Logo
image

মহাজোঁটৰ বিচ্ছেদ

অসমৰ ৰাজনীতিত ছমহীয়া মহাজোঁটৰ মধুযামিনীৰ অন্ত পৰিছে৷ বিগত বিধানসভা নিৰ্বাচনত বিজেপি দলক প্ৰতিহত কৰাৰ লক্ষ্যৰে গঠন হোৱা মহাজোঁটৰ মহান উদ্দেশ্যত ব্যাঘাত জন্মাত স্বাভাৱিকভাৱেই মহাজোঁটেহ্ল প্ৰাসংগিকতা হেৰুৱাই পেলাইছিল৷ আনহে নালাগে বিধানসভাৰ মজিয়াতো মহাজোঁটে সেই সমন্বয় ৰাখিব পৰা নাছিল৷ বিজেপি মিত্ৰজোঁটে যিধৰণে বিধানসভাত সমন্বয় বৰ্তাই ৰাখিছিল, সেয়া মহাজোঁটৰ বাবে সম্ভৱ হোৱা নাছিল, যাৰ বহিঃপ্ৰকাশ ঘটিছিল মহাজোঁটৰ অন্যতম অংশীদাৰ চিপিআই [এম] দলৰ একমাত্ৰ সদস্যজনে কথা ক’বলৈ কংগ্ৰেছৰ পৰা সময় পোৱাৰ পাছতো বিধানসভাৰ সংসদীয় পৰিক্ৰমা বিভাগে তাত অনুমতি দিয়া নাছিল৷

বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে এনে এটা ধাৰণা দিবলৈ যত্ন কৰিছিল যে এ আই ইউ ডি এফ, চিপিআই[এম], চিপিআই, চিপিআই [এম-এল], আঞ্চলিক গণ মৰ্চাৰ লগত কৰা মিত্ৰতাই যেন বিজেপিক ক্ষমতাচু্যত কৰিবলৈ সক্ষম হ’ব৷ কিন্তু সেইটো যে সম্ভৱ নাছিল তাক অসমৰ সকলো স্তৰৰ লোকে জানিছিল৷ কাৰণ কংগ্ৰেছৰ পাছতে অসমত এ আই ইউ ডি এফৰ যি ভেটি আছে, সেই ভেটি কোন অংশৰ মানুহক লৈ কৰি আছে সেই কথা সকলোৱে জানে৷ আৰু এইটোও জানে যে এ আই ইউ ডি এফে কাৰো লগত মিত্ৰতা নকৰিলেও যিকেইখন আসন পাব লাগে সেইকেইখন পাবই৷ অৱশ্যে, দুই-এটা সমষ্টিত সামান্য ইফাল-সিফাল হোৱাটো সম্ভৱ যদিও সেই জোঁটবন্ধনে কংগ্ৰেছক যে উজনি অসমত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিব সেই কথা বুজিবলৈ বৰ বুদ্ধিমান মানুহৰ প্ৰয়োজন নাছিল৷ অসমৰ ৰাজনীতিত আজিও ‘হু ইজ বদৰুদ্দিন’ বাণীটো প্ৰাসংগিক হৈ আছে৷ বাস্তৱ পৰিস্থিতিত অসমৰ ৰাজনীতিত উদয় হোৱা বদৰুদ্দিন আজমলে যে অসমৰ সামগ্ৰিক বিকাশ তথা উন্নয়নৰ বাবে ৰাজনীতি কৰা নাই, নিজৰ ব্যৱসায়িক সাম্ৰাজ্য অক্ষুণ্ণ ৰখাৰ বাবেহে ৰাজনীতি কৰিছে, সেই কথা ইতিমধ্যহ্লদিনৰ পোহৰৰ দৰে স্পষ্ট হৈ আছে৷ আনহাতে, ৰাজ্যৰ ৰাজনীতিত বদৰnি¸দ্দনক মূলসুঁতিৰ কোনো মানুহে মন্ত্ৰী বা উপ-মুখ্যমন্ত্ৰীৰ আসনত চাব নিবিচাৰে৷ কিন্তু কংগ্ৰেছ আৰু ৰাজ্যৰ ৰাজনীতিত ক্ৰমাগতভাৱে সাংগঠনিক স্থিতি হেৰুৱাই পেলোৱা বাঁওপন্থী দলসমূহে বদৰুদ্দিনক লগত লোৱাৰ লগে লগে মহাজোঁটে শাসন পালে বদৰুদ্দিন উপ-মুখ্যমন্ত্ৰী হ’ব, আমিনুল ইছলাম মন্ত্ৰী হ’ব– সেইটো নিশ্চিত হৈ পৰাত অসমৰ ৰাইজ শংকিত হৈ পৰিছিল৷ সেয়ে মহাজোঁটত এ আই ইউ ডি এফ অহাৰ লগে লগেই এই জোঁটৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছিল আৰু বিজেপি ক্ষমতাত অহাটো নিশ্চিত হৈ পৰিছিল৷ আনহাতে, অসমত কমিউনিষ্ট পাৰ্টীকেইটাৰ সাংগঠনিক ভেটি দিনক দিনে ইমানেই দুৰ্বল হৈ আহিল যে এইকেইটা দলৰ লগত মহাজোঁট কৰিলেও কংগ্ৰেছৰ যে একো লাভ নহয় সেইটো নিৰ্বাচনেই প্ৰমাণ কৰিলে৷ ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছে কিছু গোপন বুজাবুজি কৰিলেই হয়তো ইয়াতকৈ বেছি ভাল ফল দেখুৱাবলৈ সক্ষম হ’লহেঁতেন৷ কিন্তু সেইবোৰ সকলো অতীত৷ বদৰুদ্দিনৰ দলে হিমন্ত বিশ্ব শৰ্মাক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈ নিজৰ আচল মনোভাব প্ৰদৰ্শন কৰিলে৷

আজি অসমৰ ৰাজনীতিত যিটো গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে অসমত ক্ৰমাগতভাৱে বাঢ়ি অহা বিজেপিৰ সাম্প্ৰদায়িক ফেচিবাদী ৰাজনীতিক প্ৰতিহত কৰা৷ ইয়াকে কৰিবলৈ যাওঁতে এক বিচক্ষণ ৰাজনীতিৰ অতি প্ৰয়োজন৷ অসমৰ জনসংখ্যাৰ গাঁথনিৰ দিশৰ পৰা বিবেচনা কৰাটো অতি প্ৰয়োজন৷ বিজেপিয়ে যিদৰে হিন্দু সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে, বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফেও মুছলমান সাম্প্ৰদায়িকতাক প্ৰশ্ৰয় দিয়ে৷ জ্বৰা-ফুঁকা পানী খুৱাই আজমলে অন্ধবিশ্বাস, কু-সংস্কাৰৰ পূৰ্ণ পোহাৰ মেলি ভোটাৰক কেৱল আল্লাৰ নামত শপত খুৱাই ৰাজনীতি কৰি আহিছে৷ এই বাস্তৱ সত্যক অস্বীকাৰ কৰাৰ বাবেই মহাজোঁটে সফলতা অৰ্জন কৰিব নোৱাৰিলে৷ আৰু এই অমোঘ সত্যক কংগ্ৰেছ দলে পলমকৈ হ’লেও স্বীকাৰ কৰিবলৈ বাধ্য হ’ল৷ ইয়াৰ কাৰণে কংগ্ৰেছৰ এজন এজনকৈ বিধায়ক যেতিয়া বিজেপিলৈ যাবলৈ ধৰিলে, তেতিয়াই দলটোৱে এই নলা বন্ধ কৰিবলৈ দেৱাল হিচাপে এ আই ইউ ডি এফৰ লগত বিচ্ছেদ কৰিছে৷ অসমৰ মূলসুঁতিৰ ৰাজনীতিৰ বাবে এইটো আশাৰ বতৰা৷ কিন্তু ইয়াৰ লগে লগে ভৱিষ্যতৰ ৰণকৌশল ৰচনাত যদি কংগ্ৰেছে পৰিপক্বতা দেখুৱাব নোৱাৰে, আৰু একক শক্তিৰে বিজেপিক উপ-নিৰ্বাচনত প্ৰতিহত কৰাৰ সপোন দেখে, তেন্তে সেয়া হ’ব দিবাস্বপ্ন৷ আনহাতে, যিসকলে অসমৰ ভৱিষ্যতৰ ৰাজনীতি কংগ্ৰেছৰ হাতত সুৰক্ষিত বুলি ভাবিছে, সেইসকলৰ দূৰদৃষ্টিহীনতাৰ বাবেই অসমৰ জনতাই যে জীয়াতু ভুগিব লাগিব  সেইটো নিশ্চিত৷