সতৰ্কতাৰ বিকল্প নাই
বিগত বৰ্ষৰ পৰা কৰ’না ভাইৰাছে বিশ্ববাসীৰ লগতে ভাৰতীয়সকলকো ত্ৰাহি মধুসূদন সোঁৱৰাইছে৷ কৰ’নাৰ প্ৰথম ঢৌতকৈ দ্বিতীয় ঢৌৱে ভাৰতত অধিক ক্ষতি কৰিছে৷ অৱশ্যে, ইয়াৰ মাজতে কৰ’না প্ৰতিৰোধক ভেকচিন প্ৰদানৰ কাৰ্যসূচী চলাই গৈছে যদিও এতিয়াও ভাৰতত সকলো লোককে ভেকচিন দিব পৰা নাই৷ সোমবাৰ পৰ্যন্ত ভাৰতত মাত্ৰ ৪৫.৬১ কোটি লোকেহে কৰ’না ভেকচিনৰ প্ৰথম পালি ছিটা লাভ কৰিছে৷ আনহাতে, ভেকচিনৰ দুয়োটা পালিৰ ছিটা লাভ কৰা লোকৰ সংখ্যা ১৩.৩৮ কোটি৷ অৰ্থাৎ দেশৰ গৰিষ্ঠসংখ্যক লোকেই এতিয়াও কৰ’না প্ৰতিষেধক ভেকচিন ল’ব পৰা নাই৷ জনসাধাৰণক ভেকচিন দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, তেনেদৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে দেশৰ বুজনসংখ্যক লোক ভেকচিন লাভৰ পৰা বঞ্চিত হৈ আছে৷ আনহাতে, ১৮ বছৰ অনূৰ্ধ্বৰ লোকক এতিয়াও ভেকচিন দিয়াৰ ব্যৱস্থাই কৰা নাই৷ এনে অৱস্থাত যদি বৰ্তমানৰ কৰ’না ভাইৰাছটোতকৈও অধিক সক্ৰিয় ভাইৰাছত জনসাধাৰণ আক্ৰান্ত হয়, তেন্তে দেশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব৷ ইতিমধ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰতিষ্ঠানৰ দ্বাৰা গঠন কৰা বিশেষজ্ঞ কমিটীয়ে ভৱিষ্যদ্বাণী কৰিছে যে অচিৰেই কৰ’না ভাইৰাছৰ তৃতীয় ঢৌৱে দেশত চৰম আতংকৰ সৃষ্টি কৰিব৷ এই ঢৌত সৰ্বাধিক আক্ৰান্ত হ’ব কম বয়সীয়া শিশুসকল৷ আশংকা কৰা মতে, ছেপ্টেম্বৰ-অক্টোবৰত কৰ’নাৰ তৃতীয় ঢৌৱে ভাৰতত শিখৰ পাব আৰু সেই সময়ত দিনে ৪-৫ লাখ লোক কৰ’নাত আক্ৰান্ত হ’ব৷ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন মতে, ভাৰতত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰসমূহত নাই পৰ্যাপ্ত পৰিমাণৰ শিশু চিকিৎসক, শিশুৰ বাবে আই চি ইউ আৰু শিশু ক’ভিড কেন্দ্ৰ৷ উল্লেখ্য, দেশৰ চিকিৎসালয়সমূহত এতিয়াও ৮২% শিশু চিকিৎসকৰ অভাৱ৷ এনে অৱস্থাত যদি চৰকাৰে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে শিশু চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তেন্তে দেশত কৰ’নাৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিব পাৰিব৷ অৱশ্যে, আই চি এম আৰৰ সঞ্চালক ডাঃ ৰজনী কান্তৰ মতে, দেশৰ প্ৰায় ৭০ শতাংশ লোকৰ শৰীৰত এণ্টিবডিৰ সৃষ্টি হৈছে৷ মূলতঃ ভেকচিন লোৱাৰ বাবেই হওক বা কৰ’না আক্ৰান্ত হৈ আৰোগ্য লাভ কৰাৰ বাবেই হওক এইসকল লোকৰ দেহত কৰ’না ভাইৰাছ প্ৰতিৰোধ ক্ষমতা সৃষ্টি হৈছে৷ এনে লোকক কৰ’নাৰ তৃতীয় ঢৌৱে সহজে সংক্ৰমিত কৰিব নোৱাৰে৷ তদুপৰি ডাঃ ৰজনী কান্তৰ মতে, শিশুসকলক দিবৰ বাবে প্ৰস্তুত কৰা ভেকচিনৰ ক্লিনিকেল পৰীক্ষা ইতিমধ্যে চলি আছে৷ হয়তো এবছৰৰ ভিতৰতে শিশুসকলক ভেকচিন দিয়াবলৈ সক্ষম হ’ব৷
কৰ’নাৰ তৃতীয় ঢৌৰ ভয়াৱহ খবৰ প্ৰকাশ হৈ থকাৰ মাজতে অসমত পহিলা ছেপ্টেম্বৰৰ পৰা সকলো ক্ষেত্ৰতে স্বাভাৱিকতা ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে৷ পহিলা ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা যাতায়াত, নৈশ বাছসেৱা মুকলি কৰাৰো চিন্তাচৰ্চা কৰিছে৷ তদুপৰি ৮ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ ব্যৱস্থা কৰাৰ উপৰি পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠানসমূহ খোলাৰ ব্যৱস্থা কৰিব বুলিও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য, কৰ’নাকালত দেশৰ সকলো ক্ষেত্ৰতে লোকচান হৈছে যদিও সৰ্বাধিক লোকচান হৈছে শিক্ষাখণ্ড৷ শিক্ষাই শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশত সহায় কৰে৷ কিন্তু কৰ’নাকালত শিক্ষানুষ্ঠানসমূহ বন্ধ হোৱাৰ ফলত শিক্ষাৰ্থীৰ অমূল্য সময় অপচয় হৈছে৷ অৱশ্যে, অনলাইন ক্লাছৰ জৰিয়তে শিক্ষা-ব্যৱস্থাক আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিছে যদিও কাৰ্যক্ষেত্ৰত এই ব্যৱস্থা বহুতৰ মতে প্ৰহসনতহে পৰিণত হৈছে৷ গতিকে শিক্ষানুষ্ঠান খুলিলেহে ছাত্ৰ-ছাত্ৰীয়ে প্ৰকৃত অৰ্থত উপকৃত হ’ব৷
সমস্যাৰ মাজেৰেই জীৱই আগবাঢ়িব লাগিব৷ কৰ’না ভাইৰাছৰ সৈতে সহাৱস্থান কৰি কিদৰে সমাজ জীৱন আগবাঢ়ি যাব পাৰে, তাৰ প্ৰতি সকলোৱে চিন্তা কৰিব লাগিব৷ কৰ’নাৰ ভয়ত সকলো স্তব্ধ হৈ গ’লে অৰ্থৰ অভাৱত মৃত্যু-বিভীষিকাৰ সৃষ্টি হ’ব৷ সেয়ে আমি সকলোৱে সকলো সময়তে সজাগ-সতৰ্ক হৈ কৰ’না বিধি মানি চলিব লাগিব৷ যেতিয়ালৈকে দেশৰ সকলো লোককে ভেকচিন দিয়া নহয়, তেতিয়ালৈকে সজাগতাকেই একমাত্ৰ ভেকচিন হিচাপে ধৰি ল’ব লাগিব– কিয়নো সাৱধানীৰ মৰণ নাই৷






