Logo
image

সীমান্ত সমস্যা আৰু ‘নেডা’ৰ ভূমিকা!

অভাৱনীয়, অকল্পনীয়, অভূতপূৰ্ব কি শব্দৰে বিভূষিত হ’লে ঘটনাটোৰ নিৰ্মোহ বিশ্লেষণ হ’ব? এখন ৰাজ্যৰ আৰক্ষীয়ে আন এখন ৰাজ্যৰ আৰক্ষীলৈ নিবিৰ্চাৰ গুলীবৰ্ষণ কৰিছে আৰু সেই গুলীবৰ্ষণত ৬জনকৈ আৰক্ষীৰ লোক নিহত হৈছে! ২০জনৰ অধিক আৰক্ষী গুৰুতৰভাৱে আহত হৈ মৃতু্যৰ সৈতে যুঁজি আছে, খোদ এখন জিলাৰ আৰক্ষী অধীক্ষকজনৰ জীৱন সংকটত৷ এই সমগ্ৰ ঘটনা সংঘটিত হৈছে মিজোৰাম সীমান্তত অসমৰ মাটিত মিজোৰামৰ একাংশ লোকে কৰা বেদখলক কেন্দ্ৰ কৰি৷ এই ঘটনা অভাৱনীয় এই কাৰণেই যে অসমৰ ভূমি কাষৰীয়া ৰাজ্যকেইখনে বেদখল কৰা খবৰ পুৰণা৷ এই লৈ বিভিন্ন সময়ত চুবুৰীয়া ৰাজ্যকেইখনৰ সীমাত প্ৰায়ে উত্তেজনাৰ সৃষ্টি হৈ থাকে, কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছত পৰিস্থিতি শান্ত হয় বা আলোচনাৰ মাধ্যমেৰে স্থিতাৱস্থা বাহাল ৰাখিবলৈ যত্ন কৰা হয়৷ 

আজি ছমাহমানৰ পৰা মিজোৰাম সীমান্তত বেদখলক কেন্দ্ৰ কৰি কিছু উত্তেজনামূলক ঘটনা সংঘটিত হৈ অহাৰ কথা সকলোৰে জ্ঞাত আছিল৷ এখন বিদ্যালয়ো বোমা দি উৰুৱাই দিয়াৰ দৰে দুষ্কাৰ্য সংঘটিত হৈছিল৷ এনে গুৰুতৰ ঘটনাকো তেতিয়াই অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক বিষয়টো অৱগত কৰি এটা নিষ্পত্তিৰ ফালে নিনিয়াত বিষয়টোৱে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে৷ অসমৰ নতুন মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত এই সম্পৰ্কত কিয় আলোচনা নকৰিলে? ২৫ জুলাইত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীৰ লগত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে আলোচনা কৰিছিল৷ সেই আলোচনাত এনে এটা গুৰত্বপূৰ্ণ বিষয় কিয় আলোচনা নহ’ল? যি উদ্দেশ্যত ‘নেডা’ নামৰ সমন্বয় সমিতিখন গঠন কৰা হৈছিল, সেই উদ্দেশ্য সফল হৈছেনে? অসমৰ মুখ্যমন্ত্ৰীজনেই নেডাৰ সমন্বয়কৰ দায়িত্বতো আছে, তেন্তে অসমৰ ক্ষেত্ৰত অতিকৈ জ্বলন্ত সমস্যাৰূপে আজি দীৰ্ঘদিন বৰ্তি থকা সীমা সমস্যাৰ ক্ষেত্ৰত কিয় আলোচনা কৰি সমাধানৰ ব্যৱস্থা কৰা নহয়৷ এতিয়া এই সম্পৰ্কত অসমৰ ৰাইজে প্ৰশ্ন কৰিলত নেডা গঠনৰ উদ্দেশ্য এইবোৰ নহয় বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি বুজাব বিচাৰিছে৷ নে কেৱল বিজেপিৰ সস্তীয়া ৰাজনীতি কৰিবলৈকে নেডা গঠন কৰা হৈছে? এনে হাজাৰ প্ৰশ্নই এতিয়া মানুহে কৰিব৷ কাৰণ কোনো হৃদয়ৱান মানুহে নিৰীহৰ মৃতু্য সহ্য কৰিব নোৱাৰে৷ মৃতু্য  হোৱা আৰক্ষীকেইজনো নিৰীহই আছিল, কাৰণ তেওঁলোকে দেশৰ সীমান্তত যুদ্ধ কৰিবলৈ যোৱা নাছিল, তেওঁলোক গৈছিল অসমৰ ভূমি দখলমুক্ত কৰিবলৈ৷ তেওঁলোকৰ লগত আছিল আৰক্ষীৰ উচ্ছপদস্থ বিষয়া, জিলা উপায়ুক্তৰ দৰে বিষয়া৷ মৃত্যুহোৱাসকলে সেইসকলৰ নিৰ্দেশ পালন কৰিবলৈ তালৈ গৈছিল৷ এইক্ষেত্ৰত আৰু এটা প্ৰশ্নৰ উদয় হৈছে, ইমান এটা ডাঙৰ ঘটনা সংঘটিত হ’ব পাৰে বুলি কিয় আগতীয়াকৈ ৰাজ্যৰ চোৰাংচোৱা সংস্থাসমূহে গম নাপালে? এয়া দেখ দেখ ৰাজ্যখনৰ গৃহ বিভাগৰ বিফলতা নহয়নে? মিজোৰামৰ আৰক্ষী তথা দুষ্কৃতিকাৰী হঠাতে আহিতো সেই স্থানত উপস্থিত হোৱা নাই৷ সেইসকলে আগৰ পৰাই তাত খোপনি পুতি থাকিব লাগিব৷ তাৰ অৰ্থটো হ’ল মিজোৰামৰ চোৰাংচোৱা সংস্থাই অসমৰ আৰক্ষীৰ উচ্চেদ অভিযান সম্পৰ্কত ঠিকেই আগতীয়া তথ্য পাইছিলক্ক আৰু সেয়ে অসম আৰক্ষী গৈ সেইখিনি পোৱাৰ লগে লগে মিজোৰামৰ দিশৰ পৰা আক্ৰমণ কৰা হৈছিল৷ য’ত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকজনে মাটিত ভৰি দিবলৈকে নাপালে বুলি বাতৰি আহিছে৷ 

এই ঘটনাই অসমৰ মানুহক হতাশ কৰিছে৷ কাৰণ যি অসম আৰক্ষীয়ে অসমৰ থলুৱা লোকক ৰাজ্যখনৰ বিভিন্ন স্থানত বীৰদপেৰ্ হাতী-এস্কেভেটৰ-জেচিবি লগাই অমানৱীয়ভৱে ঘৰ জ্বলাই, স্কুল জ্বলাই উচ্চেদ কৰে, কাজিৰঙা, আমচৈবাসীক নিৰ্মমভাৱে গৃহহীন কৰে, দৈয়াং-টেঙানীৰ পৰা মঙলদৈ, গোৱালপাৰা আদি জিলাই জিলাই সঘনাই উচ্চেদ কৰি দখলমুক্ত কৰাৰ কথা ঘোষণা কৰে, সেইখন অসম চৰকাৰৰ আৰক্ষীয়ে বহিঃৰাজ্যৰ একাংশ লোকে কৰা বেদখলক উচ্চেদ কৰিবলৈ গৈ নিজৰ জোৱানক হেৰুৱাই উভতি আহিব লগা হ’ল৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অকপট স্বীকাৰোক্তি কৰিবলৈ বাধ্য হৈছে আমি এটা শিলগুটিও মাৰিব নোৱাৰিলোঁ বুলি৷ আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে– আমি আক্ৰমণ নকৰোঁ কিন্তু এনে দৃষ্টিভংগীও কাপুৰুষৰ সমতুল্য বুলি মানুহে বিবেচনা কৰে৷ তাৰপাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰই বিচাৰিলে কাছাৰ, নলবাৰী, গুৱাহাটীপৰ্যন্ত  দিম বুলি কোৱাটো কোনো দেশ তথা জাতিপ্ৰেমীয়ে মানি ল’ব নোৱাৰে৷ পাছত মুখ্যমন্ত্ৰীয়ে এই কথা অস্বীকাৰ কৰিলেও যি প্ৰসংগতে হ’লেও এনে সংবেদনশীল কথা কোৱাটো উচিত নহয়৷ 

মিজোৰামৰ ঘটনাৰ পাছতে অসমৰ আন সীমান্ততো উত্তেজনাৰ পৰিৱেশ হোৱাৰ খবৰ অতি উদ্বেগজনক৷ অসমৰ সীমা সুৰক্ষিত কৰাৰ বাবে চৰকাৰে উচ্ছতম ন্যায়ালয়লৈ যাম বুলি কোৱা কথাটোও সমৰ্থনযোগ্য নহয়, কাৰণ এই সমস্যা আলোচনাৰ মাধ্যমেৰে প্ৰয়োজন হ’লে কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত ৰাজ্যসমূহৰ সীমাৰ ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰখাৰ চুক্তি কৰিব লাগে৷ এইটো কেৱল মিজোৰামৰ ক্ষেত্ৰতে নহয়, নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ কেউখন ৰাজ্যৰ ক্ষেত্ৰতে হ’ব লাগে৷