অপৰাধ আৰু অপৰাধীৰ সংখ্যা বাঢ়িছে
সকলো সময় আৰু সমাজতে অপৰাধ আৰু অপৰাধী থাকে যদিও ধৰণ আৰু মাত্ৰা সলনি হৈ থাকে৷ অপৰাধ আৰু অপৰাধীৰ চৰিত্ৰ বেলেগ বেলেগ৷ ক’বলৈ গ’লে এনে কোনো সূত্ৰ নাই যে অপৰাধ কেৱল দৰিদ্ৰসকলে বা অশিক্ষিতসকলে কৰে৷ কোনো নিৰ্দিষ্ট ধৰ্ম বা সম্প্ৰদায়ৰ মাজতে অপৰাধ আৰু অপৰাধী সীমাবদ্ধ নহয়৷
দেখা গৈছে দৰিদ্ৰপীড়িত দেশ আৰু সমাজত যেনেকৈ অপৰাধৰ মাত্ৰা আৰু অপৰাধীৰ সংখ্যা বাঢ়িছে, একেই সমানে ধনী আৰু প্ৰতিপত্তিশীল দেশ আৰু সমাজতো বাঢ়িছে৷ সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ মানুহ কম-বেছি পৰিমাণে অপৰাধত লিপ্ত হৈছে৷
দৰিদ্ৰতা আৰু অশিক্ষা অপৰাধৰ এক সাধাৰণ কাৰণ৷ এনে লোকৰ বসতিস্থানবোৰত অপৰাধৰ মাত্ৰা আৰু অপৰাধীৰ সংখ্যা বঢ়াটো অৱশ্যে স্বাভাৱিক৷ জনসংখ্যাৰ হেঁচা আৰু অৰ্থনৈতিক অনগ্ৰসৰতাই মানুহক অপৰাধ কৰিবলৈ বাধ্য কৰায়৷ এনে দেশবোৰত অপৰাধ নিয়ন্ত্ৰণৰ ব্যৱস্থাও দুৰ্বল হোৱা দেখা যায়৷ ধনী দেশবোৰত অপৰাধ নিয়ন্ত্ৰণৰ ব্যৱস্থাও শক্তিশালী৷
ব্যক্তিগত পৰ্যায়ত অপৰাধৰ কাৰণবোৰ বেলেগ হ’ব পাৰে, যি কথা মনোবিজ্ঞানীসকলে ব্যাখ্যা কৰি আহিছে৷ পিছে, সমাজত দেখা দিয়া নতুনধৰণৰ অপৰাধৰ ঘটনাবোৰহে চিন্তনীয় বিষয় হৈ পৰিছে৷ কোনোবা মাক-বাপেকৰ অপৰাধী মানসিকতাই সন্তানক প্ৰভাৱিত কৰিব পাৰে, বন্ধু-বান্ধৱীৰ প্ৰভাৱত কোনোবাই অপৰাধৰ জগতত ভৰি থ’ব পাৰে, শাৰীৰিক বিসংগতিয়ে কাৰোবাক বিদ্ৰোহী কৰি তুলিব পাৰে! চিনেমা, ছিৰিয়েল চাই বা কোনোবা ব্যক্তিৰ জীৱন কাহিনী পঢ়িও কোনোবাজন অপৰাধী হৈ পৰিব পাৰে, কোনোবাই পৰিয়ালৰ পৰা বঞ্চিত হৈ অপৰাধী মানসিকতাৰ হৈ পৰিব পাৰে! কোনোবা শিশুৱে ভিডিঅ’ গেম খেলিও ভিন্ন মানসিকতাৰ বলি হ’ব পাৰে! ঠিক তেনেকৈ বিভিন্ন কাৰণত মানুহে জানি বা নাজানি অপৰাধৰ জগতত ভৰি দিব পাৰে৷
ব্যক্তিগত পৰ্যায়ৰ অপৰাধবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সকলো দেশত আইন আৰু আইনৰ ৰক্ষক থাকে৷ ভাৰততো আছে৷ পিছে, শেহতীয়াভাৱে ভাৰতত যিধৰণৰ এক অপৰাধৰ জগত গঢ়ি উঠিছে, সেয়াহে আলোচনাৰ বিষয় হৈ পৰিছে বা আলোচনাৰ বিষয় হোৱা উচিত৷ অসমৰ ক্ষেত্ৰতে দেখা গৈছে কিছুমান অপৰাধত লিপ্ত হৈছে বৃহৎসংখ্যক ব্যক্তি৷
সংঘৰ্ষজৰ্জৰ উত্তৰ-পূৰ্বাঞ্চলত ৰাজনৈতিক কাৰণত বিভিন্ন সন্ত্ৰাসবাদী সংগঠন গঢ়ি উঠিছে আৰু সিবিলাকে সংঘটিত কৰিছে বিভিন্ন অপৰাধ৷ বিগত সময়ত হত্যা, অপহৰণ, ধন দাবী, বোমা বিস্ফোৰণৰ অজস্ৰ ঘটনা ঘটিছে৷ অসমতো যোৱা পাঁচটা দশকত এনে অপৰাধৰ ঘটনা বহুত ঘটিছে৷ সেইধৰণৰ ৰাজনৈতিক কাৰণযুক্ত অপৰাধ সংঘটিত হৈ থকাৰ মাজতে গঢ়ি উঠিছে ড্ৰাগ্ছৰ এখন বৃহৎ বজাৰ৷ ড্ৰাগ্ছৰ বিৰুদ্ধে চলা অভিযান দেখি ৰাইজে বুজিছে অসমৰ দৰে ৰাজ্য এখনত কিধৰণৰ অপৰাধ বাঢ়িছে৷ গৰুৰ অবৈধ সৰবৰাহত লিপ্ত হৈছে বহুত মানুহ৷ ইতিমধ্যে অসম আৰক্ষীয়ে ড্ৰাগ্ছ আৰু গৰুৰ সৰবৰাহত লিপ্ত বহুজনক গ্ৰেপ্তাৰ কৰিছে, গ্ৰেপ্তাৰ কালত বহুজনৰ ভৰিত গুলীও মাৰিছে৷
শিশুৰ অপহৰণ, নিৰুদ্দেশ আৰু বাহিৰলৈ চালান হৈ পৰিছে এক ডাঙৰ অপৰাধৰ সমস্যা৷ নৱগঠিত চৰকাৰে এনে বিষয়কো ৰাজহুৱা কৰিছে৷ নাৰীজনিত অপৰাধ ভাবিব নোৱৰাধৰণে বাঢ়িছে৷ নাৰীৰ ওপৰত বিভিন্নধৰণৰ অত্যাচাৰ চলি আহিছে, যৌতুকজনিত অপৰাধ বাঢ়িছে৷ শেহতীয়াভাৱে যৌনতাৰ এখন মুকলি বজাৰ গঢ়ি উঠিছে, য’ত সংঘটিত হৈছে বিভিন্ন অপৰাধ৷ ধৰ্ষণ আৰু ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে অপৰাধৰ মাত্ৰা বাঢ়িছে৷ প্ৰতিদিনে এনে ঘটনা বাতৰিৰ উৎস হৈছে৷ খাদ্যত ভেজালকৰণ, চৰকাৰী-বেচৰকাৰী বিভাগত দুৰ্নীতি, ৰাজহুৱা ধন আত্মসাৎ আনকি উচ্ছ শিক্ষা প্ৰতিষ্ঠানত ভয়ংকৰ বিত্তীয় কাণ্ডৰ অলেখ কাহিনী তৈয়াৰ হৈছে৷ গঢ়ি উঠিছে মানৱ দেহৰ অংগৰ ব্যৱসায়৷
দেশ আৰু ৰাজ্যৰ অপৰাধ জগতত এতিয়া নতুনকৈ বৃহৎ মাত্ৰাত সংযোগ হৈছে চাইবাৰ ক্ৰাইম৷ চাইবাৰ ক্ৰাইমৰ বলি হৈছে বেংক, ব্যৱসায় প্ৰতিষ্ঠানৰ গ্ৰাহক৷ বিভিন্নধৰণৰ কূট-কৌশল প্ৰয়োগ কৰি গঢ়ি তোলা হৈছে এখন বৃহৎ অপৰাধৰ বজাৰ৷ অপৰাধীসকল প্ৰযুক্তিৰ কৌশলত সিদ্ধহস্ত উচ্ছশিক্ষিত ব্যক্তি বুলিও জনা গৈছে৷
সকলো দেখাৰ পাছত ভৱিষ্যৎ হৈ পৰিছে ভয়লগা৷ কোনে-কেতিয়া অপৰাধৰ জগতত ভৰি দিয়ে, কোনে-কেনেকৈ অপৰাধীৰ কবলত পৰে বা কোন-কিধৰণে প্ৰতাৰিত হয় অনুমান কৰিব নোৱৰা অৱস্থা হৈছে৷ সৰ্বস্তৰৰ লোকৰ সহযোগত চৰকাৰে ৰাজনীতিৰ ঊধবৰ্ত উঠি অপৰাধ নিয়ন্ত্ৰণৰ কঠোৰ ব্যৱস্থা গঢ়ি নুতুলিলে সকলোৱে এদিন নহয় এদিন প্ৰতাৰিত, বঞ্চিত হোৱাৰ সম্ভাৱনা আছে! অপৰাধৰ জগতৰ লগত ৰাজনৈতিক যোগসূত্ৰও থকা দেখা যায়৷ ব্যৱস্থাৰ ভিতৰৰ মানুহে অপৰাধীক সহায় নকৰিলে কিছুমান ঘটনা ঘটিব নোৱাৰে৷ তেনে কাৰণতে চৰকাৰৰ মুৰব্বীসকলে সকলোধৰণৰ বাধ্যবাধকতা অতিক্ৰমি অপৰাধ নিয়ন্ত্ৰণৰ বাবে আগবাঢ়িব লাগিব৷






