Logo
image

হ’ৰ্ডিং

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অনুমতি অবিহনে য’তে-ত’তে তেওঁৰ ফটো সংযোজিত কৰি ৰাজহুৱাকৈ আঁৰি নথ’বলৈ নিৰ্দেশ জাৰি কৰিছে৷ শেহতীয়াকৈ, লাভলীনা বৰগোহাঁইৰ অলিম্পিক যাত্ৰাৰ শুভেচ্ছামূলক হ’ৰ্ডিং আৰু ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকী উপলক্ষে প্ৰস্তুত কৰি উলিওৱা বেনাৰত মুখ্যমন্ত্ৰীৰ ফটোৰ আকাৰক লৈ হোৱা বিতৰ্কৰ প্ৰত্যুত্তৰ হিচাপে মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশনা জাৰি কৰিছে৷ বেনাৰত হকে-বিহকে মন্ত্ৰী-নেতাৰ ফটো লগাই প্ৰচাৰ চলোৱাটো বিগত কেইবছৰমানৰ পৰা এক ফেশ্বন হৈ পৰিছে৷ কেৱল এইজন মুখ্যমন্ত্ৰীৰহে ফটো এনেদৰে প্ৰচাৰিত হৈছে অথবা কেৱল অসমতহে এনেদৰে বেনাৰ-হ’ৰ্ডিঙৰ মেলা চলিছে, সেইটো নহয়৷ সমগ্ৰ দেশতেই এই ধাৰা অব্যাহত আছে৷ সংবাদ মাধ্যমত এনে হ’ৰ্ডি-বেনাৰৰ ফটোৰ কথাই ইতিমধ্যে আমোদজনক চৰ্চা লাভ কৰিছে৷ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক দশভুজা-দুৰ্গাৰ ৰূপত সজাই অসুৰ বধ কৰি থকা অৱস্থাৰ বেনাৰ এখন এবাৰ উত্তৰ প্ৰদেশৰ কোনোবা এটা কংগ্ৰেছ কাৰ্যালয়ৰ বাহিৰত আঁৰি থোৱা কথাটোৱে বেছ চৰ্চা লাভ কৰিছিল৷ আকৌ, তামিলনাডুৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী, ডি এম কে দলৰ নেতা প্ৰয়াত কৰুণানিধিক মহাভাৰতৰ যুদ্ধৰ ৰথত শ্ৰীকৃষ্ণৰ ৰূপত সজাই বেনাৰ আঁৰি লগোৱা হৈছিল৷ ৰথৰ আনজন আছিল তেওঁৰ পুত্ৰ ষ্টালিন, অৰ্জুনৰ ৰূপত৷ তামিলনাডুৰ আন এগৰাকী মুখ্যমন্ত্ৰী প্ৰয়াত জয়াললিতাৰ ক্ষমতা প্ৰদৰ্শনকাৰী এখন হ’ৰ্ডিঙে সকলোকে বিস্ময়াভিভূত কৰিছিল৷ বিশাল আকাৰৰ বেনাৰখনত মাজত থিয় হৈ আছে জয়াললিতা; দুয়োকাষে বাৰাক অ’বামাকে ধৰি বিশ্বৰ আন নেতাসকলে নতশিৰে থিয় হৈ আছে৷ কেনে হাস্যকৰ! দৃষ্টিকটু আৰু নিন্দনীয়৷ একেদৰে, মহাৰাষ্ট্ৰত প্ৰয়াত বাল থাক্‌ৰেক শ্ৰীৰাম সজাই হ’ৰ্ডিং আঁৰি দিছিল৷ এইবোৰ দুই-এক উদাহৰণহে৷ এনে অসংখ্য উদাহৰণেৰে ভাৰতৰ বাট-পথ উভৈনদী হৈ আছে৷ চিনেমা-থিয়েটাৰৰ বিজ্ঞাপনৰ দৰে এইবোৰ হৈছে ৰাজনৈতিক বিজ্ঞাপন৷ উৎপাদক-বিক্ৰেতাই পণ্য সামগ্ৰীৰ বিজ্ঞাপন দিয়ে গ্ৰাহকক আকৰ্ষণ কৰাৰ বাবে৷ নেতাই বিজ্ঞাপনেৰে ভোটাৰক বশ কৰি ৰাখিব খোজে৷ কিন্তু, এনে বিজ্ঞাপনৰ বাবে প্ৰয়োজনীয় ধন আহে ক’ৰপৰা? ৰাজনৈতিক দল অথবা চৰকাৰ কিবা বহুজাতিক কোম্পানী নেকি? এনেধৰণৰ প্ৰচাৰমূলক তথা অনুৎপাদনশীল কামৰ নামত ধনৰ অপব্যয় কৰা উদ্ভট চিন্তাবোৰ কোনবোৰ অনুৰ্বৰ মগজুৰ পৰা নিসৃত হয়, সেয়াও এক ভাবিবলগীয়া কথা৷ দল, চৰকাৰ বা প্ৰশাসনীয় স্তৰত এনে কামৰ বিৰোধ কৰা কোনো নোলায়নে? চৰকাৰৰ প্ৰতিখন উন্নয়নমূলক আঁচনিৰ নামত মন্ত্ৰী-বিষয়াৰ ফটোসহকাৰে য’তে-ত’তে ইমানবোৰ বিজ্ঞাপন প্ৰচাৰ কৰা হয় যে, আবণ্টিত ধনৰ এক বিশাল ৰাশি এইবোৰতেই শেষ হৈ যায়৷ নিৰ্বাচনকে ধৰি যিকোনো উৎসৱ উদ্‌যাপনৰ সময়ত হাজাৰ কোটি টকাৰ শৰাধ হয়৷ পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱত দেশত কতবোৰ উন্নয়নমূলক কাম আধৰুৱা হৈ ৰয়, জহি-খহি যোৱা ৰাজহুৱা সম্পদ মেৰামতিৰ কাম ধনৰ অভাৱত নকৰাকৈয়ে পৰি ৰয়, অথচ বিৰক্তিকৰ কিছুমান কামৰ বাবদ ৰাজকোষৰ ধনৰ অপব্যয় হয়৷ ৰজাৰ পৰা প্ৰজালৈ এতিয়া সকলোৰে হাতে হাতে ইণ্টাৰনেটযুক্ত ম’বাইল ফোন৷ হাতৰ তলুৱাত সমস্ত পৃথিৱীৰ কৰ্মকাণ্ড স্বচক্ষে প্ৰত্যক্ষ কৰা যায়৷ আমাৰ দৰে আন দেশবোৰেও এনেদৰে অযুক্তিকৰ কাম-কাজ কৰি ফুৰা কোনোবাই দেখিছেনে? জাপানত সম্প্ৰতি চলি থকা অলিম্পিকৰ মূল তোৰণৰ ছবি ছ’চিয়েল মিডিয়াত ‘আপলোড’ কৰি কোনোবাই দেখুৱাইছিল কিদৰে ‘নেতা’ৰ ফটো অবিহনেই সেইবোৰ সজোৱা হৈছে৷ আমাৰ নেতাসকলেও দেখিছে৷ এইবোৰ দেখি-শুনিও আমাৰ শিক্ষা নহয় কিয়! মুখ্যমন্ত্ৰীয়ে অতি সম্প্ৰতি ফটো ব্যৱহাৰক লৈ যি নিৰ্দেশনা জাৰি কৰিছে, সেই বিষয়টো নেতাসকলে গুৰুত্বসহকাৰে ল’বনে? মুখ্যমন্ত্ৰীয়েইবা কিমান সময়লৈ এই কথা মনত ৰাখে! ৰাতিটোৰ ভিতৰতে কৰোঁ বুলিয়েই ‘নোটবন্দী’ৰ দৰে ঘটনা সংঘটিত কৰোৱা আমাৰ প্ৰধানমন্ত্ৰীৰ দৰে মুখ্যমন্ত্ৰীয়েও এই ‘ফটো’ সংযোজিত বিজ্ঞাপনবোৰ এক কাঢ়া নিৰ্দেশেৰে বন্ধ কৰিব নোৱাৰেনে?