Logo
image

তালিবান বনাম দক্ষিণ এছিয়াৰ ভূ-ৰাজনীতি

প্ৰায় দুটা দশক আমেৰিকান সৈন্যই আফগানিস্তানৰ পৰা তালিবান সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ লক্ষ্যৰে সেনা মোতায়েন কৰি যুদ্ধ চলাই গৈছিল যদিও অ’ছামা বিন লাডেনক হত্যা কৰাৰ পাছতো তালিবানী সন্ত্ৰাস বন্ধ হোৱা নাছিল৷ ইপিনে আফগানিস্তান চৰকাৰো সম্পূৰ্ণৰূপে আমেৰিকাৰ সেনা বাহিনীৰ ওপৰতে নিৰ্ভৰশীল আছিল৷ আফগান চৰকাৰে বিগত দুটা দশকত সুপ্ৰশিক্ষিত আফগান সেনা গঠন কৰিব নোৱৰাৰ ফলতে আমেৰিকাই সৈন্য প্ৰত্যাহাৰ কৰাৰ পাছতে আফগান চৰকাৰৰ শীৰ্ষস্থানীয় বিষয়াসকল পলাই যায়৷ ফলত তালিবানে সহজে আফগান দখল কৰি নতুন ৰাষ্ট্ৰ ‘ইছলামিক এমিৰেটছ অৱ আফগানিস্তান’ গঠন কৰা বুলি ঘোষণা কৰে৷

মঙলবাৰে তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে প্ৰকাশ কৰা অনুসৰি আফগানিস্তানে কাকো হুমকি নিদিয়ে৷ অৱশ্যে, শনিবাৰে তালিবানে ভাৰতক ভাবুকি দিছিল যদিও আফগানিস্তান সম্পূৰ্ণৰূপে দখল কৰাৰ পাছত মঙলবাৰে তালিবানে ভাৰতৰ সৈতে বন্ধুত্বৰ হাতহে আগবঢ়াইছে৷ জাবিউল্লাহ মুজাহিদে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, আফগানিস্তানৰ নতুন শাসকে কোনো প্ৰতিৱেশী ৰাষ্ট্ৰক ভাবুকি নিদিয়ে৷ তদুপৰি কোনো ৰাষ্ট্ৰই তালিবানৰ ভূমি ব্যৱহাৰ কৰি কোনো প্ৰতিৱেশী ৰাষ্ট্ৰৰ ক্ষতিও কৰিবলৈ নিদিয়ে৷ আফগানিস্তানত তালিবানে সকলোকে লৈ চৰকাৰ গঠন কৰিব বিচাৰিছে৷ তেওঁলোকে যিদৰে দেশৰ বাহিৰৰ শত্ৰু বিচৰা নাই, তেনেদৰে দেশৰ ভিতৰৰ শত্ৰুও বিচৰা নাই৷ জাবিউল্লাহ মুজাহিদৰ মতে, তেওঁলোকৰ কাৰো সৈতে শত্ৰুতা নাই৷ দেশৰ সকলো নাগৰিককে লৈ তেওঁলোকে চৰকাৰ চলাব খোজে৷ সেয়ে তেওঁলোকে তেওঁলোকৰ নেতাৰ নিৰ্দেশত সকলোকে ক্ষমা কৰি দিয়া বুলিও প্ৰকাশ কৰে৷ অৱশ্যে, তালিবানৰ মুখপাত্ৰজনে প্ৰকাশ কৰা মতে, আফগানিস্তানত এতিয়াৰ পৰা শ্বৰিয়তী আইন মতে কাম-কাজ পৰিচালনা কৰিব যদিও মহিলাকো কাম কৰাৰ অধিকাৰ দিব৷ নতুন আফগানিস্তানত মহিলাসকলেও কৰ্মক্ষেত্ৰত কাম কৰিব পাৰিব৷ আনহাতে, কাশ্মীৰ সন্দৰ্ভত নেতাজনে প্ৰকাশ কৰা অনুসৰি কাশ্মীৰ দ্বিপাক্ষিক আৰু আভ্যন্তৰীণ বিষয়৷ কাশ্মীৰৰ প্ৰতি তালিবানীৰ নজৰ নাই৷ অৱশ্যে, পূৰ্বে কাশ্মীৰত সক্ৰিয় পাক সন্ত্ৰাসবাদীৰ প্ৰতি তালিবানে প্ৰকাশ্যে সমৰ্থন জনাইছিল আৰু সেই বাবে পাক সন্ত্ৰাসবাদী সংগঠনক অস্ত্ৰ-শস্ত্ৰ দি সহায় কৰাৰ উপৰি প্ৰশিক্ষণ দিয়াৰো অভিযোগ আছিল৷ আনকি ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিল কৰাৰ সময়তো তালিবানে সমালোচনা কৰিছিল৷ এতিয়া যদিও তেওঁলোকে বন্ধুত্বৰ হাত আগবঢ়াই সহযোগিতাৰে ৰাষ্ট্ৰ পৰিচালনাৰ কথা প্ৰকাশ কৰিছে, তেওঁলোকক সম্পূৰ্ণৰূপে বিশ্বাস কৰা উচিত নহ’ব৷ তালিবান নেতৃত্বাধীন এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ পৰাই যদিহে আল-কাইদা, হাক্কানী নেটৱৰ্ক, তেহৰিক-এ-তালিবান আদি সন্ত্ৰাসবাদী সংগঠনৰ কৰ্ম-কাণ্ডই ঠন ধৰি উঠে, তেন্তে মধ্যপ্ৰাচ্যৰ পৰা দক্ষিণ এছিয়ালৈকে সমগ্ৰ অঞ্চলটো পুনৰ অস্থিৰ হৈ পৰিব৷ তালিবান নেতৃত্বাধীন আফগানিস্তানত কোনো সন্ত্ৰাসবাদী শক্তিয়ে যাতে ঠন ধৰি উঠিব নোৱাৰে, তাৰ প্ৰতি আন্তৰ্জাতিক সম্প্ৰদায়ে তীক্ষ্ণ নজৰ দিব লাগিব৷ ইফালে তালিবানৰ প্ৰতি চীন, পাকিস্তান আৰু ৰাছিয়াই সমৰ্থন আগবঢ়াই আহিছে যদিও তালিবানৰ প্ৰভাৱত যাতে কোনো ৰাষ্ট্ৰতে সন্ত্ৰাসবাদী সমস্যাই মূৰ দাঙি উঠিব নোৱাৰে, তাৰ প্ৰতি নজৰ দিব লাগিব আন্তৰ্জাতিক মহলে৷ যদিহে তালিবানে সন্ত্ৰাসবাদ পৰিহাৰ কৰি শান্তি আৰু উন্নয়নত গুৰুত্ব দিয়ে, তেন্তে মধ্যপ্ৰাচ্যৰ পৰা দক্ষিণ এছিয়াতে এক নতুন যুগৰ সূচনা হ’ব৷