Logo
image

বহনক্ষম উন্নয়ন আৰু যুৱসমাজ

জীৱন জীবৰ বাবে পৃথিৱীখন এতিয়া সহজ হৈ থকা নাই৷ জীৱনৰ পদে পদে আহি পৰা বিপদ-বিঘিনি দূৰ কৰি সাহসেৰে আগবাঢ়ি যাব পাৰিলেহে জীৱন জীব পাৰিম৷ পৃথিৱী নামৰ সেউজীয়া গ্ৰহটোৰ পূৰ্বৰ পৰিৱেশ আজি আৰু নাই৷ জনসংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে নগৰীকৰণ, উদ্যোগীকৰণ আৰু উন্নয়নমুখী কাম-কাজে পৃথিৱীত বায়ু প্ৰদূষণ, জল প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে৷ ইয়াৰ উপৰি কম মাটিত অধিক উৎপাদনৰ লক্ষ্যৰে ৰাসায়নিক সাৰ আৰু শস্যত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত কৃষিভূমিৰ উৰ্বৰতা নাইকিয়া হৈছে৷ সাম্প্ৰতিক সময়ত যুৱসমাজ বিভিন্ন সমস্যাৰ সৈতে মুখামুখি হ’বলগীয়া হৈছে৷ এই সমস্যাসমূহ দূৰ কৰিবলৈ হ’লে যুৱসমাজ শিক্ষিত হ’ব লাগিব আৰু নতুন নতুন উদ্ভাৱনেৰে সমস্যাৰ মোকাবিলা কৰিব লাগিব৷ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন মতে, বিশ্বৰ ১৫১ পৰা ২৪ বছৰ বয়সৰ লোকৰ সংখ্যা ৰ.জ্জ্ব বিলিয়ন৷ ইয়াৰে প্ৰতি দহজনৰ জ্ঝজনেই বাস কৰে উন্নয়নশীল ৰাষ্ট্ৰত৷ বিশ্বৰ সৰ্বাধিক যুৱ লোক থকা দেশ ভাৰতত পৃথিৱীৰ মুঠ যুৱ সমাজৰ প্ৰায় ৩৪ শতাংশ আছে৷ সেই সংখ্যাক ভিত্তি কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায়েই কয় যে যি সময়ত বিশ্বত কামৰ বাবে কৰ্মঠ লোকৰ অভাৱ হ’ব, সেই সময়ত ভাৰত কৰ্মঠ লোকেৰে ভৰি পৰিব৷ কিন্তু এই লোকসকলক তাৰ বাবে উন্নতমানৰ শিক্ষা, প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব৷ শিক্ষা আৰু নতুন নতুন উদ্ভাৱনীমূলক ব্যৱস্থাৰে সমাজখনক আগবঢ়াই নিয়াৰ দায়িত্ব যুৱসমাজেই গ্ৰহণ কৰিব লাগিব৷ কিন্তু বিশ্বৰ সৰ্বাধিক যুৱ লোক থকা ভাৰতে বিভিন্ন ক্ষেত্ৰত বিশ্বৰ যুৱসমাজৰ সৈতে ফেৰ মাৰিব পাৰিবনে? উল্লেখ্য, সদ্যসমাপ্ত টকিঅ’ অলিম্পিকত ভাৰতৰ যুৱসমাজৰ প্ৰদৰ্শন বিশ্বৰ যুৱসমাজৰ তুলনাত তেনেই নিষ্প্ৰভ৷ ভাৰতত এতিয়াও যুৱসমাজৰ দক্ষতা, বৌদ্ধিক বিকাশ আশানুৰূপ ধৰণে কৰিব হোৱা নাই৷ সেইবাবেই হয়তো মঙলবাৰে প্ৰকাশ পোৱা বৈশ্বিক যুৱ উন্নয়ন সূচকাংকত ভাৰতে ১৮১খন ৰাষ্ট্ৰৰ ভিতৰত ১২২সংখ্যক স্থানহে লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য, লণ্ডনৰ কমনৱেল্‌থ ছেক্ৰেটেৰীয়ে প্ৰকাশ কৰা বৈশ্বিক যুৱ উন্নয়ন সূচকাংকত ছিংগাপুৰে শীৰ্ষস্থান দখল কৰিছে৷ অৱশ্যে, ২০১০ চনৰ পৰা ২০১৮ চনলৈ বৈশ্বিক যুৱসমাজৰ উন্নয়নৰ হাৰ ৩.১% যদিও উক্ত সময়ছোৱাত ভাৰতৰ যুৱসমাজৰ উন্নয়ন ১৫.৭৪%৷ উক্ত প্ৰতিবেদন মতে, এই সময়ছোৱাত ভাৰতীয় যুৱসমাজৰ শিক্ষা, সংস্থাপন, স্বাস্থ্য, সামাজিক অন্তৰ্ভুক্তি, শান্তি, সুৰক্ষা, ৰাজনৈতিক আৰু সামাজিক অংশগ্ৰহণ আদিৰ ভালেখিনি উন্নয়ন হৈছে৷ কিন্তু এতিয়াও আমি বহু পিছপৰি আছোঁ৷ যুৱসমাজক সময়োপযোগী শিক্ষা দিয়াৰ লগতে বিজ্ঞান-প্ৰযুক্তিৰ ন-ন উদ্ভাৱনেৰে আগবঢ়াই নি ভৱিষ্যতৰ বৈশ্বিক মানৱ সম্পদৰূপে গঢ় দিব পাৰিলে নিশ্চয় ভাৰতীয় যুৱসমাজ বিভিন্ন ক্ষেত্ৰত উজলি উঠিব৷ বৰ্তমান সৰ্বত্ৰ সমস্যা হিচাপে দেখা দিছে খাদ্যৰ সমস্যাই৷ মূলতঃ জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীৰ সকলোতে খাদ্য উৎপাদন ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিছে৷ ৰাসায়নিক সাৰ আৰু ঔষধ ব্যৱহাৰেৰে উৎপাদন কৰা শস্যৰ ফলত মানৱ শৰীৰত নানা উপসৰ্গই দেখা দিছে৷ তদুপৰি পশু-পক্ষী পালনেৰে যদিও সমাজৰ এচাম লোকে  জীৱিকা অৰ্জন কৰাৰ উপৰি খাদ্য যোগান ধৰিছে; বিপৰীতে পশু-পক্ষীৰ পৰা সংক্ৰমিত বিভিন্ন ৰোগে সময়ে সময়ে পৃথিৱীত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ বহু লোকৰ মতে, ক’ভিড-১৯ বাদুলীৰ পৰাই সংক্ৰমিত হৈছে৷ আনহাতে, প্ৰদূষণৰ ফলত পৰিস্থিতি-তন্ত্ৰত বিৰূপ প্ৰভাৱ পৰিছে৷ পৃথিৱীৰ লগতে নিজকে ৰক্ষা কৰিব লাগিব যুৱসমাজেই৷ বিশ্বৰ ক্ষুধাতুৰ লোকক দুবেলা দুমুঠি খোৱাৰ যোগান ধৰাৰ উপৰি স্বাস্থ্যসেৱাৰ মান উন্নত কৰি পৰিৱৰ্তিত  পৰিস্থিতিৰ লগত যুঁজ দিব পাৰিব লাগিব৷ জীৱ-বৈচিত্ৰ্যৰ সংৰক্ষণেৰে পৃথিৱীৰ পৰিস্থিতি-তন্ত্ৰ বাসৰ অনুকূল কৰি ৰাখিবলৈ হ’লে বিশ্বৰ যুৱসমাজেও উদ্ভাৱনীমূলক ব্যৱস্থাৰে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব৷ তেতিয়াহে পৃথিৱীখন বাসৰ উপযোগী হৈ থাকিব৷