প্ৰসংগঃ মাতৃভাষা আৰু উঃমাঃত বাণিজ্য
অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে এবছৰ আগতে উচ্ছতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ ক্ষেত্ৰত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, যিটো সিদ্ধান্ত আৰু তাৰ প্ৰভাৱৰ বিষয়ে সংবাদ মাধ্যমত আৰু শৈক্ষিক সমাজত যথোচিত পৰ্যালোচনা হোৱা দেখা নগ’ল৷
শিক্ষা সংসদে বাণিজ্য শাখাৰ ক্ষেত্ৰত থকা আগৰ নিয়ম সংশোধন কৰিছে৷ আগৰ নিয়ম মতে, পৰীক্ষাৰ ফলাফল হিচাপ কৰোঁতে ইংৰাজী আৰু ভাৰতীয় মাতৃভাষাৰ উপৰি একাউণ্টেঞ্চী আৰু বিজিনেছ ষ্টাডিজ নামৰ বিষয় দুটাৰ নম্বৰ যোগ কৰাটো বাধ্যতামূলক আছিল৷ তাৰ উপৰি ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলগীয়া অন্য বিষয় দুটাৰ ভিতৰত যিটোত বেছি নম্বৰ পায়, সেইটো হিচাপত আনি কম নম্বৰ পোৱা বিষয়টো ছয় নম্বৰ বিষয় হিচাপে ধৰি লোৱা হৈছিল৷ পৰীক্ষাৰ ফলাফল যিহেতু পাঁচশ নম্বৰৰ ওপৰত নিৰ্ধাৰণ কৰা হয়, ছয় নম্বৰ বিষয়টোৰ নম্বৰ যোগ কৰা নহয়৷ নতুন নিয়মমতে, ইংৰাজী আৰু ভাৰতীয় মাতৃভাষাৰ লগতে বাকী চাৰিটা বিষয়ৰ ভাল নম্বৰ পোৱা তিনিটা বিষয় যোগ হ’ব৷ অৰ্থাৎ একাউণ্টেঞ্চী আৰু বিজিনেজ ষ্টাডিজৰ নম্বৰ বাধ্যতামূলকভাৱে যোগ নহ’ব৷ অৱশ্যে, এই দুটা বিষয়ত কমেও ত্ৰিছ নম্বৰ পাব লাগিব বুলি কোৱা হৈছে৷
এনে কৰাৰ ফলত প্ৰথম দৃষ্টিত বাণিজ্য শাখাত মূল বিষয় বুলি ভবা একাউণ্টেঞ্চী আৰু বিজিনেট ষ্টাডিজ বিষয় দুটাৰ গুৰুত্ব কমোৱা যেন ধাৰণা হৈছে৷ তাৰ কাৰণে বাণিজ্য শাখাৰ লগত জড়িত বহুতে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছিল৷ পিছে সেই আৱেগিক বিতৰ্ক বেছি দীঘলীয়া নহ’ল৷
আচলতে, কলা আৰু বিজ্ঞান শাখাত থকা নিয়মকে বাণিজ্য শাখাতো প্ৰযোজ্য কৰিব খোজা হৈছে৷ বিজ্ঞান শাখাত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে মুঠ ছটা বিষয় পঢ়ে যদিও ইংৰাজী আৰু ভাৰতীয় মাতৃভাষাক বাধ্যতামূলক হিচাপে ধৰি অন্য তিনিটা বিষয়ৰ নম্বৰহে যোগ কৰা হয়৷ কলা শাখাতো এনে নিয়ম আগৰ পৰাই চলি আহিছে৷ এই নিয়মটোকে এতিয়া বাণিজ্য শাখাত প্ৰয়োগ কৰিব খোজা হৈছে৷ চিবিএছই ব’ৰ্ডৰ ক্ষেত্ৰতো প্ৰায় এনেধৰণৰ নিয়ম চলি থকা দেখা যায়৷
অসন্তুষ্টি প্ৰকাশ কৰাসকলৰ মতে, নতুন নিয়মৰ ফলত বাণিজ্য শাখাত বাণিজ্য বিষয়ৰে গুৰুত্ব নাথাকিব, যিহেতু একাউণ্টেঞ্চী আৰু বিজিনেজ ষ্টাডিজ বিষয়ত মাত্ৰ ত্ৰিছ নম্বৰ পালেই হ’ব আৰু এই বিষয়ৰ নম্বৰে পৰীক্ষাৰ ফলাফল নিৰ্ধাৰণ নকৰিব৷ কথাটো হ’লঃ বাণিজ্য শাখাত ভৰ্তি হোৱাসকলে বাণিজ্য বিষয়ত গুৰুত্ব নিদিব কিয়? বাণিজ্য বিষয়ত গুৰুত্ব নিদি কম নম্বৰ পোৱাসকলে ভৱিষ্যতে শৈক্ষিক ক্ষেত্ৰত আগবাঢ়িব কেনেকৈ?
প্ৰত্যেক বছৰে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী আৰু ভাৰতীয় মাতৃভাষা বিষয়ত বেছি নম্বৰ পাই প্ৰথম বিভাগ বা ষ্টাৰ আদি পোৱা দেখা যায়৷ বহুতে অতিৰিক্ত বিষয় দুটাত একাউণ্টেঞ্চী আৰু বিজিনেজ ষ্টাঢিজতকৈ বেছি নম্বৰ পোৱাৰ পাছতো শতাংশ কমি থাকে৷ বিজ্ঞান শাখাত বহুতে বিজ্ঞান বিষয়ত কম নম্বৰ পায়ো ইংৰাজী আৰু ভাৰতীয় ভাষাৰ সহায়ত প্ৰথম বিভাগ পায়৷
শিক্ষা সংসদৰ নতুন নিয়মত বহুতৰ শতাংশ হিচাপত নম্বৰ বাঢ়িব বুলি অনুমান কৰা হৈছে৷ বহুতে ফেইল কৰাৰ পৰা ৰক্ষা পৰিব আৰু ভৱিষ্যতে কলা শাখালৈ যাব খুজিলে সহজ হ’ব৷
আজিকালি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে জ্ঞানতকৈ নম্বৰত বেছি গুৰুত্ব দিয়া দেখা যায়৷ গতিকে, সহজে নম্বৰ পোৱা বিষয় ল’ব খোজে৷ নতুন নিয়মৰ অধীনত বাণিজ্য শাখাত থকা কলা বিষয়ৰ গুৰুত্ব সামান্য বাঢ়িব বুলি ধাৰণা কৰিব পাৰি৷ লক্ষণীয় দিশ এটা হ’ল– নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি [NEP, ২০২০] ত কোৱা হৈছে– উচ্ছতৰ মাধ্যমিক পৰ্যায়ত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ মাজত কোনো বিশেষ প্ৰাচীৰ নাথাকিব৷
এই বছৰৰ পৰা প্ৰযোজ্য হোৱাকৈ শিক্ষা সংসদে অন্য এটা সিদ্ধান্ত লৈছে, যাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব বুলি অনুমান কৰা হৈছে৷ আগতে ভাৰতীয় মাতৃভাষা ল’ব নোখোজাসকলৰ বাবে অল্টাৰনেটিভ ইংলিছ [নামৰ বিষয় এটা আছিল৷ ইংৰাজী মাধ্যমৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হৈ অহা ছাত্ৰ-ছাত্ৰীৰ প্ৰায়সকলে মাতৃভাষাৰ সলনি এই বিষয়টো লৈছিল৷ এই বছৰৰ পৰা এই বিষয়টো নাথাকিব৷ উঠাই দিয়া হৈছে৷ ফলত উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষত অল্টাৰনেটিভ ইংলিছ বিষয়টো নথকাৰ কাৰণে ছাত্ৰ-ছাত্ৰীয়ে বাধ্যতামূলকভাৱে অসমীয়া, বাংলা, বড়োকে ধৰি যিকোনো একা মাতৃভাষা পঢ়িবই লাগিব৷ এনে সিদ্ধান্তৰ বাবে মাতৃভাষাৰ গুৰুত্ব বাঢ়িব আৰু ভৱিষ্যতে সমাজত কিছু প্ৰভাৱ দেখা যাব৷ এই সিদ্ধান্তৰ ফলত ইংৰাজীৰ প্ৰতি অহৈতুক প্ৰীতি আৰু মাতৃভাষাক অনাদাৰ কৰা কাৰ্য ব্যাহত হ’ব৷ উচ্ছতৰ মাধ্যমিক শ্ৰেণীত বাধ্যতামূলক হ’ব কাৰণে ইংৰাজী মাধ্যমৰ বিদ্যালয় পৰ্যায়তো মাতৃভাষাৰ গুৰুত্ব বাঢ়িব বুলি ধাৰণা কৰিব পাৰি৷ ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিতো মাতৃভাষা শিকাত গুৰুত্ব দিয়া হৈছে৷ অৱশ্যে, এনে কৰাৰ ফলত অন্য ব’ৰ্ডৰ পৰা উঃমাঃ শিক্ষা সংসদৰ পাঠ্যক্ৰমলৈ অহা ছাত্ৰ-ছাত্ৰী কমি যাবও পাৰে৷
শিক্ষা সংসদৰ এই দুই সিদ্ধান্তৰ ওপৰত বিশেষ আলোচনা নোহোৱা কথাটোৱে শৈক্ষিক সমাজৰ এক দুৰ্বলতা প্ৰকাশ কৰিছে৷ উপযুক্ত সময়ত কথাবোৰ আলোচনা হোৱাটো বাঞ্চনীয়৷ অন্যথা সিদ্ধান্তৰ প্ৰভাৱ সমাজৰ উপকাৰলৈ পৰিৱৰ্তন কৰিব পৰা নাযায়৷






