নতুন শিক্ষানীতিৰ পূৰ্বে শিক্ষানুষ্ঠানৰ আমূল পৰিৱৰ্তনৰ প্ৰয়োজন
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি [এন ই পি-২০২০]ৰ ঘোষণাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কেন্দ্ৰীয় শিক্ষা বিভাগৰ দ্বাৰা দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, শিক্ষাবিদ, বিশেষজ্ঞ, অধ্যাপক আদিৰ উপস্থিতিত অনলাইনযোগে অনুষ্ঠিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন শিক্ষানীতিয়ে ভৱিষ্যত ভাৰতৰ এক নতুন দৃশ্যপট গঢ়ি তুলিব বুলি মন্তব্য কৰিছে৷ কোৱা বাহুল্য এন ই পিয়ে প্ৰাক্-প্ৰাথমিক শিক্ষাৰ পৰা উচ্ছ শিক্ষালৈকে ইমানবোৰ দিশ সামৰি লৈছে যে সাম্প্ৰতিক দেশত শিক্ষাৰ যি গতিধাৰা তেনে পৰিপ্ৰেক্ষিতত ইয়াৰ কাৰ্যকৰীকৰণ কিমান সফল হ’ব সেয়া এক চিন্তনীয় বিষয়৷ স্কুলীয়া শিক্ষাত ছাত্ৰৰ ১০০ শতাংশ অন্তৰ্ভু্ক্তিকৰণ, উচ্ছ শিক্ষাত ২০৩৫ চনৰ ভিতৰত বৰ্তমানৰ প্ৰায় ২০ শতাংশৰ পৰা ৫০ শতাংশলৈ শিক্ষাৰ্থীৰ অন্তৰ্ভুক্তিকৰণ আদিৰ ওপৰত এন ই পিয়ে গুৰুত্ব আৰোপ কৰিছে৷ এই লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ লগতে বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানেও সমানেই সুযোগ লাভ কৰিব৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিগত কেইবা দশকমানৰ পৰাই শৈক্ষিক খণ্ডত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে দেশত গা-কৰি উঠিছে৷ ইয়াৰে সামান্য পৰিমাণৰ শিক্ষানুষ্ঠানেহে গুণগত মানৰ ওপৰত অগ্ৰাধিকাৰ দি আন্তঃগাঁথনি, পাঠ্যক্ৰম, তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ, শিক্ষাদানৰ পদ্ধতি, শিক্ষকৰ প্ৰশিক্ষণ, শিক্ষানুষ্ঠান পৰিচালনা, উদ্ভাৱনী-সৃষ্টিশীল চিন্তাত প্ৰাধান্য আদিত গুৰুত্ব আৰোপ কৰিছে৷ তাৰ বিপৰীতে দেশত প্ৰাথমিক পৰ্যায়ৰ পৰা কলেজ, বিশ্ববিদ্যালয়লৈকে কাঠফুলাৰ দৰে যধে-মধে গঢ়ি উঠা ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ বৃহৎ বজাৰখন দখল কৰি কেৱল ধন ঘটাতহে জড়িত হৈ পৰিছে৷ এনে হোৱাৰ ফলত শিক্ষাৰ মূল উদ্দেশ্য যে ব্যাহত হৈছে তালৈ কাৰো কাণসাৰ নাই৷ বৃহৎ পৰিমাণৰ ফীজ দি এনে শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে চাকৰি বজাৰখনতো গুৰুত্ব নোপোৱাৰ ফলত হতাশাত ভুগিছে৷ অসমৰ দৰে ৰাজ্যৰ শৈক্ষিক ছবিখনলৈ লক্ষ্য কৰিলে দেখা যায় যে চৰকাৰী খণ্ডৰ বহু বিদ্যালয়, কলেজত উপযুক্ত, অৰ্হতাসম্পন্ন শিক্ষক-শিক্ষয়িত্ৰী থকাৰ পাছতো বিশেষকৈ প্ৰাথমিক, মাধ্যমিক, উচ্ছতৰ মাধ্যমিক পৰ্যায়ত ব্যক্তিগত খণ্ডত স্থাপিত বিদ্যালয়, জুনিয়ৰ কলেজসমূহতহে ছাত্ৰ-ছাত্ৰীৰ ভিৰ বেছি৷ অভিভাৱকসকলেও ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজ সন্তানক পঢ়ুৱাৰ উদ্দেশ্যে বা চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানত নিয়মীয়াকৈ শ্ৰেণীসমূহ নোহোৱাৰ অচিলাৰে সৰহকৈ ফীজ দি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰায়৷ অৱশ্যে এই ক্ষেত্ৰত চৰকাৰী মাধ্যমত বহু শিক্ষানুষ্ঠানে সময়ৰ লগত খোজ মিলোৱাৰ বাবে যিখিনি কৰাটো প্ৰয়োজন তাক কৰাত ব্যৰ্থ হোৱাৰ বাবেও বহু চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানৰ অৱনতি ঘটিছে৷ চৰকাৰে বহু নীতি-নিৰ্দেশনা দিছে যদিও এচামৰ এতিয়াও গা-লৰা নাই৷ প্ৰধানমন্ত্ৰীয়ে নতুন শিক্ষানীতিক লৈ বহু আশা কৰিছে৷ তেওঁ কৈছে যে নতুন শিক্ষানীতিৰ বাবে নতুন ৰণনীতি লাগিব, ৰ’ডমেপ প্ৰস্তুত কৰিব লাগিব৷ অসমতো মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ পৰা বিভাগৰ উচ্ছ-পদস্থ বিষয়াই নতুন শিক্ষানীতিক কাৰ্যকৰী কৰাৰ বাবে সংশ্লিষ্ট সকলোকে আহ৩ান জনাইছে৷ এনে পৰিপ্ৰেক্ষিতত শিক্ষাৰ প্ৰতিটো স্তৰতে যি আমূল পৰিৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে তাৰ পূৰ্বে আজিৰ যি পৰিৱেশ তাৰো আমূল পৰিৱৰ্তন ঘটাবলৈ সকলোৱে মাৰবান্ধি আগবাঢ়িব লাগিব৷ অন্যথা ই এক বুমেৰাঙত পৰিণত হ’ব৷ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত [উচ্ছতৰ মাধ্যমিকলৈকে] বৰ্তমান নামভৰ্তি বিনামূলীয়া৷ চৰকাৰী খণ্ডত স্নাতক, স্নাতকোত্তৰ পৰ্যায়তো বিগত বৰ্ষত সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি কৰা হৈছে৷ কিন্তু ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে নিজা খেয়াল-খুচিমতেই নামভৰ্তি ফীজ, মাহেকীয়া মাচুল আদি ল’ব পাৰে৷ অসম চৰকাৰে অসম বেচৰকাৰী শিক্ষানুষ্ঠান [মাচুল নিয়ন্ত্ৰণ] আইন-২০১৮ গৃহীত কৰি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ক’ত কিমান মাচুল ল’ব পাৰিব তাৰ নিৰ্ধাৰণ কৰি দিছিল৷ কিন্তু মুষ্টিমেয় শিক্ষানুষ্ঠানৰ বাদে প্ৰায় ৮০ শতাংশই চৰকাৰৰ আইনলৈ কেৰেপকে নকৰিলে৷ একেখন ৰাজ্যতে চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানত নামভৰ্তি বিনামূলীয়া আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে যি মন যায় তেনে ফীজেই ল’ব পাৰে৷ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়, কলেজ আদিৰ বিনামূলীয়া ফীজৰ বাবদ ৬-৭ মাহৰ পাছত কিছু ধন কৰ্তন কৰি চৰকাৰে ধন অনুমোদন কৰে যদিও দীৰ্ঘ সময় ধৰি ধন নোপোৱাৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানসমূহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হয়, যি শিক্ষানুষ্ঠান পৰিচালনাত ব্যাঘাত জন্মায়৷ চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ ভোটকেন্দ্ৰ, ক’ভিড ভেকচিন কেন্দ্ৰ, কোৱাৰেণ্টীন কেন্দ্ৰৰ পৰা বহু চৰকাৰী অনুষ্ঠানৰ বাবে ব্যৱহাৰ হয়৷ শিক্ষক, অধ্যাপকসকলকো বহু চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰা হয়৷ কিন্তু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে এইবোৰৰ পৰা ৰেহাই পায়৷ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা নতুন ৰণনীতিত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ উত্তৰণৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শিক্ষাক কেৱল ‘বিজিনেছ’ত পৰিণত কৰাৰ বিৰুদ্ধে ব্যৱস্থাও অন্তৰ্ভুক্ত হোৱা উচিত৷ চৰকাৰী-বেচৰকাৰী দুয়োবিধ শিক্ষানুষ্ঠানতে আমূল পৰিৱৰ্তনৰ প্ৰয়োজন হ’ব নতুন শিক্ষানীতি কাৰ্যকৰী কৰাৰ বাবে!






