‘লাভলীনা’ সাৱধান হোৱাৰ সময়!
অসমৰ খেলজগতৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিলে লাভলীনা বৰগোহাঁয়ে, কেৱল নতুন অধ্যায়েই নহয় লাভলীনাৰ অলিম্পিক বিজয়ে অসমৰ ইতিহাসক প্ৰথমটো অলিম্পিক পদক জয়ৰ গৌৰৱেৰে গৌৰৱান্বিত কৰিলে৷ আজি অসমৰে নহয় সমগ্ৰ দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনা লাভলীনা কিন্তু সকলোৰে বাবে নতুন নাম৷ লাভলীনা কোন সুৰুঙাৰে সৰকি টকিঅ’ পালেগৈ সেই কথাৰ উহ অসমৰ সাধাৰণ মানুহৰ কথা বাদেই খোদ ৰজাঘৰীয়ায়ো গম নাপালে৷ আৰু যেতিয়া গম পালে, তেতিয়া চৌদিশে হাহাকাৰ লাগিল৷ শুভেচ্চাৰ জোৱাৰ উঠিল৷ কোনোবাই চাইকেল চলালে, কোনোবাই বেনাৰত নিজৰ ফটো লগালে, কোনোবাই নামঘৰত চাকি দিলে, কোনোবা গৈ লাভলীনাৰ ঘৰ ওলালগৈ, কোনোবাই ৰাজনৈতিক দলৰ দায়িত্ব গ্ৰহণ কৰিয়ে লাভলীনাৰ পিতৃৰ লগত ফটো উঠিলে, কোনোৱে টাই পূজা পাতিলে, কোনোৱে সবৰ্ধৰ্ম প্ৰাৰ্থনা পাতিলে, মুঠৰ ওপৰত সকলোৱেই লাভলীনাৰ টকিঅ’ যাত্ৰাত নিজৰ নিজৰ নাম সাঙুৰিবলৈ হেতা-ওপৰা কৰিলে৷ কিন্তু লাভলীনাই ক’ত পঢ়িছিল, লাভলীনাৰ প্ৰশিক্ষক কোন আছিল, লাভলীনাই ক’ত প্ৰশিক্ষণ লৈছিল সেইবোৰ কথা কিন্তু ১৫ বছৰে শাসনত থকাসকলেও নাজানে, বিগত ৬ বছৰে শাসনত থকাসকলেও নাজানে৷ সকলোৱেই এগৰাকী খেলুৱৈক লৈয়ে ব্যস্ত আছিল৷ হিমা দাস, হিমা দাসক লৈ ব্যস্ত থকাটো একো আপত্তি কৰিব লগা নাই, কিন্তু ৰাজ্যখনৰ বাকী খেলৰ আন্তঃগাঁথনি কেনেকুৱা সেয়া লাভলীনাৰ অলিম্পিক বিজয়ে বৰ নগ্ন ৰূপত প্ৰতিফলিত কৰিলে৷ লাভলীনাই দেখুৱাই দিলে যে অসমৰ গাঁৱে-ভূঞে বহুতো লাভলীনা পৰি আছে, সঠিক সুযোগ আৰু সুবিধা পালে এনে হাজাৰগৰাকী লাভলীনা ওলাই আহিব৷
ভাৰত বিশ্বৰ দ্বিতীয় সবৰ্বৃহৎ জনসংখ্যাৰ দেশ, প্ৰথমখন চীন৷ এই চীনে দেখুৱাই দিছে যে জনসংখ্যা কেতিয়াও দেশ এখনৰ কাৰণে বোজা হ’ব নোৱাৰে৷ ই মানৱ সম্পদ, যদি বেছি জনসংখ্যা আছে তেতিয়া হ’লে বেছি শক্তি আহৰণ কৰিব লাগিব, আজি চীনে সেই কথা দেখুৱাই দিছে৷ ১৯৩খন দেশে অংশগ্ৰহণ কৰা টকিঅ’ অলিম্পিকত চীনে বুধবাৰলৈকে ৮০টা পদক জয় কৰি তালিকাৰ শীৰ্ষস্থানত আৰোহণ কৰিছে৷ কিন্তু আজি ভাৰতৰ অৱস্থা কিয় এনেকুৱা হৈছে? ১৩০ কোটিৰ জনসংখ্যাৰ দেশখনত ১০টা পদক আনিবৰ বাবে মূৰে মাটি কাঢ়িব লগা হৈছে৷ পৰিতাপৰ কথা যে আমি বুধবাৰলৈ মাত্ৰ তিনিটা পদকেৰে পদকৰ তালিকাত ৬৫সংখ্যক আছে৷ প্ৰশ্ন হয়– কিয় এনে হৈছে৷ আমাতকৈ পাছত স্বাধীনতা পোৱা চীনৰ পৰা আমি কেতিয়া শিক্ষা ল’ম৷ নে কাষৰীয়া ৰাষ্ট্ৰখনক আমি শত্ৰুজ্ঞান কৰি থাকিম? খেলৰ ক্ষেত্ৰখনত চীনৰ সহায় ল’লে ভাৰতৰ বাবে অনাগত দিনত বহু সম্ভাৱনাৰ সুযোগ আনি দিব বুলি ভাবিব পাৰি৷
আচলতে আমাৰ দেশৰ খেলৰ ক্ষেত্ৰখন আজিও নিশকতীয়া হৈ আছে৷ ২০১৮ চনত চৰকাৰে বিদ্যালয় পৰ্যায়ত ‘খেলো ইণ্ডিয়া’ কাৰ্যসূচী বৰ ধুমধামেৰে আয়োজন কৰিছিল, সেই কাৰ্যসূচী উদ্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল, ‘খেলো ইণ্ডিয়া’ কাৰ্যসূচী কেৱল খেল নহয়, জয়ী হোৱাসকলে মেডেল পাব, কেৱল ইমানেই নহয়৷ খেলো ইণ্ডিয়া এক সামগ্ৰিক প্ৰৱেশ পথ, এক সৰ্বাত্মক ৰণকৌশলৰ সৈতে একেবাৰে নিম্নস্তৰৰ পৰা– সেয়া আন্তঃগাঁথনিৰ উন্নয়নেই হওক, প্ৰশিক্ষণৰ বিষয়েই হওক, ভৱন নিৰ্মাণৰ ক্ষেত্ৰতে হওক, খেলৰ নিয়মসমূহ সমানভাৱে তললৈকে লৈ যোৱাই হওক, খেলপথাৰৰ তথ্য একেবাৰে শেষৰজন ব্যক্তিলৈকে লৈ যোৱাই হওক, এটা এটা বিষয়ত ধ্যান দি খেলক বিজ্ঞানসন্মতভাৱে বিকাশ কৰাৰ এই কাম আৰম্ভ হৈছে৷’ কিন্তু পৰিতাপৰ কথা, সেই আৰম্ভণিয়েই যেন শেষ হ’ল৷ এই খেলো ইণ্ডিয়াৰ সুফল আজি দেশৰ প্ৰজন্মই কিন্তু পাবলৈ সক্ষম হোৱা নাই৷ খেলো ইণ্ডিয়াৰ বিকাশৰ বাবে চৰকাৰে প্ৰতিবছৰে ১,৪০০ কোটি খৰচ কৰাৰ কথা কৈছিল৷ কিন্তু ২০২১-২২ বৰ্ষৰ বাজেটত ইয়াৰ বাবে ৫৩ শতাংশ ধন কমকৈ ধাৰ্য কৰা হ’ল৷ অৰ্থাৎ এইবাৰ ধাৰ্য কৰা পুঁজি ৬৫৭ কোটি টকা৷ এই সম্পৰ্কত তথ্য দি ৰাজ্যসভাৰ স্থায়ী সমিতিয়ে মাৰ্চত কৈছে যে খেলো ইণ্ডিয়াৰ অধীনত দেশত ১০০খন ৰাষ্ট্ৰীয় খেল একাডেমী প্ৰতিষ্ঠাৰ কথা আছিল, কিন্তু হ’ল মাত্ৰ ৩৩খন৷ ১,০০০খন সৰু সৰু খেল একাডেমী প্ৰতিষ্ঠাৰ আঁচনি আছিল, কিন্তু হোৱা দেখুৱাইছে মাত্ৰ ১০৬খন, ইয়াৰে ৬০খন পূবেৰ্ প্ৰতিষ্ঠা কৰা, যাৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰা হৈছে মাত্ৰ৷
খেলৰ ক্ষেত্ৰত এনে অৱজ্ঞাসূচক কামৰ নমুনা সমগ্ৰ দেশতে সিঁচৰতি হৈ আছে৷ আমি আজি আনন্দৰ মুহূৰ্তত এইবোৰ কথা কোৱাৰ এইবাবেই প্ৰয়োজন হৈছে যে খেল কেৱল এখন দেশৰ গৌৰৱেই নহয়, খেল হৈছে এখন দেশৰ সুস্থতাৰো প্ৰতীক৷ সেয়ে আমি লাভলীনাক লৈ গৌৰৱ বা আনন্দ কৰাৰ সময়ত পাহৰি যোৱা উচিত নহয় যে আমাৰ ৰাজ্যত থকা হাজাৰ হাজাৰ লাভলীনাক উলিয়াই নিয়াৰ দায়িত্ব আমি সকলোৱেই ল’ব লাগিব৷ কেৱল এটা পদক জিকাৰ পাছত ৰাজকীয় সন্মানৰ নামত সকলোৱে বাঃ বাঃ লোৱাৰ মানসিকতা ত্যাগ কৰিব লাগিব৷ এইক্ষেত্ৰত লাভলীনাও সাৱধান হোৱা প্ৰয়োজন৷






