Logo
image

নতুন বিদ্যুৎ বিধেয়কে কাৰ স্বাৰ্থ পূৰণ কৰিব

২০১৪ চনত নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহাৰ মুহূৰ্তত কৈছিল– আমি নাগৰিকৰ জীৱন-ধাৰণৰ মান উন্নত কৰিম৷ ইয়াৰ বাবে তেওঁলোকে শ্ল’গান দিছিল ‘সবকা সাথ সবকা বিকাশ’৷ ইয়াৰ সহজ অৰ্থ আছিল সকলোকে লগত লৈ দেশৰ বিকাশ সাধন কৰা৷ নৰেন্দ্ৰ মোদীয়ে আৰু কৈছিল যে আজিৰ নাগৰিকসকল আইনৰ ৰঙাফিতাৰ মেৰপেঁচত ইমানেই পৰিব লাগে যে সাধাৰণ মানুহে চৰকাৰী কামৰ বাবে হাবাথুৰি খাব লগা হয়, সেয়ে ৰঙাফিতাৰ মেৰপেঁচ আঁতৰ কৰা হ’ব আৰু বহু আইন বাতিল কৰা হ’ব৷ কিন্তু আইন বাতিল কৰা দূৰৰ কথা মোদী চৰকাৰে পূৰ্বৰ আইনসমূহ সংশোধনৰ নামত জনসাধাৰণৰ সকলো অধিকাৰ কাঢ়ি লৈ ধনী পুঁজিপতি তথা কৰ্প’ৰেটৰ স্বাৰ্থ সুৰক্ষিত কৰাত গুৰুত্ব দিছে৷ শেহতীয়াকৈ এখন বিধেয়কক লৈ সদনৰ বাহিৰে-ভিতৰে ব্যাপক হুলস্থূল হৈ আছে৷ আঁচল কথাটো হ’ল– মোদী চৰকাৰৰ প্ৰতিখন বিধেয়কেই বিতৰ্ক সৃষ্টি কৰি আহিছে, ইয়াৰ মূল কাৰণ হ’ল নতুন আইনসমূহে জনগণৰ অধিকাৰসমূহ এটা এটাকৈ কাঢ়ি নি আছে৷ কেন্দ্ৰীয় চৰকাৰে এইখন বিধেয়ক আগতেও আনিব বিচাৰিছিল যদিও ৰাজ্য তথা বিৰোধীসকলৰ প্ৰতিবাদৰ বাবেই আনিব পৰা নাছিল৷ এইবাৰ সংসদৰ অধিৱেশনত এইখন সূচীবদ্ধ কৰা হৈছে৷ বিধেয়কখন হ’ল– বিদ্যুৎ সংশোধিত বিধেয়ক, ২০২১৷ এইখন বিধেয়কৰ বিৰুদ্ধে কেৱল ৰাজ্যসমূহ বা বিৰোধীয়েই নহয়, কৃষকসকলেও বিৰোধিতা কৰিছে, বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়েও বিৰোধিতা কৰি ধৰ্মঘটপৰ্যন্ত কৰিছে৷

এইখন বিধেয়ক যদি আইনত পৰিণত হয়, তেতিয়া হ’লে ইয়াৰ পৰা আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব কৃষকসকল৷ আমাৰ দেশৰ বিভিন্ন ৰাজ্যত কৃষকৰ বাবে বিদ্যুৎ মাচুল ৰেহাইৰ ব্যৱস্থা আছে৷ অন্ধ্ৰ প্ৰদেশ, তামিলনাডুৰ দৰে ৰাজ্যত কৃষকৰ বাবে বিদ্যুৎ সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হয়৷ আমাৰ কৃষিকৰ্মৰ প্ৰতিটো স্তৰতে বিদ্যুৎ প্ৰয়োজন, কৃষি লগোৱা বা চপোৱাৰ লগতে আটাইতকৈ বিদ্যুৎ খৰচ হয় জলসিঞ্চনত৷ দিনটোৰ ৮১ পৰা ১০ ঘণ্টাপৰ্যন্ত পানী দিয়া হয় খেতিত৷ ফলস্বৰূপে সম্পূৰ্ণ বিদ্যুৎ বিল পৰিশোধ কৰাটো কৃষকৰ বাবে সম্ভৱ নহয়৷ সেয়ে উত্তৰ প্ৰদেশ, ৰাজস্থান, পঞ্জাবৰ দৰে ৰাজ্যত কৃষকক ৰেহাই মূল্যত বিদ্যুৎ যোগান ধৰে৷ আনহাতে, যি বিদ্যুতৰ ৰাজসাহায্য প্ৰদান কৰা হয়, সেয়া ৰাজ্য চৰকাৰসমূহে প্ৰত্যক্ষভাৱে বিদ্যুৎ প্ৰতিষ্ঠানসমূহক পৰিশোধ কৰে৷ নতুন বিধেয়ক মতে, চৰকাৰে ৰাজসাহায্য কৃষকৰ বেংক একাউণ্টত দিব আৰু কৃষকে বিদু্যৎ কোম্পানীৰ পৰা পোৱা বিলৰ সম্পূৰ্ণ টকা পৰিশোধ কৰিব৷ এতিয়া এইক্ষেত্ৰত যদি চোৱা যায় তেন্তে আজি ৰন্ধন গেছৰ ক্ষেত্ৰতে যি ঘটনা ঘটিছে, সেই ঘটনাই ঘটিব কৃষকসকলৰ ক্ষেত্ৰত৷ যি ৰন্ধন গেছত এসময়ত মানুহে ২৫০-৩০০ টকালৈকে ৰাজসাহায্য পাইছিল, সেই ৰাজসাহায্য আজিৰ তাৰিখত নাই বুলি ক’লেও বঢ়াই কোৱা নহয়৷ অৰ্থাৎ লাহে লাহে বিদ্যুতৰো ৰাজসাহায্য উঠাই লোৱাৰ চক্ৰান্ত কৰিছে বুলি কৃষকসকলে কৰা অভিযোগ সত্য হোৱাৰ দিশত আগবাঢ়িছে৷ আনহাতে, এই বিদ্যুৎ বিধেয়ক আইনত পৰিণত হোৱাৰ লগে লগে বিদ্যুৎ বিতৰণৰ দায়িত্ব ব্যক্তিগত কোম্পানীৰ হাতত অৰ্পণ কৰিব৷ আৰু এজন ব্যক্তিৰ এইটো অধিকাৰ থাকিব তেওঁ কোনটো কোম্পানীৰ পৰা বিদু্যৎ ক্ৰয় কৰিব৷ অৰ্থাৎ ইয়াৰ লগে লগে আজি এপিডিচিএলৰ দৰে কোম্পানীৰ ঠাইত ৰিলায়েঞ্চ, মাদানি আদিৰ দৰে কোম্পানীৰ প্ৰৱেশ ঘটিব আৰু লাহে লাহে সকলো চৰকাৰী কোম্পানীৰ অৱস্থা আজিৰ বি এছ এন এলৰ দৰে হ’ব৷ এই আইনে আজিৰ ‘ক্ৰছ ছাবছিডী অৰ্থাৎ নগৰ বা ঔদ্যোগিক অঞ্চলত বেছি পইচাত বিদ্যুৎ বিক্ৰী কৰি গ্ৰাম্য কৃষকক কম মূল্যত বিদ্যুৎ বিক্ৰীৰ যি নীতি, সেই নীতিৰো পৰিৱৰ্তন হ’ব আৰু চহৰ, গাঁও বা উদ্যোগ ক্ষেত্ৰতো মাচুল সমানেই হ’ব৷ ইয়াৰ পৰা লাভৱান হ’ব ধনী কোম্পানীবোৰ আৰু কৃষকসকলৰ ক্ষতি হব৷

বিদ্যুৎ উৎপাদন, পৰিৱহণ, বিতৰণ আদি সকলো দিশতে ব্যক্তিগতকৰণ কৰিবলৈ ওলোৱা বিদ্যুৎ বিধেয়কৰ সেয়ে বিৰোধিতা হৈছে৷ কল্যাণকামী ভৰতত কৃষিক্ষেত্ৰৰ লগতে সমাজৰ দুৰ্বল অংশক আগবঢ়াই নিবলৈ ৰাজসাহায্যৰ দৰে বিষয়বোৰ অতি গুৰুত্বপূৰ্ণ হৈ আছে৷ বৰ্তমান চৰকাৰে ইয়াক নস্যাৎ কৰাৰ যি প্ৰৱণতা লৈছে, তাক বন্ধ কৰাটো দেশৰ সমবিকাশৰ বাবেই জৰুৰী হৈ পৰিছে৷