এক অনাহূত ভৱিষ্যতৰ দিশে বিশ্ববাসী
ভাৰতবৰ্ষত কৰ’নাৰ দ্বিতীয় সংক্ৰমণৰ ঢৌ হ্ৰাস পাইছে যদিও দেশৰ কেইবাখনো ৰাজ্যত দৈনিক সংক্ৰমণৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি, ডেল্টা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ, ই কেতিয়া নিয়ন্ত্ৰিত হ’ব তাক নিশ্চিত কৰিব পৰা নাই৷ ২০২০ চনত কৰ’নাৰ প্ৰথম ঢৌৰ পাছত দ্বিতীয় ঢৌ প্ৰতিহত কৰাৰ বাবে বিশ্বৰ বিভিন্ন আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানৰ লগতে এইম্ছ, আই চি এম আৰ আদিয়েও বহু নিৰ্দেশনা, সতৰ্কবাণী দিছিল যদিও চৰকাৰেই সেই নীতি-নিয়মসমূহক অংগুষ্ঠ প্ৰদৰ্শন কৰিলে৷ ২০২১ চনৰ প্ৰথম মাহৰ পৰাই কুম্ভমেলা, বিশাল নিৰ্বাচনী মেলা, ৰাজহুৱা সভা আদিত লক্ষ লক্ষ লোকে অংশগ্ৰহণ কৰাৰ ফল মানুহে হাতে হাতে পালে৷ দ্বিতীয় সংক্ৰমণৰ ঢৌৱে দেশত অগণন লোকৰ মৃত্যুকো এক সাধাৰণ ঘটনাত পৰিণত কৰিলে৷ এতিয়া মৃত্যুৰ পৰিমাণ হ্ৰাস পোৱাৰ লগে লগে মানুহে সৌ সিদিনালৈকে ঘটি থকা বিভীষিকাময় পৰিস্থিতিৰ কথা লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছে৷ উল্লেখ্য, কৰ’নাই মানুহৰ জীৱনৰ মূল্য নাইকিয়া কৰাৰ লগতে দেশৰ অৰ্থনীতিক এনে এক মাধমাৰ দিছে যে তাৰ পৰা কেতিয়া পৰিত্ৰাণ পাব তাক কোনেও ক’ব নোৱাৰে৷ চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা দেশত কৰ্মহীনৰ সংখ্যা এনেদৰে বৃদ্ধি পাবলৈ আৰম্ভ কৰে যে মে’ মাহত ই প্ৰায় ৯ শতাংশ হয়৷ আমেৰিকাৰ নিউ ৰিচাৰ্ছ চেণ্টাৰৰ তথ্যমতে দ্বিতীয় ঢৌ সংক্ৰমণৰ পাছতেই ভাৰতত নতুনকৈ ৭.৫ কোটি লোক দৰিদ্ৰতাত নিমজ্জিত হয়৷ কৰ’না মহামাৰীয়ে সংগঠিত খণ্ডত প্ৰভাৱ পেলোৱাৰ লগতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিলে অসংগঠিত খণ্ডক৷ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে সন্মুখীন হোৱা অভাৱনীয় বিপৰ্যয়ৰ বাবে ভাৰতীয় অৰ্থনীতিত দীৰ্ঘম্যাদী প্ৰভাৱ বিস্তাৰ কৰিলে৷ দীৰ্ঘদিনীয়া বিভিন্ন পৰ্যায়ৰ লকডাউন আৰু বিভিন্ন ধৰণৰ নিষেধাজ্ঞাৰ বাবে হোটেল, পৰ্যটন উদ্যোগ, নিৰ্মাণ খণ্ড, হোটেল-ৰেস্তোৰাঁ, ৰিটেইল খণ্ড, পৰিবহণ-যানবাহন ব্যৱসায়, অট’মবাইল, টেক্সি সেৱা আদিত জড়িত উদ্যোগী-মালিকৰ পৰা কৰ্মচাৰী, শ্ৰমিক সকলোৰে অৱস্থা তথৈবচ হৈছে৷ অনলাইন যোগে এই সময়ছোৱাত বিভিন্ন প্ৰতিষ্ঠানে গ্ৰাহকক বিভিন্ন সেৱা আগবঢ়াই কিছু সকাহ পাইছে যদিও ইয়াত জড়িত হৈ থকা লোকৰ সংখ্যা বহু বেছি নহয়৷ অনুৰূপভাৱে কৃষি, পশুপালন, মীন পালন, ক্ষুদ্ৰ ব্যৱসায়, মজলীয়া উদ্যোগ আদিত জড়িত লোক, দিনহাজিৰা কৰি পেট প্ৰৱৰ্তোৱা লোকৰ অৱস্থা কৰ’নাৰ বাবে অতি শোচনীয় হৈছে৷ কৰ’নাকালত কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে দৰিদ্ৰতা, দুৰ্ভিক্ষ বৃদ্ধি পাইছে৷ আন্তৰ্জাতিক সংস্থা অক্সফাৰ্মৰ প্ৰতিবেদন মতে কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ ২০২০-২০২১ চনত ‘ভোক’ৰ কাৰণে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ প্ৰতি মিনিটত এই সময়ছোৱাত ৭জনৰ মৃত্যু হোৱাৰ বিপৰীতে ক্ষুধাত মৃত্যু হৈছে ১১জনৰ৷ অৱশ্যে মৃত্যুৰ হাৰ বৃদ্ধি হোৱাটো কেৱল কৰ’নাসৃষ্ট পৰিৱেশৰ বাবেই হোৱা নাই; জলবায়ুৰ অস্বাভাৱিক দ্ৰুত পৰিৱৰ্তন, ধুমুহা, খৰাং, উষ্ণতা বৃদ্ধি, অতিবৃষ্টি, নতুন নতুন ৰোগৰ সৃষ্টি আদিয়েও মৃত্যুৰ হাৰ বৃদ্ধিত ইন্ধন যোগাইছে৷ লক্ষণীয়ভাৱে কৰ’নাকে ধৰি উপৰিউক্ত দিশসমূহে সমগ্ৰ বিশ্ববাসীৰ বাবে ভাবুকি কঢ়িয়াই আনিছে যদিও আমেৰিকা, চীনকে ধৰি অন্যান্য শক্তিশালী, উন্নত ৰাষ্ট্ৰসমূহে এইবোৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিৱৰ্তে পৰস্পৰৰ বিৰুদ্ধে সংঘাততহে লিপ্ত হৈছে৷ আনহাতে সামৰিক সংঘাত, গৃহযুদ্ধ, সন্ত্ৰাসবাদী কাৰ্যকলাপ আদিয়ে আফগানিস্তান, ছিৰিয়া, নাইজেৰিয়া, দক্ষিণ ছুদান, য়েমেনকে ধৰি বহু ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ অধিক অৱনতি ঘটাইছে৷
এনে এক সংঘাতপূৰ্ণ পৰিৱেশ, কৰ’না অতিমাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ বাবে বিশ্বৰ অধিকাংশ জনসাধাৰণে অভূতপূৰ্ব শংকা, মানসিক চাপ, দুঃচিন্তাৰ মাজেদি জীৱন কটাব লগা হৈছে৷ কৰ’নাৰ বাবে বিশ্বৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীয়ে বহুদিন ধৰি বিদ্যালয়, কলেজলৈ যাব পৰা নাই৷ এফালে মৃত্যুৰ ভয় আৰু আনহাতে আৰ্থ-সামাজিক নিৰাপত্তাহীনতা– এনে পৰিৱেশৰ মাজত মানৱ সম্পদৰ বিকাশ কিমান সম্ভৱ সেয়া সহজে অনুমেয়৷ পৰিস্থিতিক অনুধাৱন কৰি কৰ’না নিয়ন্ত্ৰণকে ধৰি বাকী বিষয়সমূহৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰিবলৈ বিশ্বৰ বহু বিশেষজ্ঞই মত পোষণ কৰিছে৷ কৰ’না ভেক্চিনৰ ন্যায্য বিতৰণ কৰ’না প্ৰতিৰোধৰ বাবে অতি প্ৰয়োজন৷ স্বয়ং ৰাষ্ট্ৰসংঘৰ মহাসচিবে বিশ্বৰ শক্তিধৰ ৰাষ্ট্ৰসমূহক এই ক্ষেত্ৰত উদ্যোগ ল’বলৈ আহ্বান জনাই কৈছে যে দুখীয়া দেশৰ লোককো ভেকচিন দিয়ক৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ক্ষেত্ৰত সংশ্লিষ্ট ৰাষ্ট্ৰসমূহে আচল ভূমিকা লোৱাৰ পৰা বিৰত আছে৷ ২০২০-২১ চনত বিশ্বই সন্মুখীন হোৱা এই অনাহূত প্ৰত্যাহ্বানক মোকাবিলা কৰিবলৈ হ’লে মানৱীয়তাক অগ্ৰাধিকাৰ দিয়াৰ বিনে গত্যন্তৰ নাই৷






