আত্মাই
বৰ দুখ পাব৷
সঁচাকৈয়ে বৰ দুখ পাব৷