সীমা সমস্যা
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সীমা সমস্যা এটা দীৰ্ঘকালীন সমস্যা৷ প্ৰদেশকেইখনৰ সঠিক সীমাৰেখা নথকাৰ বাবে সীমা সমস্যাই শেহতীয়াকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ অসমৰ সীমামূৰীয়া ৰাজ্যকেইখনে দীৰ্ঘকাল ধৰি অসমৰ ভূমি নিজৰ দখললৈ নি সেই ভূমিত তেওঁলোকে উন্নয়নমূলক কাম কৰিছে, কাৰ্যালয় নিৰ্মাণ কৰিছে আৰু বসতি স্থাপন কৰিছে৷ প্ৰতিবছৰে মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশে অসমৰ ভূমি দখল কৰি ক্ৰমে সেইবোৰ ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিছে আৰু অসমৰ পৰিস¸ৰ সংকুচিত হৈছে৷ বাতৰিত প্ৰকাশ পোৱা তথ্য মতে, ইতিমধ্যে নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ প্ত হাজাৰ বৰ্গকিলোমিটাৰতকৈও অধিক ভূমি নিজৰ দখললৈ নিছে৷ অসম চৰকাৰে সীমান্ত অঞ্চলৰ জনসাধাৰণৰ দুখ-দুৰ্দশাৰ প্ৰতি আজিকোপতি গুৰুত্ব নিদিয়াৰ বাবে বহু ঠাইৰ সীমামূৰীয়া অঞ্চলৰ অসমৰ লোকে অসমৰ পৰা কোনোধৰণৰ সা-সুবিধা নোপোৱাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাজ্যৰ ভোটাধিকাৰ লৈ নিজেই সেই ৰাজ্যৰ আনুগত্য প্ৰকাশ কৰিছে একমাত্ৰ উন্নয়নমূলক কাম-কাজ কৰাৰ বাবে৷ অসম চৰকাৰৰ সীমান্তবাসীৰ প্ৰতি দেখুওৱা আওকণীয়া মনোভাবৰ বাবেই চুবুৰীয়া ৰাজ্যসমূহে অসমৰ ভূমি দখল কৰিবলৈ সক্ষম হৈছে৷ চুবুৰীয়া ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ লগতে সৰ্বসাধাৰণে অসমৰ ভূমিতে অসমৰ লোকক গুলীয়াই মৰাৰ পাছতো অসম চৰকাৰ সীমান্ত সমস্যাৰ প্ৰতি উদাসীন৷ কিছুদিন পূৰ্বে মৰিয়নী সমষ্টিৰ বিধায়কজনে সীমান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ চুবুৰীয়া ৰাজ্যৰ লোকৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছিল৷ কিন্তু সোমবাৰে সংঘটিত ঘটনাই অসম-মিজোৰামৰ মাজত এক যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত হাৱাইথাং ফৰেষ্টত মিজো লোকে অবৈধ দখল কৰা ঠাইসমূহ উচ্ছেদ কৰাৰ উদ্দেশ্যে অসম আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হয়৷ স্থানীয় লোকে অসমৰ আৰক্ষী-প্ৰশাসনক উচ্ছেদ কাৰ্যত বাধা দিয়াৰ উপৰি লাঠী-জোং লৈ আক্ৰমণ কৰাৰ উপৰি মিজোৰাম আৰক্ষী আৰু ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ জোৱানে নিৰ্বিচাৰ গুলীচালনা কৰাত অসমৰ ৬জন লোক নিহত হয় আৰু ৬০জনৰো অধিক লোক আহত হয়৷ অৱশ্যে, পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও এতিয়াও দুয়ো ৰাজ্যই উক্ত অঞ্চলত নিৰাপত্তাৰক্ষী মোতায়েন কৰি ৰখাত পৰিস্থিতি কেতিয়া পুনৰ উত্তপ্ত হয়, সেই কথা কোৱা টান৷ নিজৰ ৰাজ্যত আনে গুলীয়াই মাৰি যোৱাৰ পাছতো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মনে মনে বহি থাকিবনে? কেৱল তলতীয়া বিষয়াক নিৰ্দেশ দি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিলেই নহ’ব, অসমৰ ভূমি দখলমুক্ত কৰাৰ লগতে সীমান্ত অঞ্চলৰ লোকৰ জীৱন-জীৱিকা সুৰক্ষিত কৰিব লাগিব৷ উল্লেখ্য, মিজোৰামৰ লগত অসমৰ সীমাবিবাদ দীৰ্ঘদিনীয়া৷ অসমৰ বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ ১৬৪ কিলোমিটাৰ মিজোৰামৰ সৈতে সীমা লাগে আছে৷ এই অঞ্চলসমূহত প্ৰায়ে মিজো লোকে দখল কৰি অসমৰ বহু ভূমিত বসতি স্থাপন কৰাৰ লগতে সকলোধৰণৰ উন্নয়নমূলক কাম-কাজ সম্পন্ন কৰিছে৷ ধলাই সমষ্টিৰ লাইলাপুৰতো মিজো লোকে অবৈধ দখল কৰাত সোমবাৰে কাছাৰ প্ৰশাসনে সেই বেদখল উচ্ছেদ কৰিবলৈ যোৱাৰ সময়তে অবাঞ্ছিত যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হয়৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মতে, মিজোৰাম আৰক্ষী আৰু ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ দলে অসমৰ দলটোক লক্ষ্য কৰি গুলীওৱাৰ আধাঘণ্টালৈ অসম আৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়া নাছিল৷ প্ৰশ্ন হয়, যি অসম আৰক্ষীক অপৰাধীক গুলীওৱাৰ নিৰ্দেশ দিছে, সেই অসম আৰক্ষীয়ে সীমান্তৰ শত্ৰুপক্ষৰ গুলী বুকু পাতি লৈ কি বাৰ্তা প্ৰেৰণ কৰিব খুজিছে? নে মিজোৰাম আৰক্ষীৰ ভয়ত অসম কম্পমান? যদি অসম চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সীমান্তৰ ভূমিত অবৈধ দখল উচ্ছেদ কৰিব নোৱাৰে, তেন্তে অসমৰ ভূমি দিনে দিনে সংকুচিত হৈ গৈ থাকিব আৰু অসমীয়াই চুবুৰীয়া ৰাজ্যৰ আৰক্ষী-প্ৰশাসন তথা জনসাধাৰণৰ হাতত প্ৰাণ বিসৰ্জন দিব লাগিব৷ কেন্দ্ৰীয় চৰকাৰেও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে সীমাৰ বাবে ৰাজ্যকেইখনত গৃহযুদ্ধৰ সূচনা নহয়৷






