Logo
image

ৰাষ্ট্ৰক্ষমতাই তালিবানক জাতত তুলিলে

ৰাষ্ট্ৰযন্ত্ৰ, ৰাষ্ট্ৰক্ষমতা প্ৰয়োজন হ’লেই নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে নিলাজ আৰু নিষ্ঠুৰ হৈ পৰিব পাৰে৷ বিশেষ এটা সময়ত ৰাষ্ট্ৰক্ষমতাৰ অধিকাৰী হৈ থকা শাসকে নিজৰ শাসন নিষ্কণ্টক ৰূপত অক্ষুণ্ণ ৰাখিব বিচাৰে আৰু ক্ষমতাত বৰ্তি থকাই হৈ পৰে ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰথম, প্ৰধান আৰু একমাত্ৰ উদ্দেশ্য৷ ৰাজতন্ত্ৰ, ফেচিবাদী শাসন, কমিউনিষ্ট শাসন, সামৰিক  একনায়কত্ব সকলো শাসনৰ সময়ত নিষ্ঠুৰ আৰু নিলাজ হৈ পৰাৰ উদাহৰণ ইতিহাসৰ পাতত আছে৷ একমাত্ৰ গণতান্ত্ৰিক শাসনত ৰাষ্ট্ৰযন্ত্ৰ চূড়ান্তৰ ৰূপত নিষ্ঠুৰ আৰু নিলাজ হোৱাৰ ক্ষেত্ৰত কিছু প্ৰতিৰোধৰ সন্মুখীন হয়৷

আফগানিস্তানত আমেৰিকাৰ সামৰিক শক্তিৰ জোৰত গঢ়ি উঠা আৰু বৰ্তি থকা তথাকথিত গণতান্ত্ৰিক চৰকাৰৰ পতন ঘটিল৷ আমেৰিকাই যেতিয়াই ঘোষণা কৰিছিল যে তেওঁলোকে আফগানিস্তানৰ পৰা সামৰিক বাহিনী উলিয়াই আনিব, তেতিয়াই এই কথা  প্ৰায় নিশ্চিত হৈছিল যে আমেৰিকাৰ সৈন্যৰ জোৰত বৰ্তি থকা, দুৰ্নীতিগ্ৰস্ত তথাকথিত গণতান্ত্ৰিক চৰকাৰে আমেৰিকান সৈন্যৰ সহায় অবিহনে তালিবানৰ বিৰুদ্ধে যুঁজি নিজকে ৰক্ষা কৰিব নোৱাৰিব৷ কিন্তু ইমান সোনকালে আফগান চৰকাৰে পলাই ফাট মাৰিব, সেই কথা আনকি স্বয়ং তালিবানেই সপোনতো ভবা নাছিল৷ সামান্যতমো প্ৰতিৰোধৰ সন্মুখীন নোহোৱাকৈ তালিবান আহি কাবুলৰ ৰাষ্ট্ৰপতি ভৱনত সোমালহি৷ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে দেশ এৰি পলাইছিল৷ 

তালিবানে ঘোষণা কৰিছে তেওঁলোকে আফগানিস্তানত ‘ইছলামিক এমিৰেটছ অৱ আফগানিস্তান’ প্ৰতিষ্ঠা কৰিব৷ মধ্যযুগীয় শ্বৰিয়া আইনৰ এক অতি কট্টৰ সংস্কৰণত তালিবানে বিশ্বাস কৰে৷ গণতন্ত্ৰ, নাৰী অধিকাৰ আদি  আধুনিক ধাৰণাৰ তালিবান বিৰোধী৷ ইয়াৰ আগৰবাৰ ক্ষমতা দখল কৰোঁতে তালিবানে আফগানিস্তানক মধ্যযুগীয় বৰ্বৰতালৈ ওভতাই লৈ গৈছিল৷ সেই স্মৃতি আফগানবাসীৰ বিশেষকৈ আফগান নাৰীৰ মনত এতিয়াও সজীৱ হৈ আছে৷ ১৯৭৯ চনত ছোভিয়েট ৰাছিয়াই আফগানিস্তানলৈ সৈন্য পঠোৱাৰ পৰা যোৱা প্ৰায় আধা শতিকাজুৰি আফগানিস্তানলৈ কেতিয়াও স্থায়ী শান্তিৰ পৰিৱেশ উভতি অহা নাই৷ এতিয়া আকৌ এবাৰ আফগানিস্তানত ভীষণ অস্তিৰতা আৰু অনিশ্চয়তাই বিৰাজ কৰিছে৷ অসংখ্য আফগান লোক নিজৰ দেশ এৰি যাবলৈ উদ্যত হৈ আছে৷ ইতিমধ্যে শেষজন আমেৰিকাৰ সৈন্যই আফগানিস্তান এৰি গুছি গৈছে৷ তালিবানে যুদ্ধজয় ঘোষণা কৰিছে কিন্তু ইতিমধ্যে পঞ্জচিৰকে ধৰি কিছুমান অঞ্চলত তালিবানৰ কৰ্তৃত্ব অমান্য কৰি স্থানীয় লোকে অস্ত্ৰ তুলি লৈছে৷ পুনৰ আফগানিস্তান গৃহযুদ্ধত বিধবস্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ এই কথা এতিয়া স্পষ্ট যে তালিবানে কাবুলত এখন চৰকাৰ প্ৰতিষ্ঠা কৰিব আৰু ‘ইছলামিক এমিৰেটছ অৱ আফগানিস্তান’ত তালিবানৰ কট্টৰ, মধ্যযুগীয় তথাকথিত ‘ইছলামিক’ শাসন প্ৰতিষ্ঠা হ’ব৷ তালিবানেও তেওঁলোকৰ অতীতৰ নৃশংস ভাবমূৰ্তি কিছু সংশোধন কৰিবলৈ চেষ্টা কৰিছে৷ ‘শ্বৰিয়া আইনৰ গণ্ডীৰ ভিতৰত’ নাৰীক অধিকাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছে৷ কিছুমানে এইটো তালিবাৰ ২.০ সংস্কৰণ বুলিও অভিহিত কৰিছে৷ এতিয়ালৈ তালিবানে আগৰবাৰৰ দৰে যধে-মধে যাকে-তাকে হত্যা কৰাৰ ভয়ানক খবৰ প্ৰকাশ হোৱা নাই৷ 

পাকিস্তান, চীন আৰু ৰাছিয়াই ইতিমধ্যে তালিবানৰ শাসনক, তালিবানৰ চৰকাৰক স্বীকৃতি প্ৰদান কৰিছে৷ আফগানিস্তান ত্যাগ কৰাৰ আগতেই আমেৰিকাৰ তালিবানৰ স’তে আলোচনা অনুষ্ঠিত হৈছিল৷ বহুতে সন্দেহ প্ৰকাশ কৰে যে আমেৰিকাই তালিবানৰ ক্ষমতা দখলৰ বাটত হেঙাৰ নহয় বুলি জনাই দিছিল নেকি? আৰু সেই কাৰণেই প্ৰায় বিনা প্ৰতিৰোধে তালিবানে আফগানিস্তান দখল কৰিব পাৰিলে নেকি? একোখন দেশৰ ইতিহাস সলনি কৰি দিয়া বহু সিদ্ধান্ত গোপনে গৃহিত হয় আৰু সেই সিদ্ধান্ত সদায় গোপনেই থাকি যায়৷ লাহে লাহে এই কথা স্পষ্ট হ’বলৈ আৰম্ভ কৰিছে যে এইবাৰৰ আফগানিস্তানৰ তালিবানৰ চৰকাৰক আগৰবাৰৰ তালিবানৰ চৰকাৰৰ দৰে সন্ত্ৰাসবাদীৰ চৰকাৰ বুলি পৃথিৱীৰ সৰহভাগ চৰকাৰেই গণ্য কৰা নাই৷ তালিবানে যদি তুলনামূলকভাৱে সুস্থিৰ প্ৰশাসন এটা গঢ়ি তুলিব পাৰে, তেনেহ’লে পৃথিৱীৰ বহু দেশে তালিবানৰ চৰকাৰক স্বীকৃতি প্ৰদান কৰিবলৈ আৰু তেওঁলোকৰ স’তে সম্পৰ্ক গঢ়ি তুলিবলৈ আগবাঢ়ি আহিব৷ তালিবানেও তেনে ইচ্ছা প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভাৰতৰ অধ্যক্ষতাত হোৱা বৈঠকত তালিবানক আফগানিস্তানৰ ‘ডি ফেক্টো’ শাসক বুলি মানি লৈছে৷ মাত্ৰ তেওঁলোকক ন্যায়িক বা আনুষ্ঠানিক অৰ্থাৎ ‘ডি জুৰি’ বৈধতা প্ৰদান কৰিবলৈহে এতিয়া বাকী৷ 

ভাৰতৰ বাবে বিভিন্ন কাৰণত আফগান চৰকাৰৰ স’তে সুসম্পৰ্ক ৰক্ষা কৰা জৰুৰী৷ কিন্তু চৰকাৰখন যেতিয়া তালিবানৰ হ’ব তেতিয়া ভাৰতে কি কৰিব? ইতিমধ্যে পাকিস্তান আৰু চীনে তালিবানৰ চৰকাৰক স্বীকৃতি দিছে৷ তালিবানেও ভাৰতৰ স’তে সু-সম্পৰ্ক ৰক্ষা কৰিবলৈ ইচ্ছুক বুলি মত প্ৰকাশ কৰিছে৷ তালিবান চৰকাৰক ভাৰতে স্বীকৃতি প্ৰদান নকৰিলে আৰু আফগানিস্তানৰ  স’তে ভাৰতে কোনোধৰণৰ কূটনৈতিক সম্পৰ্ক নাৰাখিলে ভাৰতে ইতিমধ্যে আফগানিস্তানত বিনিয়োগ কৰা ধন পানীত পৰিব আৰু ভৱিষ্যতে হ’ব পৰা লাভৰ পৰাও ভাৰত বঞ্চিত হ’ব৷ তদুপৰি আগৰ দৰে আফগানিস্তান যদি পাকিস্তানৰ ইছলামিক কট্টৰপন্থীৰ ঘাটিত পৰিণত হয়, তেতিয়াও সি ভাৰতৰ বাবে নিৰাপত্তাৰ দিশত প্ৰচুৰ ভাবুকিৰ সৃষ্টি কৰিব৷ আমেৰিকাৰ লগতে পশ্চিমীয়া উন্নত দেশবোৰে যদি তালিবানৰ চৰকাৰক চৰ্তসাপেক্ষে স্বীকৃতি প্ৰদান কৰে, তেতিয়া ভাৰত অকলশৰীয়া হৈ পৰাৰ সম্ভাৱনা থাকিব৷ আফগানিস্তানৰ পৰিস্থিতিয়ে ভাৰতৰ বাবে প্ৰবল প্ৰত্যাহ্বান কঢ়িয়াই আনিছে৷ অদূৰ ভৱিষ্যতে ভাৰতে তালিবান চৰকাৰ সন্দৰ্ভত এক সিদ্ধান্তত উপনীত হ’ব লাগিব৷ 

ক্ষমতাই সকলো শুদ্ধ আৰু ন্যায্য কৰি তোলে৷ ভয়ংকৰ সন্ত্ৰাসবাদী তালিবানে ৰাষ্ট্ৰক্ষমতা দখল কৰাৰ লগে লগে জাতত উঠিল৷ তেওঁলোকৰ সকলো দোষৰ ওপৰত আঁৰকাপোৰ পৰিল৷ পৃথিৱীৰ আন ৰাষ্ট্ৰই কেৱল নিজৰ স্বাৰ্থৰ অংক কৰি তালিবানৰ স’তে সম্পৰ্ক গঢ়িব৷ ভাৰতেও তেনে কৰাৰ বাদে গত্যন্তৰ নাই৷ ৰাষ্ট্ৰসংঘৰ মজিয়াত পৃথিৱীৰ ৰাষ্ট্ৰবোৰে একগোট হৈ তালিবানৰ চৰকাৰক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত কিছু চৰ্ত বান্ধি দিব পাৰে৷ সন্ত্ৰাসবাদী কাৰ্যকলাপ সম্পূৰ্ণ বিসৰ্জন দিলেহে, মানৱাধিকাৰক সন্মান জনালেহে পৃথিৱীৰ দেশসমূহে তালিবানৰ চৰকাৰক স্বীকৃতি দিব লাগে৷