যাত্ৰীভাৰা পঞ্চাছ শতাংশ বৃদ্ধি আৰু সৰ্বসাধাৰণৰ দুৰ্ভোগ
ৰাজ্যত কৰ’নাৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পাই অহাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পহিলা ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা পৰ্যায়ক্ৰমে উঠাই লোৱা হ’ব বুলি ঘোষণা কৰিছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিয়ে ক্ষতিগ্ৰস্ত কৰা বিভিন্ন ক্ষেত্ৰৰ লোকৰ বাবে চৰকাৰৰ এই ঘোষণাই যথেষ্ট সকাহ দিছে যদিও তাৰ লগতে এইসকল লোকৰ বাবে আহিছে এটা দুঃসংবাদো৷ সেয়া হৈছে আন্তঃজিলা যাতায়াত আৰম্ভ হোৱাৰ পাছত সদৌ অসম মটৰ পৰিবহণ সন্থাই যাত্ৰীভাৰা পঞ্চাছ শতাংশ বৃদ্ধি কৰিব৷ মটৰ পৰিবহণ সন্থাৰ এই সিদ্ধান্তই ইতিমধ্যে সৰ্বসাধাৰণক চিন্তিত কৰি তুলিছে৷ এটা কথা স্বীকাৰ্য যে যোৱা বছৰ ক’ভিডৰ প্ৰথমটো ঢৌৰ সময়ত ৰাজ্যত প্ৰায় ৯ মাহ ৰাজহুৱা পৰিবহণ বন্ধ হৈ আছিল৷ আনহাতে, চলিত বৰ্ষৰ মে’ৰ পৰাও আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ এই সময়ছোৱাত গাড়ীৰ মালিকৰ লগতে ড্ৰাইভাৰ, হেণ্ডিমেনসকল আৰ্থিক দিশত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল৷ তদুপৰি গাড়ী নচলিলেও মালিকসকলে ঋণৰ কিস্তিৰ লগতে বীমা আৰু ৰোড টেক্স আদি আদায় দি থাকিবলগীয়া হৈছিল৷ তাৰ লগতে আছে পেট্ৰ’ল আৰু ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি৷ এইবোৰ কাৰণত মূল্যবৃদ্ধিৰ বিষয়টো যুক্তিসংগত যেন লাগিলেও পঞ্চাছ শতাংশ যাত্ৰীভাৰা বৃদ্ধি কৰাটো সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ শোধোৱা হ’ব৷ তাৎপৰ্যপূৰ্ণ যে যোৱা বছৰ আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা শিথিল কৰি দিয়াৰ সময়ত পঞ্চাছ শতাংশ যাত্ৰীৰে যান-বাহন চলোৱাৰ নিৰ্দেশনা জাৰি কৰা হৈছিল৷ সেই সময়তো মটৰ পৰিবহণ সন্থাই লোকচানৰ দোহাই দি প্ৰায় পঞ্চাছ শতাংশ ভাৰা বৃদ্ধি কৰিছিল৷ এবছৰত যাত্ৰীভাৰা পুনৰ পঞ্চাছ শতাংশ বৃদ্ধি কৰাটো যুক্তিসংগতনে?– এই বিষয়টোক লৈ এতিয়া বিভিন্ন ব্যক্তি-সংগঠনৰ মাজত দেখা গৈছে ব্যাপক অসন্তুষ্টি৷ পঞ্চাছ শতাংশ যাত্ৰীভাৰা বৃদ্ধিৰ বিষয়টোত চৰকাৰৰ হস্তক্ষেপৰো দাবী উত্থাপন কৰা হৈছে৷
কেৱল দূৰণিবটীয়া যান-বাহনৰ ক্ষেত্ৰতে নহয়, পঞ্চাছ শতাংশ যাত্ৰীভাৰা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হ’লে তাৰ প্ৰভাৱ গুৱাহাটীৰ চিটীবাছ, অটোৰিক্সা আৰু আন যন্ত্ৰচালিত বাহনৰ ক্ষেত্ৰতো পৰিব৷ এবছৰ পূৰ্বে গুৱাহাটীৰ চিটীবাছৰ নূন্য়তম ভাৰা নিৰ্ধাৰণ কৰা হৈছিল ১০ টকা৷ দহ টকা কেৱল প্ৰথম তিনি কিলোমিটাৰৰ বাবেহে৷ নতুন নিৰিখত ভাৰা লোৱা হ’লে চিটীবাছৰ নূ্ন্যতম ভাৰা হ’ব ১৫ টকা৷ প্ৰায় ২০ লাখ জনসংখ্যাৰ চহৰ গুৱাহাটীৰ অধিকাংশ লোকেই ৰাজহুৱা পৰিবহণ হিচাপে চিটীবাছৰ ওপৰতে নিৰ্ভৰশীল৷ হঠাৎ বাছভাৰা পঞ্চাছ শতাংশ বৃদ্ধি কৰা হ’লে এইসকলে দুৰ্ভোগ ভুগিবলগীয়া হ’ব৷ আনহাতে, বিভিন্ন কামৰ বাবে দৈনিক আন্তঃজিলা যাতায়াত কৰিবলগীয়া লোকসকলৰ ওপৰতো পৰিব ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ৷ প্ৰায়েই দেখা যায় গ্ৰহণযোগ্য নহ’লেও মটৰ পৰিবহণ সন্থাৰ দাবীবোৰ চৰকাৰে সহজেই মানি লয়৷ সন্থাৰ শীৰ্ষ বিষয়ববীয়াসকল প্ৰভাৱশালী ব্যক্তি হোৱা বাবেই সংশ্লিষ্ট বিষয়া আৰু চৰকাৰৰ অনুমোদন আদায় কৰিবলৈ সক্ষম হয় তেওঁলোকে আৰু দুৰ্ভোগ ভুগিবলগীয়া হয় সৰ্বসাধাৰণে৷ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ লগতে আন নিত্যব্যৱহাৰ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ লোকৰ জীৱন-যাত্ৰা দুৰ্বিষহ কৰি তুলিছে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰেও অপাৰগতা প্ৰকাশ কৰিছে৷ নতুনকৈ এতিয়া যাত্ৰীভাৰা পঞ্চাছ শতাংশ বৃদ্ধি কৰা হ’লে এইসকল লোকৰ অৱস্থা কি হ’ব তাক পুনৰ দোহৰাৰ প্ৰয়োজন নাই৷ সৰ্বসাধাৰণক সকাহ দিয়াৰ প্ৰতিশ্ৰুতিৰে পুনৰ ৰাজ্যৰ শাসনভাৰ দখল কৰা বৰ্তমানৰ চৰকাৰখনৰ বিগত তিনি মাহৰ কাৰ্যকালত সৰ্বসাধাৰণক কিমান সকাহ দিয়া হ’ল?
দীৰ্ঘদিনৰ লকডাউন আৰু যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ বাবে গাড়ীৰ মালিকৰ লগতে মটৰ পৰিবহণৰ সৈতে জড়িত লোকসকলৰ ক্ষতিৰ কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ কিন্তু সেইবুলি পৰিস্থিতিৰ সুযোগ লৈ যাত্ৰীভাৰা পঞ্চাছ শতাংশ বৃদ্ধি কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ কেৱল পৰিবহণ ক্ষেত্ৰই নহয়, কৰ’না অতিমাৰীয়ে আন বহু ক্ষেত্ৰৰ লোকক আৰ্থিক দিশত জুৰুলা কৰিছে৷ মটৰ পৰিবহণ সন্থাৰ শেহতীয়া অবিবেচক সিদ্ধান্তৰ পাছত চৰকাৰে কি পদক্ষেপ লয়, সেয়া হ’ব লক্ষণীয়৷






