Logo
image

অসমৰ ক্ৰীড়াৰ পৰিৱেশ

ক্ৰীড়াক্ষেত্ৰত শেহতীয়াকৈ অসমে এক উল্লেখযোগ্য স্থান দখল কৰিছে৷ কেইবছৰমান আগলৈকে ক্ৰীড়াক্ষেত্ৰত অসম যথেষ্ট পিছপৰা বুলি গণ্য কৰা হৈছিল যদিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বক্সাৰ লাভলীনা বৰগোঁহাই, শিৱ থাপাৰ লগতে এথলীট হিমা দাসে দেখুওৱা পাৰদৰ্শিতাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য মণিপুৰৰ লগতে অসমৰ নামো সমানেই উচ্ছাৰিত হৈছে৷ হিমা দাসে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ‘ধিং এক্সপ্ৰেছ’ নামেৰে পৰিচিত হৈ পৰা খেলুৱৈগৰাকীয়ে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ লাভলীনা, শিৱ থাপা আৰু হিমা দাসৰ দৰে খেলুৱৈৰ উত্থানে নিঃসন্দেহে ৰাজ্যখনৰ নতুন প্ৰজন্মৰ খেলুৱৈক উৎসাহিত কৰিব৷ দেখা গৈছে যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা অসমৰ খেলুৱৈৰ অধিকসংখ্যকেই হৈছে গ্ৰামাঞ্চলৰ৷ অসমৰ গ্ৰামাঞ্চলত আৰু বহুতো এনে ক্ৰীডা.-প্ৰতিভা আছে, যিসকলৰ নিজৰ দক্ষতা প্ৰমাণ কৰাৰ বাবে অভাৱ এখন উপযুক্ত মঞ্চ আৰু পথ প্ৰদৰ্শকৰ৷ এইসকল খেলুৱৈক সঠিক দিশত আগবঢ়াই  নিব পাৰিলে নিঃসন্দেহে তেওঁলোকৰ পৰাও ভাল প্ৰদৰ্শন আশা কৰিব পাৰি৷ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰিলে অসমৰ খেলুৱৈৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি অলপতে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তাৰ লগতে মুখ্যমন্ত্ৰীজনে কৈছে যে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নিৰ্মাণ কৰা হ’ব একোখনকৈ ষ্টেডিয়াম৷ অসমৰ খেল আৰু খেলুৱৈৰ বাবে এয়া এক ইতিবাচক পদক্ষেপ বুলি ক’ব পাৰি৷ অসমত এনে বহু খেলুৱৈ আছে, যিসকলে  ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুওৱাৰ পাছতো আৰ্থিক দুৰৱস্থাৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আহিবলগীয়া হয়৷ চৰকাৰৰ এই সিদ্ধান্তই এনে খেলুৱৈসকলক যথেষ্ট উপকৃত কৰিব৷

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ এই কথা স্বীকাৰ্য যে ক্ৰীড়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৱাহাটী বৰ্তমান দেশৰ আন বহু চহৰৰ দৰেই আগবঢ়া৷ কিন্তু গ্ৰামাঞ্চলৰ খেলুৱৈসকলে বহুক্ষেত্ৰত গুৱাহাটীৰ খেলুৱৈৰ দৰে অনুশীলনৰ উন্নত সা-সুবিধা নাপায়৷ ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিতে ষ্টেডিয়াম এখন নিৰ্মাণ কৰাৰ যি পৰিকল্পনা লৈছে, তাৰ দ্বাৰা খেলুৱৈসকল উপকৃত হ’ব যদিও তাৰ লগতে চৰকাৰে আন এটা দিশত বিশেষ গুৰুত্ব দিয়া উচিত৷ সেয়া হৈছে অভিজ্ঞ প্ৰশিক্ষক নিযুক্তি৷ খেল অনুযায়ী অসমত প্ৰশিক্ষকৰ যথেষ্ট অভাৱ বুলি প্ৰায়েই অভিযোগ শুনা যায়৷ খেলুৱৈসকলৰ প্ৰশিক্ষণৰ পদ্ধতি বৰ্তমান বহুখিনি সলনি হৈছে৷ খেলুৱৈক অনুশীলনৰ আধুনিক পদ্ধতি আৰু কৌশলৰ সৈতে পৰিচয় কৰাই দিবলৈ হ’লে প্ৰয়োজন অভিজ্ঞ প্ৰশিক্ষকৰ৷ একোজনকৈ অভিজ্ঞ প্ৰশিক্ষকৰ তত্ত্বাৱধানত গ্ৰামাঞ্চলত খেলা-ধূলাৰ বিকাশ সাধন কৰিবলৈ সঠিক পৰিকল্পনাৰে আগবাঢ়িব লাগিব৷ এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে খেলুৱৈসকলক সঠিক দিশত আগবঢ়াই নিয়াৰ দায়িত্ব ক্ৰীড়া সংগঠনবোৰৰ আৰু অভিজ্ঞ প্ৰশিক্ষক আৰু উন্নত মানৰ ক্ৰীড়া সৰঞ্জামৰ যোগান ধৰাৰ দায়িত্ব ল’ব লাগিব চৰকাৰে৷  এইদৰে প্ৰণালীবদ্ধভাৱে আগবাঢ়িব পাৰিলে সুফল নোপোৱাৰ কাৰণ নাই৷ ক্ৰীড়াৰ দিশত অসমক আগুৱাই নিবলৈ হ’লে চৰকাৰৰ লগতে ক্ৰীড়া প্ৰশাসকসকলে খেলুৱৈৰ অভাৱ-অভিযোগলৈ গুৰুত্ব দিব লাগিব৷ তাৰ লগতে ক্ৰীড়া সংগঠনবোৰৰ স্বতন্ত্ৰতাত চৰকাৰে কোনোধৰণৰ হস্তক্ষেপ কৰিব নালাগিব৷ মণিপুৰত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ পাছত দেশৰ ক্ৰীড়াৰ অন্যতম শক্তি হিচাপে উত্থান হৈছিল ৰাজ্যখনৰ৷ ২০০৭  চনত গুৱাহাটীত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ পাছত অসমৰ ক্ষেত্ৰতো অনুৰূপ ছবি এখন দেখা যাব বুলি আশা কৰা হৈছিল যদিও কাৰ্যক্ষেত্ৰত সেয়া পৰিলক্ষিত নহ’ল৷ চুবুৰীয়া ৰাজ্য মণিপুৰে পাৰিছে যেতিয়া অসমে নোৱৰাৰ কোনো কথাই নাই৷ প্ৰয়োজন কেৱল সঠিক পৰিকল্পনা আৰু নিঃস্বাৰ্থভাৱে কাম কৰাৰ মানসিকতা৷