ৰাজনৈতিক আদৰ্শ, আদৰ্শহীন ৰাজনীতি
কোনো ৰাজনৈতিক দলৰ নীতি, আদৰ্শ, মূল্যবোধৰ প্ৰতি আকৃষ্ট হৈ সেই দলত যোগদান কৰি কোনো ব্যক্তিয়ে দলটোত যোগদান কৰি দলৰ সদস্য হয়৷ তেনে ব্যক্তিৰ মাজতে সাংগঠনিক নেতৃত্ব দিব পৰা গুণ, ব্যক্তিত্ব, দলৰ ভিতৰত জনপ্ৰিয়তা, ঊধবৰ্তন নেতৃত্বৰ প্ৰতি আনুগত্য আদিক নিৰ্ভৰ কৰি বহুতেই নেতা পৰ্যায়লৈ উন্নীত হয় আৰু পৰিৱেশ, পৰিস্থিতি অনুকূলে গ’লে বিধায়ক, সাংসদ, মন্ত্ৰী হোৱাৰো সুযোগ লাভ কৰে৷ দেশৰ স্বাধীনতাত মূল ভূমিকা গ্ৰহণ কৰা কংগ্ৰেছে স্বাধীনতাৰ পাছত কেন্দ্ৰত বহুবাৰ চৰকাৰ গঠন কৰাৰ লগতে ৰাজ্যসমূহতো চৰকাৰ গঠন কৰি আহিছে৷ এই দলত প্ৰতিনিধিত্ব কৰিয়েই বহুজন প্ৰধানমন্ত্ৰী হ’ল, বহুজন কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী হ’ল আৰু বহুজন মন্ত্ৰী, বিধায়ক, দলৰ সভাপতি, সম্পাদক আদি হ’ল৷ ঠিক তেনেদৰে সময়ৰ লগে লগে পৰিৱৰ্তিত পৰিস্থিতিৰ লগত সংগতি ৰাখি ৰাজনৈতিক মতাদৰ্শৰ ভিত্তিত দেশত আন বহু ৰাষ্ট্ৰীয় দল, আঞ্চলিক দল আদিৰ জন্ম হৈছে৷ বামপন্থী আদৰ্শক ভিত্তি কৰি গঠিত দেশত কেইবাটাও বামপন্থী দলে নিৰ্বাচনসমূহত অংশগ্ৰহণ কৰাৰ লগতে নিজৰ আদৰ্শকো জীয়াই ৰাখিছে৷ ৮০১ দশকত জন্মলাভ কৰি বৰ্তমান দেশৰ সবাতোকৈ শক্তিশালী তথা বৃহৎ দলৰূপে পৰিগণিত হোৱা বিজেপি দলেও এক নিৰ্দিষ্ট আদৰ্শৰ ভিত্তিত গঢ় লৈ কেন্দ্ৰৰ লগতে বহুকেইখন ৰাজ্যৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্ৰীয় দলেই হওক বা আঞ্চলিক দলেই হওক প্ৰত্যেকেই নিৰ্দিষ্ট আদৰ্শৰ ভিত্তিত গঠিত হয় আৰু সংশ্লিষ্ট দলসমূহৰ প্ৰতি আকৃষ্ট হৈ সমৰ্থকসকলে যোগদান কৰে, ভোটাৰেও ভোট দিয়ে৷ আচলতে ৰাজনীতিত সেয়াই হোৱাটো এক প্ৰকাৰৰ স্বাভাৱিক প্ৰক্ৰিয়া যদিও আজিৰ ৰাজনীতি তেনে ধৰণে চলা নাই৷ এক ৰাজনৈতিক আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কোনো দলত যোগদান কৰি মন্ত্ৰী, সাংসদ, বিধায়ক, নেতা-পালিনেতা হোৱা লোকে ৰাতিটোৰ ভিতৰতে, কেইঘণ্টামানৰ ভিতৰতে সম্পূৰ্ণ বিপৰীত আদৰ্শৰে পৰিচালিত হোৱা দলত যোগদান কৰা উদাহৰণ এতিয়া দেশত সহজলভ্য৷ যোৱা বিধানসভা নিৰ্বাচনত পশ্চিমবংগ, অসমত বহু নেতাই কেইদিনমান আগলৈকে অতি কটু সমালোচনা কৰা দলতে যোগদান কৰি নতুন দলটোৰ গুণ-গান কৰা বহু নেতাক ৰাইজে দেখিবলৈ পালে৷ অসমত আঞ্চলিকতাবাদৰ গুণ-গান গাই কেইঘণ্টামান পাছতে গেৰুৱা বসন পৰিধান কৰি বিজেপিৰ টিকটত নিৰ্বাচন খেলি জয়লাভ কৰাটোও ৰাইজে প্ৰত্যক্ষ কৰিলে৷ যোৱা নিৰ্বাচনত অসমত আঞ্চলিক দলৰ প্ৰাৰ্থীৰ নামো বিজেপি দলৰ সৰ্বশক্তিমান নেতাইহে নিশ্চিত কৰিলে৷ নৱগঠিত আঞ্চলিক দলকেইটাৰ পৰাও বহু প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ’ল যদিও এচামে যে আদৰ্শগত কাৰণৰ বাবে নহয়, ক্ষমতাৰ বাবেহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল সেয়া প্ৰতিপন্ন হ’ল৷ মুঠতে অসমৰ ৰাজনৈতিক দৃশ্যপট লক্ষ্য কৰিলে দেখা যায় যে এতিয়া ৰাজনৈতিক আদৰ্শৰ পৰিৱৰ্তে এক আদৰ্শহীন ৰাজনীতিয়েহে অধিক অগ্ৰাধিকাৰ লাভ কৰিছে৷ সেই কথাক পূৰ্ণ ৰূপত প্ৰমাণ কৰি সৌ সিদিনা কংগ্ৰেছৰ টিকটত নিৰ্বাচিত হৈ বিধানসভাৰ নিৰ্বাচনৰ আগলৈকে বিজেপিক কটু সমালোচনা কৰা কেইবাজনো কংগ্ৰেছ বিধায়কে পূৰ্বৰ ৰাজনৈতিক আদৰ্শক সম্পূৰ্ণ জলাঞ্জলি দি গেৰুৱা বসন পৰিধান কৰিলে৷ অৱশ্যে এইকেইজনেই এনেদৰে ৰাজনৈতিক আদৰ্শৰ পৰিৱৰ্তন ঘটোৱা প্ৰথম ব্যক্তি নহয়৷ বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰৰ গৰিষ্ঠসংখ্যকেই কংগ্ৰেছ দলত দহ-পোন্ধৰ বছৰ কটাই মন্ত্ৰী-নেতা হোৱাৰ পাছতহে বিজেপি দলত যোগদান কৰিছে৷ ঠিক তেনেদৰে আঞ্চলিক দলক প্ৰতিনিধিত্ব কৰি নেতা, মন্ত্ৰী, সাংসদ হোৱাও বহুজন কংগ্ৰেছ বিজেপি দললৈ গৈছে৷ মুঠতে এতিয়া এটা ৰাজনৈতিক আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ ৰাজনীতি কৰা লোকে হঠাতে অন্য আদৰ্শৰ দ্বাৰা পৰিচালিত দলত যোগদান কৰাৰ পৰিপ্ৰেক্ষিতত ৰাইজো বিভ্ৰান্ত আৰু হতভম্ব হৈছে৷ লক্ষণীয়ভাৱে বহু ভোটাৰেও শাসনাধিষ্ঠিত দলৰ লোককে সা-সুবিধাৰ আশাত ভোট দিয়াৰ প্ৰৱণতা বৃদ্ধি পোৱালৈ চাই অন্য দলৰ পৰা শাসনাধিষ্ঠিত দললৈ অহা নেতাসকলৰো নিৰ্বাচন হ’লে নিজৰ বিজয় নিশ্চিত হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে ৰাজনৈতিক আদৰ্শ আৰু আদৰ্শহীন ৰাজনীতিৰ বাবে কংগ্ৰেছৰ দৰে শবছৰীয়া ইতিহাসেৰে সমৃদ্ধ এটা দলৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে৷ দলটোৰ সদ্যপ্ৰাক্তন ৰাজ্যিক সভাপতিজনে নতুন সভাপতিক দায়িত্ব অৰ্পণ কৰাৰ সময়ত অকপটে স্বীকাৰ কৰিছে যে নিজৰ সভাপতিত্বৰ কালছোৱাত বিজেপিৰ বিৰুদ্ধে যুঁজাত ব্যস্ত থকাৰ পৰিৱৰ্তে নিজৰ গাদী ৰক্ষাতহে অধিক যুঁজিব লগা হৈছিল৷ এয়া প্ৰকৃত ৰাজনৈতিক আদৰ্শৰ অভাৱ আৰু আদৰ্শহীন ৰাজনীতিৰ পূৰ্ণ প্ৰতিফলন!






