Logo
image

প্ৰযুক্তিৰ আসক্তি

তথ্য-প্ৰযুক্তিৰ নতুন নতুন উদ্ভাৱনে মানৱ সমাজৰ বহু সমস্যাৰ সমাধান কৰাৰ লগতে পৃথিৱীখনক এখন ক্ষুদ্ৰ গাঁৱত পৰিণত কৰিছে৷ কম্পিউটাৰ, ইণ্টাৰনেট, ম’বাইল ফোন, ফেচবুক, ইউ টিউব আদিৰ সুবিধাৰ প্ৰতি লক্ষ্য কৰি এইবোৰৰ ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুতহাৰত বৃদ্ধি পাইছে৷ এসময়ত ৰেডিঅ’-টেলিভিছনহে কেৱল বিনোদনৰ লগতে জ্ঞান-বিজ্ঞান তথা বা-বাতৰিৰ বাবে আকৰ্ষণীয় আহিলা আছিল যদিও পৰৱৰ্তী পৰ্যায়ত কম্পিউটাৰ, ইণ্টাৰনেট, ম’বাইল ফোন আদিৰ উদ্ভাৱনৰ লগে লগে এইবোৰ ক্ৰমে এলাগি হৈ আহিছে৷ বৰ্তমান প্ৰায়ভাগ মানুহৰ হাততে ম’বাইল ফোন আছে৷ এটা তথ্য অনুসৰিচ ভাৰতত যিমান শৌচাগাৰ আছে, তাতকৈ দুগুণসংখ্যক ম’বাইল ফোন আছে৷ সৰু সৰু ল’ৰা-ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলো ম’বাইল, ইণ্টাৰনেটৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে আৰু এইবোৰৰ লগত সময় অতিবাহিত কৰিছে৷ বিগত বৰ্ষৰ কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানসমূহত অফলাইন ক্লাছ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত অনলাইন ক্লাছৰ জৰিয়তে পাঠদান কাৰ্য আগবঢ়াই নিয়া হৈছে৷ ফলত গাঁৱে-ভূঞে সকলোতে যিসকল ছাত্ৰ-ছাত্ৰীক পূৰ্বে ম’বাইল দিয়া নাছিল, সেইসকল ছাত্ৰ-ছাত্ৰীক শৈক্ষিক কাৰ্যসূচী আগবঢ়াই নিয়াৰ স্বাৰ্থত অভিভাৱকে ছাত্ৰ-ছাত্ৰীক একোটা স্মাৰ্টফোন হাতত তুলি দিছে৷ আনকি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও ক’ভিডৰ বাবেই ৱৰ্ক ফ্ৰম হোম কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে কম্পিউটাৰ, ইণ্টাৰনেটত অভ্যস্ত নোহোৱা লোকেও এতিয়া লেপটপ, কম্পিউটাৰ বা নোটপেডত ঘৰত বহিয়েই কাম সম্পাদন কৰিছে আৰু বহুজনে ইণ্টাৰনেট প্ৰযুক্তিৰ সহায়তে ব্যৱসায়-বাণিজ্যও চলাই নিছে৷ তদুপৰি কৰ’না ভাইৰাছে সামাজিক দূৰত্ব মানিবলৈ বাধ্য কৰোৱাৰ বাবেও বহুতে স্মাৰ্টফোন বা কম্পিউটাৰত সময় অতিবাহিত কৰিছে৷ একাকীত্ব যাতে অনুভৱ নহয় তাৰ বাবেও  বহুজনে ম’বাইল ফোন, কম্পিউটাৰ, সামাজিক মাধ্যম আদিও সক্ৰিয় হৈ পৰিছে৷ ফলত সকলো এতিয়া প্ৰযুক্তিৰ প্ৰতি আসক্ত হৈ পৰিছে৷ এতিয়া ইণ্টাৰনেটবিহীন পৃথিৱী এখনৰ কল্পনা কৰাও অসম্ভৱ হৈ পৰিছে৷ যদি এটা দিন ম’বাইল ফোন, ইণ্টাৰনেট আদিৰ পৰা আমি আঁতৰি থাকিব লগা হয়, তেতিয়া বাৰু আমি একেবাৰে অকলশৰীয়া হৈ পৰিছোঁ, আমাৰ কৰ্মশক্তি হেৰাই গৈছে, তেনে অনুভৱ নহয়নে? ছাত্ৰ-ছাত্ৰীক এতিয়া যদি ইণ্টাৰনেট-ম’বাইলৰ পৰা বিচ্ছিন্ন কৰিব খোজা হয়, তেতিয়া তেওঁলোক হয়তো মানসিকভাৱে ভাগি পৰিব৷ এতিয়া বন্ধু-বান্ধৱৰ মাজতো গল্প-গুজব, আলোচনা কৰি হাঁহি-ধেমালিৰে সময় পাৰ কৰাতকৈ সকলোৱে ভাৰ্চুৱেল পৃথিৱীখনতে মগ্ন থাকি ভাল পায়৷ প্ৰায় ডেৰ বছৰ ছাত্ৰ-ছাত্ৰী ভাৰ্চুৱেল পৃথিৱীত আবদ্ধ থাকি তেওঁলোক হয়তো এতিয়া প্ৰযুক্তিৰ এই উপাদনসমূহত অভ্যস্ত হৈ পৰিছে৷ চৰকাৰে ছেপ্টেম্বৰৰ পৰা পুনৰ শিক্ষানুষ্ঠানসমূহ খুলি অফলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰিব খুজিছে যদিও ছাত্ৰ-ছাত্ৰীৰ  কিমান মনোযোগেৰে পাঠ গ্ৰহণ কৰে, সেইটো লক্ষণীয় হ’ব৷ ইয়াৰ লগতে বহু শিক্ষাৰ্থীয়ে স্মাৰ্টফোনযোগে জ্ঞান বৃদ্ধিৰ তথ্য আহৰণ কৰাৰ বিপৰীতে ক্ৰমে ক্ৰমে নৈতিকতাহীন জগতত ভৰি দিছে নতুবা অসামাজিক কামত লিপ্ত হৈছে৷

ড্ৰাগ্‌ছ সেৱনকাৰী যিদৰে ড্ৰাগ্‌ছৰ প্ৰতি আসক্ত হৈ ড্ৰাগ্‌ছ সেৱন কৰিবলৈ নাপালে বলিয়ালি কৰে, আজিৰ ম’বাইল-ইণ্টাৰনেট আসক্ত লোকসকলেও বহুক্ষেত্ৰত তেনে ব্যৱহাৰ কৰা দেখা যায়৷ ইণ্টাৰনেট গেম খেলাৰ বাবে ম’বাইল নিদিয়াৰ ফলত বহুজনে আত্মহত্যা কৰাৰ খবৰো সময়ে সময়ে প্ৰকাশ পাইছে৷ প্ৰযুক্তিৰ ব্যৱহাৰে আমাৰ নৱপ্ৰজন্মক যাতে উচ্ছৃংখল কৰিব নোৱাৰে আৰু সীমিত পৰিসৰত প্ৰয়োজনতহে যাতে ব্যৱহাৰ কৰে, তাৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগিব৷