Logo
image

পৰ্যটন ক্ষেত্ৰৰ ক্ষতি

দেশ এখনৰ অৰ্থনীতিত পৰ্যটনৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে৷ পৰ্যটনে এখন দেশৰ অৰ্থনীতি টনকিয়াল কৰিব পাৰে বুলি ক’লেও নিশ্চয় ভুল কৰা নহ’ব৷ কিন্তু কৰ’না অতিমাৰীৰ প্ৰাদুৰ্ভাৱৰ পাছত বিভিন্ন দেশত ঘোষণা কৰা নিষেধাজ্ঞা আৰু লকডাউনৰ বাবে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে পৰ্যটন ক্ষেত্ৰখন৷ এয়া কেৱল ভাৰতৰ কথা নহয়,  সমগ্ৰ বিশ্বতে বিগত দুটা বছৰত পৰ্যটন উদ্যোগ বিপৰ্যস্ত হ’বলগীয়া হৈছে অতিমাৰীৰ বাবে৷ পৰ্যটকৰ আহ-যাহ বন্ধ হৈ যোৱা বাবে পৰ্যটন উদ্যোগৰ সৈতে জড়িত বহু লোকে সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে, ভাৰতত ২০২০ বৰ্ষৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ২০নিযুততকৈও অধিক লোকে সংস্থাপন হেৰুৱাইছে৷ ক’ভিডৰ ভেক্‌চিন উপলব্ধ হোৱাৰ পাছত বিভিন্ন দেশে দ্ৰুতগতিত টিকাকৰণৰ ব্যৱস্থা কৰি ভাইৰাছ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে যদিও উন্নয়নশীল দেশবোৰত টিকাকৰণ লেহেমীয়া হোৱা বাবে ভাইৰাছৰ সংক্ৰমণো অব্যাহত আছে৷ ভাৰতৰ দৰে ঘন বসতিপ্ৰধান দেশ এখনত দ্ৰুত টিকাকৰণ এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ এটা কথা অনস্বীকাৰ্য যে দেশ এখনত কৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ নহাপৰ্যন্ত বিদেশী পৰ্যটক সেই দেশখন ভ্ৰমণৰ প্ৰতি আগ্ৰহী নহ’ব৷ এই কাৰণটোতে ২০২০ বৰ্ষত ভাৰতত বৈদেশিক মুদ্ৰা আহৰণৰ পৰিমাণ পঞ্চাছ শতাংশতকৈও অধিক হ্ৰাস পাইছে৷ পৰ্যটন মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২০১৮ আৰু ২০১৯ চনৰ মাজৰ সময়ছোৱাত ভাৰতত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছিল৷ কিন্তু কৰ’নাৰ প্ৰাদুৰ্ভাৱৰ পাছত যাত্ৰাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ বাবে বিদেশী পৰ্যটকৰ আগমন সম্ভৱ হোৱা নাছিল৷ কৰ’নাৰ দ্বিতীয়টো ঢৌৱে ভাৰতত সংহাৰী ৰূপ লোৱাৰ পাছত কেইবাখনো দেশে ভাৰতৰ সৈতে বিমান পৰিবহণ বাতিল কৰাৰ সিদ্ধান্ত লৈছিল৷

তথ্য অনুসৰি ২০২০ বৰ্ষত ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা তিনি নিযুততকৈও কম আছিল, পূৰ্বৰ বৰ্ষতকৈ সেই পৰিমাণ ৭৫ শতাংশতকৈও কম আছিল৷ পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে সেই সময়ছোৱাত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছিল হোটেল ব্যৱসায়ৰ সৈতে জড়িত লোকসকল৷ ব্যয় সংকোচনৰ বাবে তেওঁলোক মজুৰি কৰ্তন আৰু কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত ল’বলগীয়া হৈছিল৷ এনেধৰণে সংস্থাপন হেৰুওৱা কৰ্মচাৰীসকলক পুনৰ চাকৰি ঘূৰাই পোৱাৰ  গেৰাণ্টীও কোনেও দিব নোৱাৰে৷ পূৰ্বৰ তুলনাত কৰ’নাৰ পৰিস্থিতি বহুখিনি উন্নত যদিও বিশেষজ্ঞৰ মতে, পৰ্যটন ক্ষেত্ৰখনলৈ পূৰ্বৰ সুস্থিৰতা ঘূৰি আহিবলৈ সময়ৰ প্ৰয়োজন হ’ব৷ কৰ’নাৰ ভেক্‌চিন সম্পূৰ্ণ কৰা বিদেশী পৰ্যটকক ভাৰত ভ্ৰমণত অনুমোদন জনোৱাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে চিন্তা-চৰ্চা আৰম্ভ কৰিছে৷ অৱশ্যে বিদেশী পৰ্যটকৰ ক্ষেত্ৰত ভাৰত চৰকাৰে এতিয়াও কোনো ভেক্‌চিন চাৰ্টিফিকেশ্বন প্ৰগ্ৰেম আৰম্ভ কৰা নাই৷ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ পাছতো শীঘ্ৰেই যে বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব তাৰ আশা নি(য় কৰিব নোৱাৰি৷ কিয়নো কৰ’নাৰ দ্বিতীয়টো ঢৌৱে দেশখনত যি সংহাৰ চলাইছিল, তাৰ পাছত বিদেশী পৰ্যটকৰ দেশখন ভ্ৰমণৰ ক্ষেত্ৰত শংকা থকাটো তেনেই স্বাভাৱিক৷ ভাৰতত সাধাৰণতে পৰ্যটনৰ সময় আৰম্ভ হয় ছেপ্টেম্বৰ-অক্টোবৰ মাহত আৰু স্বাভাৱিক পৰিস্থিতিত মাচ-এপ্ৰিলপৰ্যন্ত পৰ্যটনস্থলীবোৰত বিদেশী পৰ্যটকৰ ভিৰ দেখা যায়৷ যদি দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ নজৰ দিয়া যায়, তেন্তে দেখা যাব যে অঞ্চলটোত ২০১৬ চনৰ পৰা ২০১৮ চনলৈ বিদেশী পৰ্যটকৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পাইছিল৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত সৰ্বাধিক পৰ্যটকৰ আগমন হয় ছিকিমত৷ তাৰ পাছতে স্থান পায় অসমে৷ কৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ আগলৈকে মেঘালয় আৰু অৰুণাচল প্ৰদেশতো পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল৷ কিন্তু কৰ’নাই এই অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰখনকো বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে৷

কৰ’না অতিমাৰীয়ে সমগ্ৰ বিশ্বৰ পৰ্যটন উদ্যোগটোক বিপৰ্যস্ত কৰাৰ সময়তে কেইবাখনো দেশে শেহতীয়াকৈ বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন পন্থা হাতত লৈছে৷ ভাৰতৰো বিভিন্ন পৰ্যটন ক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ কিন্তু বছৰটোৰ অৱশিষ্ট সময়খিনিতো হয়তো বিদেশী পৰ্যটকৰ আগমন আশা কৰা মতে নহ’ব৷ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ৰ মতে, দেশৰ পৰ্যটন উদ্যোগক পুনৰুজ্জীৱিত কৰি তোলাৰ বাবে বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিক সাঙুৰি এক বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে৷ দেশৰ পৰ্যটন ক্ষেত্ৰ পুনৰ ঠন ধৰি উঠাৰ ক্ষেত্ৰত চৰকাৰৰ এই পদক্ষেপ ফলপ্ৰসূ হওক, তাকেই কামনা কৰিছে এই ক্ষেত্ৰৰ সৈতে জড়িতসকলে৷