Logo
image

আপুনি ‘হেক’ হৈছে নেকি?

য়ুভান নোৱাহ হাৰাৰীয়ে মত প্ৰকাশ কৰিছে যে মানুহ ইতিমধ্যে এটা ‘হেক’কৰিব পৰা জন্তুত পৰিণত হৈছে৷ গৰাকীৰ অগোচৰে কম্পিউটাৰ বা ম’বাইল ফোনত সোমাই সমস্ত তথ্য চুৰি কৰিলে তাক ‘হেক’ কৰা বুলি কয় আৰু ‘হেক’ কৰাজনক ‘হেকাৰ’ বুলি কয়৷ ম’বাইল ফোন বা কম্পিউটাৰৰ জৰিয়তে হেকাৰে গ্ৰাহকৰ বেংকৰ একাউণ্ট হেক কৰিব পাৰে৷ শেহতীয়াকৈ তোলপাৰ লগাই থকা ‘পেগাছাছ’ হ’ল এনেকুৱা এটা হেক কৰাৰ বাবে ব্যৱহাৰ কৰা সঁজুলি৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগৰ ভিমা কোৰেগাও নামৰ বিখ্যাত মোকৰ্দমাটোত  মানৱাধিকাৰ কৰ্মীকে ধৰি ১৬জন বিভিন্ন ক্ষেত্ৰৰ লোকক যোৱা তিনি বছৰে বিনা বিচাৰে আটক কৰি থৈছে৷ তাৰে এজন ৮৪ বছৰীয়া ষ্টেন স্বামীৰ ইতিমধ্যে বিনা বিচাৰে বন্দী অৱস্থাতে মৃত্যু হৈছে৷ আমেৰিকাৰ বিখ্যাত ডিজিটেল ফৰেনছিক গৱেষণাগাৰ আৰ্ছেনেল কনছাল্‌টিং-এ এই কথা নিশ্চিত কৰিছে যে এই গোচৰত অভিযুক্ত বহু কম্পিউটাৰত হেকাৰে হেক কৰি তেওঁলোকৰ অগোচৰে তেওঁলোকৰ ই-মেইলত কিছুমান মেইল সুমুৱাই দিছিল৷ এইসমূহ মেইলে তেওঁলোক প্ৰধানমন্ত্ৰীৰ হত্যাৰ ষড়যন্ত্ৰৰ স’তে জড়িত বুলি অভিযোগ কৰাত সহায় কৰিছিল৷ অভিযুক্তকেইজনে এইসমূহ মেইল তেওঁলোকৰ নহয় বুলি কৈ আহিছে৷ আমেৰিকাৰ গৱেষণাগাৰটোত প্ৰমাণ হৈছে যে তেওঁলোকৰ কম্পিউটাৰত যে এনেকুৱা মেইল আছে সেই কথা তেওঁলোকে নাজানিছিল৷ এজন লোকৰ কম্পিউটাৰ বা ম’বাইল ফোনত তেওঁৰ অগোচৰে হেকাৰে ফটো বা আন তথ্য সুমুৱাই দিব পাৰে, যাৰ ফলত সেই লোকজন চৰিত্ৰহননকে ধৰি নানা অপৰাধৰ অভিযোগত অভিযুক্ত হৈ পৰিব পাৰে৷  

হাৰাৰিৰ মতে, এতিয়া কেৱল কম্পিউটাৰ বা ম’বাইল ফোনৰ দৰে যন্ত্ৰ মাথোন নহয়, স্বয়ং মানুহটোৱেই হেক কৰিব পৰা জন্তুত পৰিণত হৈছে৷ এয়া সম্ভৱ হৈছে প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নতিৰ বাবে৷ মানুহক হেক কৰাৰ বাবে জীৱ-বিজ্ঞানৰ প্ৰভূত উন্নতি আৰু ছুপাৰ কম্পিউটাৰৰ দৰে প্ৰচুৰ পৰিমাণৰ গণনা কৰাৰ সক্ষমতা থকা দৰকাৰ৷ ইতিমধ্যে এই দুয়োটা দিশতে প্ৰযুক্তিয়ে অভাৱনীয় উন্নতি কৰিছে৷ আৰু মানুহক হেক কৰা সম্ভৱ হৈ পৰিছে৷ 

মানুহ হেক কৰাৰ অৰ্থ হ’ল প্ৰযুক্তিৰ জৰিয়তে এজন মানুহৰ মন-মগজুৰ গোপন অঞ্চলত প্ৰৱেশ কৰা৷ এতিয়ালৈ এনে এটা ধাৰণা আছিল যে এজন মানুহে কি ভাবি আছে তাক জনাটো অসম্ভৱ৷ এজনে মুখত আন এজনৰ দীৰ্ঘায়ু কামনা কৰি থকা সময়তে মনেৰে তেওঁৰ মৃত্যু কামনা কৰিব পাৰে৷ কিন্তু এতিয়া প্ৰযুক্তিয়ে হেক কৰি এজন মানুহে আচলতে কি ভাবি আছে তাৰ উমান ল’বলৈ সক্ষম হৈছে৷ 

মানুহে ভাবে যে তেওঁ নিজৰ মৰ্জিৰ মালিক৷ তেওঁ নিজে স্বাধীনভাৱে চিন্তা কৰিব পাৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ তেওঁ কি কিনিব, তেওঁ কি ভাবিব, তেওঁ কোনটো দলক ভোট দিব এইবোৰ তেওঁ নিজে ভাবি-গুণি ঠিৰাং কৰে৷ কিন্তু যিজন ব্যক্তিক ইতিমধ্যে হেক কৰা হৈছে, তেওঁ নিজৰ স্বাধীন চিন্তাৰে লোৱা বুলি ভবা সিদ্ধান্তবোৰ আচলতে হেকাৰে তেওঁৰ মন-মগজুত স্থাপন কৰা যে সিদ্ধান্ত, কিন্তু সেই কথা তেওঁ গম নাপায়৷

জীৱবিজ্ঞানৰ প্ৰভূত উন্নতিৰ ফলত মানুহৰ মগজুৱে কেনেকৈ কাম কৰে সেই সন্দৰ্ভত মানুহৰ জ্ঞান দিনে দিনে বাঢ়ি গৈ আছে৷ একে সময়তে কম্পিউটাৰৰ গণনা কৰিব পৰা ক্ষমতাও অকল্পনীয় হাৰত বাঢ়ি গৈ আছে৷ এই দুটাৰ সংমিশ্ৰণেৰে এনেকুৱা এলগৰিড্‌ম উদ্ভাৱন হৈছে যিবোৰে মানুহক হেক কৰিব পৰা হৈছে৷ এজন মানুহক তেওঁ নিজে যিমান জানে আন কোনেও সিমান জানিব নোৱাৰে, এই কথা এতিয়া আৰু শুদ্ধ নহয়৷ এতিয়া এলগৰিড্‌মে এজন মানুহে নিজকে যিমান জানে তাতকৈ বেছিকৈ আৰু তাতকৈ ভালকৈ জনাটো সম্ভৱ হৈ পৰিছে৷ এজন  মানুহক হেক কৰাৰ বাবে মানুহজনক সম্পূৰ্ণভাৱে আৰু নিখুঁতকৈ জনাৰ প্ৰয়োজন নাই৷ মানুহজনে নিজকে যিমান জানে তাতকৈ অকণমান অধিক জানিলেই মানুহজনক এলগৰিড্‌মে হেক কৰিব পাৰে৷

মানুহৰ প্ৰেম, খং, দুখ, অনুৰাগ, বিৰাগ, আনন্দ, বিষাদ, হতাশা, অনুকম্পা, সহানুভূতি আদি আৱেগ-অনুভূতিবোৰ একোটা জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া৷ জীৱবিজ্ঞানে এই প্ৰক্ৰিয়াবোৰৰ আঁৰৰ জৈৱ-ৰসায়ন ইতিমধ্যে আৱিষ্কাৰ কৰিছে আৰু কম্পিউটাৰে সেই জৈৱ-ৰসায়নৰ উমান ল’ব পাৰে৷ অৰ্থাৎ কম্পিউটাৰে এজন মানুহৰ এটা নিৰ্দিষ্ট সময়ৰ মানসিক অৱস্থাৰ উমান ল’ব পাৰে আৰু তাক মেমৰীত সংৰক্ষণ কৰিব পাৰে৷ এনেদৰে লাভ কৰা তথ্যৰ আধাৰত একোটা এলগৰিড্‌মে এজন ব্যক্তিক তেওঁ নিজকে যিমান জানে তাতকৈও বেছিকৈ জানিব পাৰে৷ মানুহৰ অন্তৰৰ গোপন খবৰ এলগৰিড্‌মে পাব পাৰে৷ মানুহ হৈ পৰে প্ৰযুক্তিৰ সহায়েৰে হেক কৰিব পৰা এটা জীৱ৷

হেক কৰাৰ পাছত এই জন্তুটোক নিয়ন্ত্ৰণ কৰাও সহজ হৈ পৰে৷ এতিয়া বৃহৎ কৰ্প’ৰেটবোৰে তেওঁলোকৰ সামগ্ৰী কিনিবলৈ প্ৰবুদ্ধ কৰিবলৈ এলগৰিড্‌ম ব্যৱহাৰ কৰি আছে৷ এই এলগৰিড্‌মৰ প্ৰভাৱত সামগ্ৰী ক্ৰয় কৰা গ্ৰাহকে তেওঁৰ নিজস্ব স্বাধীন চিন্তা আৰু বাছনিৰে সেই সামগ্ৰী ক্ৰয় কৰা বুলি ভাবি আছে, কিন্তু তেওঁ সেই সিদ্ধান্ত ল’বলৈ তেওঁ গম নোপোৱাকৈ তেওঁৰ হাতত থকা ম’বাইল ফোনটোৱে বাধ্য কৰাইছে৷ মানুহে যেতিয়া এটা ৰাজনৈতিক দলক সমৰ্থন কৰে, সেই দলটোক ভোট দিয়ে, তেতিয়া ইতিমধ্যে হেক হোৱাসকলে আচলতে নিজৰ স্বাধীন চিন্তাৰে, নিজৰ বিচাৰ-বুদ্ধিৰে, তথাকথিত বস্তুনিষ্ঠ চিন্তাৰে সেই দলটোক সমৰ্থন নকৰে৷ হেক হোৱা মানুহৰ অন্তৰত পূৰ্বপৰিকল্পিতভাৱে তেওঁৰ হাতত থকা স্মাৰ্টফোনটোৰে, তেওঁৰ ঘৰত থকা কম্পিউটাৰটোৰে সেই বিশেষ দলটোৰ প্ৰতি টান সৃষ্টি কৰা হয়৷ মানুহক হেক কৰিব পৰা প্ৰযুক্তি এতিয়া তেনেই চালুকীয়া হৈ আছে৷ কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ উন্নতিৰ লগে লগে এই ক্ষমতা বাঢ়ি গৈ থাকিব৷ মানুহ আৰু নিজ মৰ্জিৰ মালিক হৈ নাথাকে৷ স্বাধীনতা, গণতন্ত্ৰ, ব্যক্তিসত্তা আদিৰ অৰ্থও তেতিয়া সলনি হৈ যাব৷ আমি কোনেও নাজানো ২০৫০ চনৰ পৃথিৱীখন কেনেকুৱা হ’ব৷ কিন্তু সেই পৃথিৱীখন সম্পূৰ্ণ সুকীয়া হ’ব৷