তালিবান– ভাৰতৰ গণতন্ত্ৰৰ প্ৰতিও ভাবুকি!
৯/১১ আক্ৰমণ পৃথিৱীৰ ইতিহাসত তালিবানী বিভীষিকাৰ এক মচিব নোৱৰা অধ্যায়৷ ওচামা বিন লাডেনৰ নেতৃত্বত আমেৰিকান সাম্ৰাজ্যবাদৰ অহংকাৰক চূৰ্ণ-বিচূৰ্ণ কৰি ছেকেণ্ডৰ ভিতৰত ২,৯৭৭জন আমেৰিকাৰ নাগৰিকক হত্যা কৰা আৰু ২৫ হাজাৰ লোকক আহত কৰাৰ লগতে ২০০১ চনৰ সেই দিনটোত বিশ্ব বাণিজ্যৰ বাবে আটাইতকৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল৷ ইয়াৰ লগে লগে বিশ্বত তালিবানীৰ বিভীষিকাৰ ভয়ংকৰ ৰূপটোও প্ৰকট হৈ উঠিছিল৷ আমেৰিকাই নিজৰ ওপৰত পৰা এই ভয়ংকৰ কোবৰ প্ৰতিশোধ ল’বলৈ একেৰাতিৰ ভিতৰতে আকাশমাৰ্গেৰে আহি আফগানিস্তানৰ পৰা তালিবান শাসনক ওপৰাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল৷ বিগত বিছ বছৰে বিশ্ব সম্প্ৰদায়ে তালিবানৰ চৰ্চা প্ৰায় এৰি দিয়া বুলি ক’লেও বঢ়াই কোৱা নহয়৷ বিশেষকৈ মধ্যপ্ৰাচ্য আৰু দক্ষিণ এছিয়াৰ বৃহৎ অঞ্চলটোত বিগত বিছ বছৰে আইছিছ বা পাকিস্তানী সন্ত্ৰাসবাদীৰ কথা যিমান আলোচনা হ’ল, তালিবানক যেন আমেৰিকাৰ হাতত এৰি সকলো নিশ্চিন্তে সুখনিদ্ৰাত মগ্ন হৈ পৰিছিল৷ বিশ্ব সম্প্ৰদায়ে বিশ্বাস কৰিছিল যে নিভৃত স্থানত আত্মগোপন কৰি থকা ‘লাডেন’ক হানি-খুঁচি হত্যা কৰিব পাৰে যেতিয়া আমেৰিকাই প্ৰতিজন তালিবানক নিঃশেষ কৰিহে এৰিব৷ কিন্তু আমেৰিকাই সেই কাম কৰিব নোৱাৰিলে৷ তালিবানীক নিঃশেষ কৰাৰ সকলো চেষ্টা ব্যৰ্থ হোৱাত নিজৰ নাক বচাবলৈ আমেৰিকাই বিগত বৰ্ষত অৰ্থাৎ ২০২০ চনৰ ফেব্ৰুৱাৰীত তালিবানৰ লগত চুক্তি কৰিলে৷ আচলতে সেই চুক্তিয়েই আমেৰিকাৰ বাবে পৰাজয় আছিল৷ বিগত ১৯ বছৰ ৯ মাহে তালিবানীক দমন কৰাৰ বাবে আমেৰিকাই কৰা সকলো চেষ্টা এনেদৰে নোহোৱা হৈ যাব, সেই কথা সপোনৰো অগোচৰ আছিল৷ কিন্তু সেয়ে হ’ল দেশখনৰ পৰা আমেৰিকাৰ সৈন্য আঁতৰি যোৱাৰ লগে লগে ১৫ আগষ্টৰ দিনা আমেৰিকাৰ মদদপুষ্ট আফগান চৰকাৰৰ পতন ঘটাই তালিবানীয়ে নিজৰ ক্ষমতা প্ৰতিষ্ঠা কৰিলে৷
আজি গণতান্ত্ৰিক বিশ্বই সেয়ে বাৰে বাৰে প্ৰশ্ন কৰিছে আমেৰিকাৰ এই বিফলতাৰ জবাব কোনে দিব? কিয় নোৱাৰিলে আফগানিস্তানত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ? কিয় এই বৃহৎ সত্যক ঢাকি ৰখা হ’ল? সমগ্ৰ বিশ্বৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ সপোন দেখুওৱা আমেৰিকাই কিয় নিজৰ দখলত থকা দেশখন পুনৰ সন্ত্ৰাসবাদীৰ হাততে গতাই থৈ যাব লগা হ’ল? এতিয়া কিন্তু আমেৰিকাই এটা নতুন কৌশল অৱলম্বন কৰিছে, তেওঁলোকে প্ৰচাৰ চলাইছে যে এই তালিবান আগৰ তালিবান নহয়৷ এয়া নতুন তালিবান৷ এই তালিবানে দেশখনত পূৰ্বৰ দৰে ‘তালিবানী’ শাসন নচলায়৷ আচলতে যিজন তালিবানী নেতাক আমেৰিকাই পাকিস্তানক ভাবুকি দি পাকিস্তানৰ জে’লৰ পৰা মুকলি কৰি আনি ঐতিহাসিক ‘ডোহা’ চুক্তি কৰিছিল, সেই আব্দুল গনি বিৰাদৰে এক নতুন আফগানিস্তান গঢ়ি তুলিব বুলিও প্ৰচাৰ চলোৱা হৈছে৷ কিন্তু এইসকল নতুন তালিবানীৰ শাসনৰ আচল স্বৰূপ ওলাবলৈ আৰম্ভ কৰিলেই৷ যেতিয়া বিশ্বই দেখিলে তালিবানীৰ পৰা বাচিবলৈ ‘এৰোপ্লেনৰ পাখিত উঠি পলাবলৈ যোৱা দুজন আফগান নাগৰিক আকাশৰ পৰা সৰি পৰি নিহত হৈছিল, তেতিয়াই বুজিবলৈ বাকী নাছিল প্ৰকৃততে আফগানিস্তানত কি হ’বলৈ গৈছে! তালিবানীৰ অত্যাচাৰ ইমানেই ভয়ংকৰ যে আফগান নাগৰিকে এৰোপ্লেনৰ পাখিত উঠি মৰিবলৈও ভয় কৰা নাই৷
আচলতে এয়া আমেৰিকাৰ বৃহৎ বিফলতা হিচাপেই চিহ্নিত হৈছে৷ ২০০১ চনত যি লক্ষ্যৰে আফগানিস্তান দখল কৰিছিল, তেতিয়া নিজৰ সন্ত্ৰাসবাদ দমনৰ প্ৰতিশ্ৰুতিক বৰ দৃঢ়তাৰে তেতিয়াৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে দিছিল আৰু সেই আশ্বাসতে ভাৰতে আমেৰিকাক বৰ বিশ্বাসত লৈছিল আৰু কথাই কথাই সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত আমেৰিকাৰ নীতিত নিজৰ সমৰ্থন জাহিৰ কৰিছিল৷ বিগত বিছ বছৰে ভাৰতে নিজৰ চুবুৰীয়া দেশখনৰ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত কোনো শক্তিশালী ভূমিকা পালন নকৰাৰ বাবে আজি নিজৰ বৈদেশিক নীতিৰ বাবে আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব ভাৰত, কাৰণ ইতিমধ্যে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ পৰা আমাৰ দেশখনত যি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকাৰ অভিযোগ আছে, সেয়া এতিয়া আফগানিস্তানৰ পৰাও যে ভাৰতক অস্থিৰ কৰাৰ বাবে চলিব সেইটো নিশ্চিত৷ কাৰণ তালিবানৰ ক্ষেত্ৰত ভাৰতৰ যি নীতি, সেই নীতিয়েই ইয়াৰ বাবে প্ৰধানতঃ জগৰীয়া হ’বলৈ গৈ আছে৷ আনহাতে, ভাৰতৰ বৈদেশিক নীতিৰ বাবেই ইতিমধ্যে ইয়াৰ কেউখন চুবুৰীয়া ৰাষ্ট্ৰই শত্ৰু ৰাষ্ট্ৰত পৰিণত হৈছে৷ পাকিস্তানক সহোদৰ শত্ৰুৰ শাৰীত ৰাখিও আমেৰিকাক ভালৰি বুলাবলৈ যাওঁতে চীনৰ লগত কৰা শত্ৰুতাৰ বাবেই বিগত সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল তাক কোনেও পাহৰি যোৱা নাই৷ আনহাতে, শেহতীয়াভাৱে ভাৰতৰ ভুলৰ বাবেই নেপালো শত্ৰুৰ শাৰীলৈয়ে গতি কৰিছে৷ সেই সুযোগ এতিয়া নিশ্চিতভাৱে চীনে এৰি নিদিয়ে আৰু সেয়ে পাকিস্তানৰ লগতে চীনেও তালিবান চৰকাৰলৈ সমৰ্থন আগবঢ়াইছে৷
আমেৰিকাৰ বিফল সন্ত্ৰাসবাদ দমনৰ নীতিয়ে ভাৰতকে আটাইতকৈ বিপদত পেলাইছে৷ যি সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ভাৰতৰ স্বাধীনতা দিৱসৰ পতাকা উৰাই দীঘলীয়া ভাষণ দিছিল, সেই সময়তে চুবুৰীয়া ৰাষ্ট্ৰখনৰ আমেৰিকাৰ আশ্ৰিত ৰাষ্ট্ৰপতি আশ্ৰফ গনি বিদেশলৈ ঐতিহাসিক পলায়ন কৰিছিল৷ এতিয়া তালিবানে ভাৰতৰ প্ৰতিয়ে নহয় সমগ্ৰ দক্ষিণ এছিয়ালৈ যি ভাবুকি কঢ়িয়াই আনিব, সেই ভাবুকিক কেনেদৰে মোকামিলা কৰে সইটো লক্ষণীয় হ’ব৷






