জলবায়ু পৰিৱৰ্তন আৰু কৃষিখণ্ড
পৃথিৱী নামৰ সেউজ গৃহটোৰ প্ৰাণীকুল অস্তিত্বৰ সংগ্ৰামত অবিৰত ব্ৰতী হ’বলগীয়া হৈছে৷ পৰিৱৰ্তিত পৰিস্থিতিত জীয়াই থকাৰ সংগ্ৰামত হাৰ মানি ইতিমধ্যে বহু প্ৰাণী পৃথিৱীৰ পৰা বিলুপ্ত হৈছে৷ মূলতঃ মানৱ সমাজৰ স্বাৰ্থান্বেষী উন্নয়নৰ প্ৰতিযোগিতাৰ বাবে গঢ় লৈ উঠিছে উদ্যোগ-প্ৰতিষ্ঠান আৰু কংক্ৰিটৰ দালানসমূহ৷ প্ৰকৃতিৰ বুকুত পোৱা সম্পদসমূহৰ অবাধ ব্যৱহাৰ কৰি মানুহে উন্নয়নৰ জয়গান গাইছে৷ মানৱ সমাজৰ অবিবেচকী কাণ্ডৰ বাবেই পৰিস্থিতি-তন্ত্ৰত বিৰূপ প্ৰভাৱ পৰিছে৷ পৃথিৱীত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ ফলত বায়ুমণ্ডলৰ উষ্ণতা দিনে দিনে বাঢ়ি আহিছে৷ ইপিনে, পৃথিৱীৰ হাঁওফাঁওৰূপে পৰিচিত অৰণ্যসমূহ নগৰীকৰণ, উদ্যোগীকৰণ আৰু উন্নয়নমূলক কামৰ বাবে ধবংস কৰাত বছৰি পৃথিৱীৰ বুকুৰ পৰা বনাঞ্চলৰ পৰিমাণ কমি আহিছে৷ জলবায়ু পৰিৱৰ্তনৰ ফলত পৃথিৱীত স্বাভাৱিক বৰষুণৰ পৰিমাণ কমি আহিছে৷ কেতিয়াবা যদি কোনো অঞ্চলত অতিবৃদ্ধি হৈছে, আনহাতে আন কোনো অঞ্চল খৰাংপীড়িত হৈছে৷ জুলাইত সাধাৰণতে ভাৰতত যি পৰিমাণৰ বৰষুণ হয়, এইবাৰ তাৰ ৭ শতাংশ কম হৈছে৷ আনহাতে, পহিলা জুনৰ পৰা ৩১ জুলাইলৈ ভাৰতৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলত ১৩ শতাংশ কমকৈ বৰষুণ হৈছে৷ অসমত পহিলা জুনৰ পৰা ২৮ জুলাইলৈ স্বাভাৱিক পৰিমাণতকৈ ২১ শতাংশ কমকৈ বৰষুণ হৈছে৷ সাধাৰণতে এই সময়ছোৱাত অসমত স্বাভাৱিক বৰষুণৰ পৰিমাণ হয় ৭৯২.৩ মিঃ মিঃ, কিন্তু এইবাৰ এই পৰিমাণ হৈছে ৬২৫.৩ মিঃ মিঃ৷ বৰষুণৰ অভাৱত কৃষকে খেতি কৰিব নোৱৰাত কৰ’নাকালত আন এটা বিপৰ্যয়ে দেখা দিছে৷ সাধাৰণতে অসমৰ বহু কৃষকে এতিয়াও কৃষিৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে৷ আনহাতে, যিসকলে পাম্পৰ জৰিয়তে পানী যোগান ধৰি কৃষিকৰ্মৰ ব্যৱস্থা কৰে, তেওঁলোকেও কৃষি-ব্যয় অনুপাতে উৎপাদন লাভ নকৰে৷ ফলত কৃষি-ব্যৱস্থাৰ লগত জড়িত লোকসকল অধিক জুৰুলা হৈছে৷ কৃষিকাৰ্য কৰি পৰিয়াল পোহপাল দিব নোৱাৰি ইতিমধ্যে বহু কৃষকে কৃষিকৰ্ম ত্যাগ কৰি অন্য বৃত্তিৰ সন্ধান কৰিছে৷ বহুজনে আকৌ জীৱনৰ সকলো আশা হেৰুৱাই আত্মহননৰ দৰে চৰম পন্থা গ্ৰহণ কৰিছে৷ ইপিনে, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন কৃষি আইন বাতিলৰ দাবীত দিল্লীত দীৰ্ঘদিন ধৰি কৃষকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও চৰকাৰে এই আন্দোলনৰ প্ৰতি কোনো গুৰুত্বই দিয়া নাই৷ আজি দেশত আটাইতকৈ ক্ষতিগ্ৰস্ত লোকসকল হ’ল কৃষকসমাজ৷ প্ৰতিবছৰে কৃষকে হাড়ভগা পৰিশ্ৰম কৰি শস্য উৎপাদন কৰে যদিও ফচল চপোৱাৰ আগতেই অনাবৃষ্টি, অতিবৃষ্টি আৰু পোক-পতংগই শস্য নষ্ট কৰে৷ ফলত কৃষকসমাজ ক্ষতিগ্ৰস্ত হয়৷ অসমতো এইবাৰ অনাবৃষ্টিয়ে কৃষকৰ চকুৰ টোপনি হৰিছে৷ বহু ঠাইত পথাৰত ছিঁৰাল ফাট মেলিছে৷ মেচিনেৰে পানী যোগান ধৰিলেও বহু অঞ্চলত কৃষকে অযথা ধন আৰু শ্ৰম অপচয় কৰাহে হৈছে৷ খৰাংসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে সৰুপথাৰ আৰু গোলাঘাটক খৰাংপীড়িত অঞ্চল ঘোষণা কৰিছে যদিও সমগ্ৰ অসমৰ বহু হেক্টৰ কৃষিভূমি আজিও ছন পৰি আছে একমাত্ৰ পানীৰ অভাৱত৷ সাধাৰণতে এই সময়ত পথাৰত ধানৰ কঠীয়াই সঁজাল ধৰে৷ কিন্তু এইবাৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে, আগত সময়ত যদিহে চৰকাৰে খেতিপথাৰত পানী যোগান ধৰাৰ সু-ব্যৱস্থা নকৰে, তেন্তে কৃষকসকল আৰ্থিক সংকটৰ সমুখীন হ’ব আৰু ৰাজ্যত খাদ্যশস্যৰো হয়তো অভাৱ ঘটিব৷ খৰাংসদৃশ পৰিৱেশৰ ফলত অসমৰ চাহ উদ্যোগটোলৈও সংকট নামি আহিব৷ অতিবৃষ্টি আৰু অনাবৃষ্টি দুয়োটাই চাহ খেতিৰ বাবে অপকাৰী৷ চৰকাৰৰ লগতে জনসাধাৰণে পৰিৱেশ-তন্ত্ৰ যদি জীৱৰ অনুকূল কৰি ৰাখিব খোজে, তেন্তে গছ-গছনি ধবংসকাৰ্য বন্ধ কৰি নতুনকৈ গছপুলি ৰোপণ কৰিব লাগিব আৰু সেউজ গৃহ গেছৰ উপস্থিতি হ্ৰাস কৰাৰ বাবে কাৰ্বন নিৰ্গমনৰ হাৰ কমাব লাগিব৷






