আইডল-কাণ্ডঃ মুখ্যমন্ত্ৰীৰ ভূমিকা ৰহস্যজনক
বিশ্ববিদ্যালয় একোখন হ’ল সমাজৰ দাপোণ৷ বিশ্ববিদ্যালয়ৰ কাম-কাজত প্ৰতিফলিত হয় সমাজৰ চিত্ৰ৷ বিশ্ববিদ্যালয়ৰ জ্ঞান-গৱেষণাৰ যোগেদি দেশ আৰু ৰাজ্য এখনক বাহিৰৰ মানুহে চিনি পায়৷ তেনে কাৰণতে সমাজে বিশ্ববিদ্যালয়ৰ বিস্তাৰ আৰু বিকাশ বিচাৰে৷ বিশ্ববিদ্যালয় বুলিলে ব্যৱস্থাটোৰ অধীন সকলো অনুষ্ঠানৰ সামগ্ৰিক অৱয়বটোক বুজে৷
বিশ্ববিদ্যালয় এখনৰ গৰিমাত আঘাত লগা মানে সমাজৰ গৰিমাত আঘাত লগা৷ যি বিশ্ববিদ্যালয়ে সমাজক বাহিৰৰ জগতৰ লগত চিনাকি কৰায়, সেই বিশ্ববিদ্যালয়ৰ অৱনতিয়ে সমাজৰ ভৱিষ্যৎ অনিশ্চয়তালৈ ঠেলি দিয়ে৷
ভাৰতত বিশ্ববিখ্যাত বিশ্ববিদ্যালয় বেছি নাই যদিও ভাৰতৰ বিশ্ববিদ্যালয়সমূহে দেশৰ ঐতিহ্য, গৰিমা আৰু দৰ্শনক প্ৰতিনিধিত্ব কৰি আছে৷ অসমৰ ক্ষেত্ৰতো একে কথা৷ অসমৰ বিশ্ববিদ্যালয়সমূহে অসমৰ সমাজৰ ছবি কঢ়িয়াই লৈ ফুৰিছে৷ পিছে, শেহতীয়াভাৱে বিশ্ববিদ্যালয় ব্যৱস্থাৰ গৰিমাত আঘাত লাগিছে আৰু সেই আঘাতত বিপৰ্যস্ত হৈছে শৈক্ষিক সমাজ৷ ৰাজ্যৰ আগশাৰীৰ কেইবাখনো বিশ্ববিদ্যালয়ত সংঘটিত হৈছে ব্যাপক বিত্তীয় খেলিমেলি৷ যোৰহাটত অৱস্থিত কৃষি বিশ্ববিদ্যালয়ত সংঘটিত বিত্তীয় খেলিমেলিৰ বাতৰিয়ে ব্যৱস্থাটোৰ ওপৰতে অবিশ্বাসৰ সৃষ্টি কৰিছে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক উপ-পঞ্জীয়ক আদিৰ নিন্দনীয় কাৰ্যই ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ মৰ্যাদা ভূলুণ্ঠিত কৰিছে৷
একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুকলি শিক্ষাৰ কেন্দ্ৰ আইডলত সংঘটিত হৈছে বৃহৎ বিত্তীয় খেলিমেলি, য’ত সাঙোৰ খাইছে বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্য, পঞ্জীয়ক আৰু আইডলৰ সঞ্চালককে ধৰি ভালেমান উচ্ছশিক্ষিত ব্যক্তিৰ নাম৷ সকলোৰে চকু কপালত উঠিছে, যেতিয়া আইডল-কাণ্ডৰ মূল অভিযুক্তক তদন্ত প্ৰক্ৰিয়াৰ মাজতে আন এখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পতা হৈছে৷ উপাচাৰ্য এজনক নিয়োগ কৰা হয় আচাৰ্যৰ দ্বাৰা গঠিত বাছনি সমিতিৰ নিৰ্বাচনৰ ভিত্তিত৷ তেনেক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ জ্ঞাতসাৰে আইডলত সঞ্চালক হিচাপে বিত্তীয় খেলিমেলি কৰা অধ্যাপকক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুকলি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া দেখা গৈছে৷ এই কথাই আচাৰ্যৰ ভূমিকা উদঙাই দিছে৷ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অনুমোদন সাপেক্ষে ভিতৰুৱা বুজাবুজিৰে আচাৰ্য অধ্যাপক জগদীশ মুখিয়ে আইডল-কাণ্ডৰ মূল নায়কক ৰক্ষণাবেক্ষণৰ বাবে চৌহদ এৰি যাবলৈ সুযোগ দিয়া বুলি অনুমান কৰা হৈছে৷ আচাৰ্য জগদীশ মুখিৰ হস্তক্ষেপ নাথাকিলে এজন অভিযুক্ত অধ্যাপকে তদন্তকালতে বিশ্ববিদ্যালয় চৌহদ এৰি আন এখন বিশ্ববিদ্যালয়ত উপাচাৰ্য হ’ব নোৱাৰিহেঁতেন বুলি বিশ্বাসৰ জন্ম হৈছে৷ অধ্যাপকৰ পৰা আচাৰ্য হোৱা এজন ব্যক্তিৰ এনে কাৰ্যই বিশ্ববিদ্যালয় ব্যৱস্থাটোক ইতিমধ্যে বহু ক্ষতি কৰিছে৷ ছোভিয়েট ৰাছিয়াৰ বিশ্ববিদ্যালয়ত দীক্ষা লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষক হোৱা এইজন অভিযুক্তৰ কৰ্মকাণ্ডই বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু উপাচাৰ্য পদৰ গৰিমাত কলংক সানিছে৷ বাঁওপন্থী আদৰ্শৰ প্ৰচাৰক, প্ৰগতিশীল অধ্যাপকে আইডলৰ সঞ্চালক হৈ অনুমোদন নথকা বিষয়ত ডিগ্ৰী দি হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে৷
লক্ষণীয় দিশটো হ’ল, ঘটনা কালৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ আইডল-কাণ্ড আৰু লেহেমীয়া বিচাৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অৱলম্বন কৰিছে সন্দেহজনক নীৰৱতা আৰু ৰহস্যজনক ভূমিকা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ভূমিকাও হৈ পৰিছে সমানে সন্দেহজনক৷
‘কেগ’ৰ প্ৰতিবেদনত উন্মোচিত কাণ্ডটোৰ কথা প্ৰচাৰ হোৱাৰ সময়ত শিক্ষক আৰু ছাত্ৰ সংগঠনসমূহে জাঙুৰ খাই উঠিছিল৷ তেনে কাৰণতে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই বিষয়টোৰ ওপৰত তদন্ত কৰাবলৈ বাধ্য হৈছিল৷ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক তদন্ত কৰিবলৈ দিয়া হৈছিল৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তদন্ত প্ৰতিবেদনত মূল দোষীক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছিল৷ তেনে পৰামৰ্শসমূহ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই কৌশল কৰি দীঘলীয়া সময়ৰ বাবে ধোঁৱাচাঙত তুলি থৈছিল৷ এনে কাণ্ডত ক্ষোভিত হৈ এজন ছাত্ৰনেতাই আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰে৷ বিষয় গৈ আদালত পোৱাত আৰু প্ৰায় সকলো কাকতে এই খবৰ ডাঙৰকৈ প্ৰকাশ কৰাত গা লৰা চৰকাৰ আৰু উপাচাৰ্যই বহু পলম কৰি ব্যৱস্থা গ্ৰহণৰ লেহেমীয়া পথ অনুসৰণ কৰে৷ বিভাগীয় তদন্তৰ নামত পুনৰ নতুন নাটক আৰম্ভ হৈছে৷
প্ৰতিখন কাকতে আইডল-কাণ্ড আৰু বিচাৰ প্ৰক্ৰিয়াৰ বিসংগতিৰ কথাক লৈ বাতৰি প্ৰকাশ কৰিছে, প্ৰতিটো বৈদ্যুতিন মাধ্যমে এই বিষয়ত প্ৰতিবেদন প্ৰকাশ কৰিছে৷ সামাজিক মাধ্যমত এই বিষয়টোত ব্যাপক চৰ্চা হৈছে৷ তাৰপাছতো বিষয়টোৰ নিষ্পত্তি এতিয়াও বাকী৷
আগৰ চৰকাৰৰ দিনতে বিধানসভাত বিষয়টো আলোচনা হৈছিল৷ সেইসময়ৰ শিক্ষামন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তদন্তত দোষী সাব্যস্ত হ’লে অভিযুক্তক উপাচাৰ্য পদৰ পৰা অৱনমিত কৰা হ’ব বুলি বিধানসভাত ঘোষণা কৰিছিল৷ তাৰপাছত বিচাৰৰ নামত বহু সময় ব্যয় কৰিছে৷ বিষয়টোৱে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত চৰ্চিত হৈ থকা অৱস্থাতে চলিত বিধানসভাত প্ৰশ্ন উত্থাপন হৈছে৷ প্ৰশ্নৰ উত্তৰত বৰ্তমানৰ শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগুৱে গতানুগতিক আৰু আৱেগবিহীন সুৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে৷ আন এক লক্ষণীয় দিশ হ’ল, সকলো বিষয়তে মাত মতা অখিল গগৈ, মনোৰঞ্জন তালুকদাৰৰ দৰে বিৰোধী বিধায়কেও এইক্ষেত্ৰত ৰহস্যজনক মৌনতা অৱলম্বন কৰা দেখা গৈছে৷ সকলো মিলি সৃষ্টি হৈছে গভীৰ অনিশ্চয়তা, যি অনিশ্চয়তাৰ ডাৱৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ভৱিষ্যৎ আৱৰি ধৰিছে৷
আইডল-কাণ্ডৰ নায়কসকলক শাস্তি প্ৰদানৰ সলনি ৰক্ষণাবেক্ষণ দিলে ৰাজ্যপালৰ পৰা বিৰোধী বিধায়কলৈ– সকলোৱে ৰাইজৰ বিচাৰত দোষী সাব্যস্ত হৈ ৰ’ব৷ মুখ্যমন্ত্ৰীয়ে হেৰুৱাব শৈক্ষিক সমাজৰ বিশ্বাসযোগ্যতা৷ ফলত ভৱিষ্যতে শিক্ষাৰ সংস্কাৰৰ কথাবোৰক ৰাইজে কেৱল বাতুলতা আৰু অন্তঃসাৰশূন্য শ্লোগান বুলি বিবেচনা কৰিব৷ এই কথাই সমাজক বহু ক্ষতি কৰিব৷






