Logo
image

২৯টা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে শিল্পা ছেট্টীৰ গোচৰ

আমাৰ অসম, ৩১ জুলাইঃ পৰ্ণ কাণ্ডত স্বামী ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পাছত বিভিন্ন সংবাদ মাধ্যমে অভিনেত্ৰী পত্নী শিল্পা ছেট্টীৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিছিল৷ যাৰ বাবে অভিনেত্ৰীগৰাকীয়ে কেইবাটাও সংবাদ মাধ্যম প্ৰতিষ্ঠানৰ বিৰুদ্ধে ২৫ কোটি টকাৰ মানহানি গোচৰ তৰে৷ বোম্বে উচ্ছ ন্যায়ালয়ত এই গোচৰ তৰিছে শিল্পা ছেট্টীয়ে৷ অভিনেত্ৰীগৰাকীৰ মতে স্বামীৰ গ্ৰেপ্তাৰৰ পাছতে বিভিন্ন সংবাদ মাধ্যমে তেওঁৰ বিষয়ে মানহানিকৰ বাতৰি পৰিৱেশন কৰি আছে৷ যাৰ বাবে বলীউডত তেওঁৰ ভাৱমূৰ্তি ব্যাঘাত হোৱাৰ আশংকা আহি পৰিছে৷ সেয়ে বিভিন্ন ছ’চিয়েল মিডিয়া পে’জৰ লগতে ২৯টা সংবাদ মাধ্যমৰ নাম উল্লেখ কৰি শিল্পা ছেট্টীয়ে উচ্ছ ন্যায়ালয়ত ২৫ কোটি টকাৰ মানহানি গোচৰ তৰে৷