Logo
image

বান সমস্যা সমাধানত চৰকাৰৰ সদিচ্ছা কিমান

সাধাৰণতে জুন-জুলাইত প্ৰবল বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰ ফেনে-ফোটোকাৰে বাঢ়ি আহি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায়৷ এই সময়ছোৱাত  বান আৰু খহনীয়াই নৈপৰীয়া লোকসকলক জীয়াতু ভোগায়৷ বিভিন্ন সময়ত চৰকাৰৰ লগতে নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলে অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও এতিয়ালৈকে সেই সমস্যাৰ সমাধান উলিওৱাটো কাৰোপক্ষে সম্ভৱ হোৱা নাই৷ চলিত বছৰত বৰষুণ কম হোৱা বাবে জুন-জুলাইত অসমত বানৰ সমস্যা ভয়াৱহ হৈ উঠা নাছিল৷ কিন্তু ভাদত ৰাজ্যখনৰ কেতবোৰ অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদী-উপনৈবোৰ পানীৰে উপচি পৰাৰ ফলত ২১খন জিলাৰ তিনি লাখতকৈ অধিক লোক এতিয়া বান আৰু খহনীয়াৰ কবলত৷ নষ্ট হৈছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি৷  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ আন কেইবাখনো অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চল জলমগ্ন হৈ পৰা বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বন্যপ্ৰাণীবোৰে৷ বিশেষজ্ঞৰ মতে, অসমৰ ভৌগোলিক অৱস্থানৰ বাবে ৰাজ্যখনত সহজে বান সমস্যাৰ সৃষ্টি হয়৷ তদুপৰি ৰাজ্যখনৰপ্ৰধান নদ ব্ৰহ্মপু্‌ত্ৰৰ গভীৰতা হ্ৰাস পোৱাটোও বানৰ অন্যতম কাৰণ৷ ব্ৰহ্মপুত্ৰ নদ নিয়ন্ত্ৰণ আৰু ইয়াৰ জলসম্পদৰ যথোচিত ব্যৱহাৰৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ড এখন আছে যদিও অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব’ৰ্ডখনে একোৱে কৰিব পৰা নাই৷ এটা কথা স্বীকাৰ্য যে এই সমস্যাৰ সমাধানৰ বাবে সময় লাগিব৷ প্ৰয়োজন হ’ব বৈজ্ঞানিক চিন্তা-চৰ্চাৰ৷ বিশেষজ্ঞৰ মতামতক গুৰুত্ব দি সমস্যাটোৰ সমাধান-সূত্ৰ উলিওৱাত গুৰুত্ব দিয়া উচিত কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰে৷ ব্ৰহ্মপুত্ৰৰ খননৰ বিষয়টোও মাজে-সময়ে উত্থাপন হয় যদিও এই সন্দৰ্ভতো কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷ অসমৰ বান পৰিস্থিতিক লৈ চৰকাৰৰ এনে আওকণীয়া মনোভাব দেখি সৰ্বসাধাৰণে ভাবিবলৈ বাধ্য হৈছে যে কেন্দ্ৰ কিম্বা ৰাজ্য চৰকাৰৰ ৰাজ্যখনৰ বান সমস্যা সমাধানত একেবাৰে সদিচ্ছা নাই৷

শেহতীয়া বিধানসভা নিৰ্বাচনৰপূৰ্বে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দিছিল, তাৰ ভিতৰত অন্যতম আছিল অসমক বানমুক্ত কৰা৷ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাখনো সভাত ঘোষণা কৰিছিল যে অসমৰ বন্যাপ্ৰৱণ অঞ্চলবোৰত পুখুৰী খান্দি বান সমস্যা সমাধান কৰা হ’ব৷ অমিত শ্বাহৰ তেনে মন্তব্য যে প্ৰচাৰ লাভৰ বাদে আন একো নাছিল সেই কথা জানিবলৈ নিশ্চয় কাৰো বাকী নাছিল৷ এটা গুৰুত্বপূৰ্ণ সমস্যা সন্দৰ্ভত দায়িত্বশীল কেন্দ্ৰীয় মন্ত্ৰী এজনৰ এনে অবিবেচক মন্তব্যই অসম সন্দৰ্ভত তেওঁৰ আন্তৰিকতা কিমান তাকেই সূচাইছে৷ অসমৰ বান সমস্যা এক দীৰ্ঘদিনীয়া জটিল সমস্যা৷ প্ৰকৃততে অসমৰ ভৌগোলিক অৱস্থান, নদীৰ ব্যাপক বিস্তৃতি আৰু বৰষুণৰ পৰিমাণ  বেছি হোৱাৰ বাবেই ৰাজ্যখন বানপ্ৰৱণ হিচাপে চিহ্নিত হৈছে৷ এই সমস্যা সমাধানৰ বাবে প্ৰয়োজন বৈজ্ঞানিক চিন্তা-চৰ্চা আৰু প্ৰণালীলব্ধ পৰিকল্পনাৰ৷ নদীৰ বাঢ়নী পানী ভেটিবলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত মথাউৰি নিৰ্মাণ কৰা হয় যদিও তাৰ বেছিভাগেই নিৰ্মাণ কৰা হয় অবৈজ্ঞানিকভাৱে আৰু সেই মথাউৰি দীৰ্ঘস্থায়ী নোহোৱাৰ  অভিযোগ প্ৰায়েই শুনা যায়৷ অসমৰ প্ৰায়বোৰ নদী-উপনৈৰ গভীৰতা হ্ৰাস পাই অহাটোও বান সমস্যাৰ আন এটা মূল কাৰণ৷ আনহাতে, বহু সময়ত ভূটান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলে এৰি দিয়া পানীৰ লগত অহা গেদে অসমৰ নদ-নদীবোৰৰ গভীৰতা হ্ৰাস কৰাৰ লগতে নদীবোৰৰ পানী বহন কৰা ক্ষমতা হ্ৰাস কৰে৷ অসমৰ নদী-উপনৈবোৰত গোট খোৱা গেদবোৰ আঁতৰোৱাৰ লগতে মথাউৰিবোৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিলে ৰাজ্যখনৰ বান সমস্যা বহুখিনি হ্ৰাস পাব বুলি আশা কৰিব পাৰি৷ ইয়াৰ বাবে চৰকাৰে বিশেষজ্ঞৰ মতামতক গুৰুত্ব দিয়াৰ লগতে ‘একশ্বন প্লেন’ প্ৰস্তুত কৰি সেইমতে আগবাঢ়িব লাগিব৷ অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন হৈ আহিলেও এই বিষয়টোত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব দিয়া নাই৷ বানৰ সময়ত হেলিকপ্টাৰেৰে কেইটামান অঞ্চল ভ্ৰমণ কৰি অথবা অৰ্থনৈতিক পেকেজ ঘোষণা কৰাটোৱেই যথেষ্ট হ’ব নোৱাৰে৷ পুখুৰী খান্দি অসমৰ বান সমস্যা সমাধান কৰা হ’ব বুলি কৰা অযুক্তিকৰ প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে ৰাজ্যখনৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ ক্ষেত্ৰত চৰকাৰে সদিচ্ছা দেখুওৱাক৷ লগতে দেশৰ আন ৰাজ্যৰ বান সমস্যাৰ দৰে অসমৰ বান সমস্যাকো সমানে গুৰুত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাব পাৰিব লাগিব বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্যিক চৰকাৰখনে৷