অপৰাধমুক্ত অসম সম্ভৱনে
এতিয়া মানুহৰ পৃথিৱীখন সলনি হৈছে৷ ভোগবাদে দখল কৰিছে গৰিষ্ঠসংখ্যকৰ মনোজগত৷ ভাৰতৰ দৰে দেশতো এনে প্ৰভাৱ দেখা গৈছে৷ ধনিক আৰু শিক্ষিত মানুহখিনিৰ মাজত ভোগবাদী চিন্তা আৰু দৰ্শনে ক্ৰিয়া কৰিছে, ফলত ধনীসকলে ধনী হোৱাৰ প্ৰতিযোগিতাত সংঘটিত কৰিছে বিভিন্ন অপৰাধ৷ তাৰ প্ৰভাৱত দুখীয়া আৰু নিম্ন আয়ৰ মানুহৰ মাজতো চুটি পথেৰে ধনী হোৱাৰ প্ৰতিযোগিতা চলিছে৷ এনে প্ৰতিযোগিতাৰ ফলতে এতিয়া অপৰাধৰ জগতখন বহল হৈ গৈ আছে৷ জনসংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ অপৰাধীৰ সংখ্যাও বাঢ়ি গৈছে৷ বিভিন্নধৰণৰ অপৰাধৰ ঘটনা ঘটিবলৈ ধৰিছে৷ বাচি যোৱা নাই কোনো এটা শ্ৰেণী৷ প্ৰযুক্তি-কৌশলৰ উন্নতিক ব্যৱহাৰ কৰা হৈছে অপৰাধ সংঘটিত কৰা কামত৷ পশ্চিমীয়া দেশৰ ঋণাত্মক সংস্কৃতিয়ে এতিয়া ভাৰতৰ দৰে ঐতিহ্যশালী দেশক আৱৰি ধৰিছে৷
অসমত নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছতে আৰক্ষী বাহিনীয়ে আৱিষ্কাৰ কৰিছে অপৰাধৰ এখন নতুন জগত৷ মানুহে ভবাতকৈ বেছি পৰিসৰত অসমৰ দৰে এখন ৰাজ্যত অপৰাধীয়ে গঢ়ি তুলিছে অপৰাধৰ জগত৷ ড্ৰাগ্ছৰ বিৰুদ্ধে চলা অভিযানত ধৰা পৰিছে যথেষ্টসংখ্যক ব্যক্তি৷ গৰু চুৰি কাৰ্যত নিয়োজিত বহুতক গ্ৰেপ্তাৰ কৰিছে৷ গাড়ী চুৰি আৰু মটৰচাইকেল চুৰিৰ ভালেমান ঘটনাও ধৰা পৰিছে৷
প্ৰযুক্তিৰ কৌশল ব্যৱহাৰ কৰি এতিয়া প্ৰতিদিনে বেংকৰ পৰা গ্ৰাহকৰ ধন লুটি নিয়াৰ ঘটনা ঘটিবলৈ ধৰিছে৷ নতুন নতুন কৌশল প্ৰয়োগ কৰি চাইবাৰ অপৰাধীয়ে গ্ৰাহকক ঠগিবলৈ ধৰিছে৷ অপৰাধীৰ কৌশলত এতিয়া বেংক ব্যৱস্থাটোৱে অস্তিত্বৰ সংকটত পৰিছে৷
ৰাজনীতিৰ জগতত এতিয়া অপৰাধীৰ দপ্দপনি চলিছে৷ বিশ্ববিদ্যালয়ৰ মজিয়াত অপৰাধীয়ে নানা অপৰাধ সংঘটিত কৰিবলৈ ধৰিছে৷ যুৱকসকলৰ মাজত অপৰাধৰ মাত্ৰা বাঢ়িছে৷ যৌনতাৰ মুকলি বজাৰ এখন গঢ়ি উঠিছে৷ নতুন চৰকাৰৰ মাত্ৰ এশ দিনতে হত্যা, ধৰ্ষণ, অপহৰণৰ ভালেমান ঘটনা ঘটিছে৷ কলেজ চৌহদত তেজৰ ডাগ লাগিছে৷ মানুহৰ দেহৰ অংগক লৈ এখন বিৰাট বজাৰ গঢ়ি তুলিছে৷ অপৰাধৰ এনে তালিকা বহুত বেছি দীঘলীয়া হ’ব৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে ঘোষণা কৰিছে যে অসমক অপৰাধমুক্ত ৰাজ্য কৰা হ’ব৷ মুখ্যমন্ত্ৰীৰ ঘোষণাত বহুত মানুহে এক আশাৰ ৰেঙণি দেখিছে যদিও অসমক কেনেকৈ অপৰাধমুক্ত কৰা হ’ব তাৰ দীৰ্ঘম্যাদী পৰিকল্পনা এতিয়াও দাঙি ধৰা নাই৷ অসমক সঁচা অৰ্থত অপৰাধমুক্ত ৰাজ্য কৰিবলৈ হ’লে প্ৰথমতে ৰাজনীতিক অপৰাধমুক্ত কৰিব লাগিব, যিটো হ’ব সকলো দলৰ বাবে বৃহৎ প্ৰত্যাহ্বান; কাৰণ প্ৰতিটো দলতে কম-বেছি পৰিমাণে অপৰাধী ব্যক্তিয়ে গুৰুত্বপূৰ্ণ দায়িত্বত আছে৷ নিৰ্বাচনত বহুতো অপৰাধীক টিকট দিয়া হৈছিল আৰু তাৰে বহুতে জিকি আহিছে৷ তথ্যৰ পৰাই বুজা যায় চৰকাৰ আৰু বিধানসভাতে আছে ফৌজদাৰী গোচৰত অভিযুক্ত কেইবাজনো বিধায়ক৷
শিক্ষাৰ জড়িয়তে মানুহৰ চৰিত্ৰ গঠন হয়৷ অথচ, আজি শিক্ষাক্ষেত্ৰই হৈ পৰিছে আটাইতকৈ বেছি দুৰ্নীতি-অনিয়মৰ ঠাই৷ শিক্ষক-ছাত্ৰৰ মাজতে অপৰাধী মানসিকতা ভয়ংকৰভাৱে গঢ়ি উঠা দেখা গৈছে৷ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ অপৰাধত লিপ্ত হোৱাৰ অলেখ ঘটনা পোহৰলৈ আহিছে৷ ছাত্ৰসকলৰ মাজত অপৰাধী মানসিকতা ভয়লগাধৰণে গঢ় লোৱা বুলি জনা যায়, শিশুসকলো এতিয়া আক্ৰান্ত হ’বলৈ ধৰিছে৷ গতিকে, শিক্ষাত ব্যাপক সংস্কাৰৰ প্ৰয়োজন হৈছে৷ দুৰ্নীতি ৰোধৰ বাবে চৰকাৰক কঠোৰ আইনৰ লগতে প্ৰয়োগৰ বাবে লাগিব বিৰাট আগ্ৰহ৷ আৰক্ষী বিভাগ এতিয়াতকৈ দহগুণ বেছি শক্তিশালী হোৱাৰ লগতে নিকা হ’ব লাগিব৷ ন্যায় ব্যৱস্থাটো নিকা কৰাৰ লগতে অধিক গতিশীল কৰি তুলিব লাগিব৷
ৰাজ্যখনক অপৰাধমুক্ত কৰিবলৈ হ’লে জনসাধাৰণৰ মাজত অপৰাধৰ বিৰুদ্ধে ঘৃণাৰ জন্ম দিয়াৰ লগতে চৰকাৰ আৰু আৰক্ষীক সহযোগ কৰাৰ আগ্ৰহ বৃদ্ধি কৰিব লাগিব৷ প্ৰযুক্তিৰ উৎকৃষ্ট কৌশল প্ৰয়োগত অধিক গুৰুত্ব দিব লাগিব৷ শিক্ষক, আৰক্ষী, অধিবক্তাৰ পৰা ন্যায়াধীশলৈ সকলোৰে মনত এক আশাবাদৰ জন্ম দি সকলোকে অপৰাধৰ বিৰুদ্ধে অভিযানৰ অংশীদাৰ কৰি তুলিব লাগিব৷






