অসমৰ বক্সিঙলৈ নতুন সম্ভাৱনা
এতিয়ালৈকে অসমৰ পৰা যিকেইজন খেলুৱৈয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে, তেওঁলোকৰ দুজন হৈছে বক্সাৰ আৰু বক্সিঙতে অসমলৈ আহিল প্ৰথমটো অলিম্পিক পদক৷ টকিঅ’ অলিম্পিকত ভাগ লোৱা ভাৰতীয় বক্সিং দলটোত আছিল ৯জন সদস্য, আৰু দলটোৰ পৰা আশা কৰা হৈছিল কমেও তিনিটা পদক৷ কিন্তু নৱৰত্ন আখ্যা পোৱা দলটোৰ কেৱল অসমৰ লাভলীনা বৰগোহাঁইহে সফল হ’ল পদক লাভ কৰিবলৈ৷ নিঃসন্দেহে এয়া অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বক্সিঙৰ বাবে উৎসাহৰ বিষয়৷ অলিম্পিকৰ বক্সিঙত এতিয়ালৈকে ভাৰতৰ নামত আছে তিনিটা ব্ৰঞ্জৰ পদক আৰু ইয়াৰে দুটা পদকেই লাভ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ বক্সাৰে৷ ২০০৮ চনৰ বেইজিং অলিম্পিকত বীজেন্দৰ কুমাৰে ব্ৰঞ্জৰ পদক পোৱাৰ পাছত ২০১২ চনৰ লণ্ডন অলিম্পিকত দ্বিতীয়টো ব্ৰঞ্জৰ পদক জয় কৰিছিল এম চি মেৰী কমে৷ হকীক বাদ দি অলিম্পিকৰ ব্যক্তিগত ইভেণ্টত এতিয়ালৈকে ভাৰতে সৰ্বাধিক সাতটা পদক পাইছে মল্লযুঁজত৷ তাৰ পাছত শ্বুটিঙত আছে চাৰিটা পদক৷ টকিঅ’ অলিম্পিকতো শ্বুটাৰৰ পৰা পদক আশা কৰা হৈছিল যদিও খালী হাতে উভতিবলগীয়া হ’ল তেওঁলোক৷ এইবাৰৰ অলিম্পিকত ভাৰতৰ হৈ বক্সিঙত একমাত্ৰ পদকটো লাভ কৰা লাভলীনা বৰগোহাঁই এতিয়া চৰ্চিত নাম হৈ পৰিব ভাৰতীয় ক্ৰীড়াত, যিদৰে এথলেটিকছৰ ক্ষেত্ৰখনত উত্থান হৈছিল হিমা দাসৰ৷ লাভলীনাৰ এই সফলতাই নিঃসন্দেহে উৎসাহ যোগাব ৰাজ্যখনৰ উঠি অহা খেলুৱৈসকলক৷ লাভলীনাৰ পূৰ্বে শিৱ থাপাই ২০১২ আৰু ২০১৬ চনৰ অলিম্পিকত ভাগ লৈছিল যদিও পদক জয় কৰিবলৈ সক্ষম হোৱা নাছিল৷ শেহতীয়াকৈ দেখা গৈছে যে অসমৰ গাঁও অঞ্চলৰ পৰা অহা কেইবাজনো বক্সাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাইছে৷ এই খেলুৱৈসকলে তেওঁলোকৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা ধৰি ৰাখিবলৈ হ’লে তেওঁলোকক প্ৰয়োজন উপযুক্ত সা-সুবিধাৰ লগতে পথ প্ৰদৰ্শকৰ৷
হাৰিয়ানাক ভাৰতীয় ক্ৰীড়াৰ ছুপাৰ পাৱাৰ বুলি ক’লে ভুল কৰা নহ’ব৷ ক্ৰীড়াৰ মান উন্নত কৰাৰ ক্ষেত্ৰত হাৰিয়ানা চৰকাৰে যি পদক্ষেপ লৈছে তাত ৰাজ্যখনে সফলতাও পাইছে৷ হাৰিয়ানাৰ খেলুৱৈয়ে যিধৰণৰ সা-সুবিধা লাভ কৰে, তাৰ তুলনাত অসমৰ খেলুৱৈৰ সুযোগ, সুবিধা তেনেই সীমিত৷ সেই সীমিত সুযোগ, সুবিধাৰেই লাভলীনা, হিমা দাসৰ দৰে খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফল হ’ব পাৰিছে৷ ভৱিষ্যতলৈ অধিক লাভলীনা, শিৱ থাপা আৰু হিমা দাসৰ সৃষ্টি কৰিবলৈ হ’লে প্ৰয়োজন হ’ব ৰাজ্যখনত এক নিদ্দিৰ্ষ্ট ক্ৰীড়া আঁচনি৷ ৰাজ্যৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত শেহতীয়াকৈ উন্নত আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে যদিও এই সুবিধা ৰাজ্যখনৰ আন ঠাইৰ খেলুৱৈৰ বাবে সম্ভৱ হোৱা নাই৷ বক্সিঙৰ কথাটোৱে ধৰা যাওক৷ অসমৰ বহু খেলুৱৈৰ অনুশীলনৰ বাবে উপযুক্ত বক্সিং ৰিঙৰ অভাৱৰ অভিযোগ প্ৰায়েই শুনা যায়৷ এইবোৰ দিশত ৰাজ্য চৰকাৰে নজৰ দিয়া উচিত৷ অসমৰ যিকেইজন বক্সাৰে উল্লেখনীয় সফলতা অৰ্জন কৰিছে, সেয়া সম্ভৱ হৈছে মূলতঃ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ [ছাই] বাবে৷ স্বীকাৰ কৰিব লাগিব যে অসমত বক্সিং, আৰ্চাৰীৰ দৰে খেলৰ উত্তৰণৰ ক্ষেত্ৰত ‘ছাই’ৰ যথেষ্ট ভূমিকা আছে৷ লাভলীনাই সফলতাৰ যি পথ দেখুৱাইছে, সেই পথেৰে বাট বুলিবলৈ আগ্ৰহী হ’ব ৰাজ্যৰ বহু খেলুৱৈ৷ এইসকল খেলুৱৈক সঠিক দিশত আগবঢ়াই নিবলৈ হ’লে তেওঁলোকক প্ৰয়োজন হ’ব উপযুক্ত প্ৰশিক্ষণ আৰু অনুশীলনৰ ব্যৱস্থা কৰাৰ৷ তাৰবাবে ৰাজ্য চৰকাৰে অভিজ্ঞ প্ৰশিক্ষকৰ লগতে উন্নতমানৰ বক্সিং ৰিং যোগান ধৰা উচিত৷ অসমত বক্সিঙৰ মান আৰু অধিক উন্নত কৰিবলৈ হ’লে ৰাজ্যখনত এখন বক্সিং একাডেমীৰ প্ৰয়োজন৷ ভাৰতীয় বক্সিং ফেডাৰেশ্বনে ইতিমধ্যে অসমত এখন একাডেমী স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ ৰাজ্য চৰকাৰেও এইক্ষেত্ৰত ফেডাৰেশ্বনক সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱা উচিত৷ অসমৰ বাবে ভাল কথাটো হৈছে যে ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰ বৰ্তমানৰ সম্পাদকজন হৈছে অসমৰ [হেমন্ত কুমাৰ কলিতা]৷কলিতাৰ যোগেদি নিশ্চয় অসমৰ বক্সাৰে ৰাষ্ট্ৰীয় ফেডাৰেশ্বনৰ পৰা প্ৰয়োজনীয় সহায়-সমৰ্থন পাব৷ ৰাজ্য চৰকাৰৰো এইক্ষেত্ৰত কৰিবলগীয়া যথেষ্ট আছে৷
প্ৰায়েই দেখা যায় যে কোনো এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয় কৰি আহিলে খেলুৱৈ এজনক সম্বৰ্ধনা জনোৱাৰ এক অঘোষিত প্ৰতিযোগিতা হয়৷ লাভলীনাৰ ক্ষেত্ৰতো হয়তো তাৰ ব্যতিক্ৰম নহ’ব৷ দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ এজনক সম্বৰ্ধনা জনোৱাটো অস্বাভাৱিক নহয়৷ কিন্তু এই কামবোৰে যাতে খেলুৱৈৰ মনঃসংযোগ বিচ্ছিন্ন নকৰে, তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত৷ এইক্ষেত্ৰত সংবাদ মাধ্যমৰো কৰিবলগীয়া বহুখিনি আছে৷ লাভলীনাৰ বয়স ২৩ বছৰ৷ আৰু দুবাৰ অলিম্পিকত ভাগ লোৱাৰ সুযোগ পাব বক্সাৰগৰাকীয়ে৷ যাতে তেওঁ নিজ লক্ষ্যত অটল থাকিব পাৰে, তাৰ ব্যৱস্থা লওক অভিভাৱকেও৷






